চিডিএছৰ হেলিকপ্টাৰ দুর্ঘটনাৰ পাছৰ প্রশ্নসমূহ
দেশৰ প্রতিৰক্ষা বাহিনীৰ মুৰব্বী অর্থাৎ, চীফ অফ ডিফেন্স ষ্টাফ চমুকৈ চিডিএছ জেনেৰেল বিপিন ৰাৱাটৰ বুধবাৰে হেলিকপ্ঢাৰ দুর্ঘটনা হৈ মৃত্যু হোৱাৰ পাছত এতিয়া বহু প্রশ্নৰ অৱতাৰণা হৈছে৷ বুধবাৰে তামিলনাডুৰ কুন্নুৰৰ নীলগিৰি পাহাৰত জেনেৰেল ৰাৱাট উঠি যোৱা হেলিকপ্টাৰখনৰ আকাশমার্গতে ভয়ংকৰ যান্ত্রিক বিজুতি ঘটি দুর্ঘটনাত পতিত হয়৷ এই দুর্ঘটনাত প্রতিৰক্ষা বাহিনীৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱাটসহ ১৩গৰাকী যাত্রীৰ থিতাতে কৰুণ মৃত্যু হয়৷ উল্লেখ্য যে দেশৰ প্রথমগৰাকী চিডিএছ ৰাৱাটৰ পত্নীৰো এই দুর্ঘটনাত সকৰুণ মৃত্যু ঘটে৷ চিডিএছগৰাকীয়ে কইম্বাটুৰৰ চুলুৰৰ বায়ুসেনাৰ ঘাটিৰ পৰা ৱেলিংটন ডিফেন্স ষ্টাফ কলেজলৈ গৈ থকা অৱস্থাত দিনৰ ১২.২০ বজাত নীলগিৰি পাহাৰৰ মাজত দুর্ঘটনাত পতিত হয়৷ উল্লেখ্য যে জেনেৰেল ৰাৱাটে ব্যৱহাৰ কৰা হেলিকপ্টাৰখন আছিল বিশ্বৰ অন্যতম উন্নত প্রযুক্তিসম্পন্ন হেলিকপ্টাৰ এম আই–১৭–ভি–৫৷ এই হেলিকপ্টাৰখনেৰে বিভিন্ন দেশৰ ৰাষ্ট্রপতি–প্রধানম আদি দেশৰ মুৰব্বীসকলেও ভ্রমণ কৰে৷ ২০১২ চনত ৰাছিয়াত নির্মিত এই অত্যাধুনিক হেলিকপ্টাৰখন ভাৰতীয় বায়ুসেনাত অন্তর্ভুক্ত হয়৷ নির্মাতা সংস্থা কাজান হেলিকপ্ঢাৰৰ তথ্য অনুসৰি এই হেলিকপ্টাৰখনে ঘণ্টাত ২৫০ কিলোমিটাৰ বেগত উৰিব পাৰে আৰু ভূপৃষ্ঠৰ পৰা ৬ হাজাৰ মিটাৰ উচ্চতাত সর্বোচ্চ গতিত পৰিবহণ কৰিব পাৰে৷ যুদ্ধত ব্যৱহাৰ হোৱা এই হেলিকপ্টাৰখনত সংযুক্ত হৈ আছে প্রতিৰক্ষাৰ সকলো ধৰণৰ অত্যাধুনিক প্রযুক্তি৷ ইয়াৰ উপৰি হেলিকপ্টাৰখনত ৬টা এম ভি মিছাইল, এছ ৮ ৰকেট, ২৩ এম এম মেচিনগান, পিকেট মেচিনগান আৰু এ কে ছাব মেচিনগান সংযুক্ত হৈ থাকে৷ যিকোনো সময়তে হেলিকপ্টাৰখনে অগ্ণিনির্বাপক সমর্থন কৰিব পাৰে বুলিও নির্মাতা কোম্পানীৰ তথ্যত প্রকাশ৷ এনে অত্যাধুনিক প্রযুক্তিৰ হেলিকপ্টাৰ এখন দেশৰ প্রতিৰক্ষা বাহিনীৰ মুৰব্বীগৰাকীক লৈ গৈ থকা অৱস্থাত কিদৰে দুর্ঘটনাত পতিত হ’ল তাক লৈ এতিয়া বিভিন্ন ধৰণৰ প্রশ্ন উত্থাপিত হৈছে৷ বিভিন্ন বায়ুসেনাৰ প্রযুক্তি বিশেষজ্ঞ তথা প্রতিৰক্ষা বিশেষজ্ঞই এই সন্দর্ভত বিশ্লেষণ আগবঢ়াইছে৷ কিন্তু সাধাৰণ নাগৰিক হিচাপে সকলোৰে মনত এটাই প্রশ্ণ যে দেশৰ তিনিটাকৈ প্রতিৰক্ষা বাহিনীৰ মুৰব্বীজনৰ হেলিকপ্টাৰ যাত্রাই যদি সুৰক্ষিত নহয়, তেন্তে সাধাৰণ নাগৰিক অথবা সাধাৰণ হেলিকপ্টাৰত পৰিবহণ কৰাৰ ক্ষেত্রত কি সুৰক্ষা থাকিব৷
প্রতিৰক্ষা বাহিনীৰ মুৰব্বীগৰাকীৰ হেলিকপ্টাৰ দুর্ঘটনাৰ পাছত এতিয়া দেশৰ সবাতোকৈ উন্নত প্রযুক্তিসম্পন্ন অত্যাধুনিক হেলিকপ্টাৰখন কিদৰে দুর্ঘটনাত পতিত হ’ল তাক লৈও সর্বত্র চর্চা অব্যাহত আছে৷ এইক্ষেত্রত উৰণৰ পূর্বে হেলিকপ্টাৰখন নিৰীক্ষণৰ ক্ষেত্রত কোনোধৰণৰ গাফিলতি আছিল নেকি সেয়াও এক বৃহৎ প্রশ্ন হৈ পৰিছে৷ স্বাভাৱিকতে এই হেলিকপ্ঢাৰ দুর্ঘটনা সন্দর্ভত প্রতিৰক্ষা মন্ত্রালয়ৰ তৰফৰ পৰা সবাতোকৈ উচ্চ পর্যায়ৰ তদন্ত সম্পন্ন হ’ব৷ এই তদন্তত নিশ্চিতভাৱে সকলো বিষয় পোহৰলৈ আহিব বুলি অনুমান কৰা হৈছে৷ কিন্তু এনেধৰণৰ দুর্ঘটনাত জেনেৰেল বিপিন ৰাৱাটৰ দৰে দেশৰ অখণ্ডতাৰ বাবে নিজৰ সর্বোচ্চ ত্যাগ স্বীকাৰ কৰা দেশপ্রেমিক সেনা বিষয়াৰ মৃত্যু দেশৰ বাবে বৃহৎ ক্ষতি হিচাপে বিবেচিত হৈছে৷ এনে ক্ষতি স্বাভাৱিকতে দেশৰ বাবে অপূৰণীয়৷ কিন্তু আকাশমার্গত গৈ থকা অৱস্থাত বায়ুসেনাৰ সবাতোকৈ নিৰাপদ, বহু পৰিচিত হেলিকপ্টাৰখনত জুই লগা বিষয়টোৱে বৃহৎ সাঁথৰৰ সৃষ্টি কৰিছে৷ অৱশ্যে প্রকৃতি আৰু নিয়তিৰ ওচৰত সকলোধৰণৰ প্রযুক্তিয়ে হাৰ মানিবলৈ বাধ্য৷ সেয়া আমি ক’ৰোনা কালৰ ভয়াৱহ দিনবোৰৰ পৰা জেনেৰেল বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুর্ঘটনালৈকে অসহায়ভাৱে প্রত্যক্ষ কৰা চৰম সত্য৷ প্রকৃতি আৰু নিয়তিয়ে যি নিয়ন্ত্রণ কৰে তাক বাধা দিব পৰা অত্যাধুনিক প্রযুক্তিক মানৱ জাতিয়ে আৱিষ্কাৰ কৰিব নোৱাৰালৈকে আমি এনে ঘটনাসমূহক নিয়তিৰ কৰুণ পৰিহাস বুলি স্বীকাৰ কৰি লোৱাৰ বাহিৰে আন গত্যন্তৰ নাথাকিব৷ জেনেৰেল বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুর্ঘটনাৰ পাছত এনে চিন্তাৰেই সকলোৱে সাত্ব্ন্না লভিছে যদিও ঘটনাটোৰ তদন্তত সকলো বিষয় পৰিষ্কাৰ হৈ উঠিব বুলি সকলোৱে আশা কৰিছে৷