নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যানমাৰত গণতন্ত্রৰ আৱশ্যক

গণতন্ত্রৰ বাবে এটা ক’লা দিনৰ সৃষ্টি কৰি ম্যানমাৰৰ শাসন ক্ষমতা পুনৰ সেনাৰ হাতলৈ গুচি গ’ল৷ গণতান্ত্রিকভাৱে নির্বাচিত প্রতিনিধিক ক্ষমতাচ্যুত কৰি সেনাই পুনৰবাৰ ভাৰতৰ প্রতিৱেশী ৰাষ্ট্রখনক অন্ধকাৰ ভৱিষ্যতলৈ ঠেলি দিলে৷ সুদীর্ঘ কাল ধৰি সেনাৰ শাসনত থকা ৰাষ্ট্রখনৰ জনসাধাৰণে ভালদৰে গণতন্ত্রৰ সোৱাদ লাভ কৰিবলৈ নৌপাওঁতেই ঘটনাটো ঘটিল৷ লক্ষণীয় কথাটো হ’ল সেনাৰ অভ্যুত্থানৰ বিপক্ষে এছিয়াৰ ৰাষ্ট্রসমূহ যিমান সৰৱ হ’ব লাগিছিল, এতিয়ালৈকে সেয়া পৰিলক্ষিত হোৱা নাই৷ ইয়াৰ বিপৰীতে পশ্চিমীয়া ৰাষ্ট্রৰ ফালৰ পৰাহে প্রতিবাদ অধিক ৰূপত সাব্যস্ত হৈছে৷ আনকি দেশখনৰ বিৰুদ্ধে আর্থিক নিষেধাজ্ঞা আৰোপ কৰাৰো চিন্তা–চর্চা চলিছে৷ এই সকলোবোৰ কৰা হৈছে দেশখনলৈ গণতান্ত্রিক শাসন ব্যৱস্থা ওভতাই অনাৰ স্বার্থত৷ সন্দেহ নাই, বিশ্বত এই মুহূর্তত চলি থকা সকলো শাসন ব্যৱস্থাৰ উত্তম ব্যৱস্থাটোৱেই হৈছে গণতন্ত্র৷ ইয়াৰ ৰক্ষণা–বেক্ষণ তথা উত্তৰণৰ দায়িত্বৰ পৰা বিশ্বৰ গণতন্ত্রপ্রেমী ৰাষ্ট্রই কেতিয়াও নিজকে আঁতৰাই ৰাখিব নোৱাৰে৷ সেয়ে এতিয়া বিশ্বজুৰি ম্যানমাৰলৈ গণতন্ত্র ওভতাই অনাৰ বাবে চলিছে ব্যাপক কুচকাৱাজ৷ দেশখনৰ সেনাই সদ্যসমাপ্ত নির্বাচনত আং ছান ছ্যু কী নেতৃত্বাধীন নেচনেল লীগ ফৰ ডেম’ক্রেচী (এন এল ডি)য়ে ব্যাপক হাৰত অনিয়মৰ আশ্রয় লোৱা বুলি অভিযোগ কৰি নির্বাচিত চৰকাৰখনক ক্ষমতাচ্যুত কৰে৷ দলটোৱে বিগত বর্ষৰ নৱেম্বৰত অনুষ্ঠিত সাধাৰণ নির্বাচনত আশী শতাংশৰো অধিক ভোট লাভ কৰিছিল৷ অৱশ্যে অনিয়মৰ অভিযোগটো প্রথমে আনিছিল দেশখনৰ প্রধান বিৰোধী দল ইউনাইটেড ছলিডাৰিটী এণ্ড ডেভেলপমেণ্ট পার্টী (ইউ এছ ডি পি)–এ৷ সেনাৰ সৈতে ঘনিষ্ঠ সম্পর্ক ৰক্ষা কৰি চলা ইউ এছ ডি পিৰ অভিযোগটোকেই অজুহাত হিচাপে লৈ সেনাই এবছৰৰ বাবে ৰাষ্ট্রখনৰ শাসন ক্ষমতা নিজৰ হাতলৈ আনে৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে ম্যানমাৰক সামৰিক শাসন নতুন কথা নহয়৷ আন্তঃৰাষ্ট্রীয় হেঁচাক একাষৰীয়া কৰি দেশখনত বছৰ বছৰ ধৰি সেনাই শাসন চলাইছিল৷ সামৰিক প্রশাসনে গণতন্ত্র প্রতিষ্ঠাৰ সংগ্রামৰ নেত্রী আং ছান ছ্যু কীক প্রায় ডেৰ দশক কাৰাগাৰত বন্দী কৰি থৈছিল৷
ম্যানমাৰত সেনাৰ অভ্যুত্থানৰ আঁৰত চীনৰ হাত থকা বুলি ইতিমধ্যে চর্চা আৰম্ভ হৈছে৷ দেশখনৰ ম্যানমাৰত কর্মৰত ৰাষ্ট্রদূতজনক সেনাপ্রধানে সাক্ষাৎ কৰাৰ পাছতে সামৰিক অভ্যুত্থান হৈছে৷ খবৰ ওলাইছে যে ম্যানমাৰৰ সেনাপ্রধানক চীন চৰকাৰৰ তৰফৰ পৰা কিছু প্রতিশ্রুতি দিয়া হৈছে৷ বিশেষকৈ সামৰিক অভ্যুত্থানৰ পাছত আর্থিক প্রতিবন্ধকৰ সন্মুখীন হ’লে চীনে ম্যানমাৰক সহায় কৰিব, ৰাষ্ট্রসংঘৰ সুৰক্ষা পৰিষদত চীনে ম্যানমাৰৰ পক্ষত অৱস্থান কৰিব আদি৷ তাৰ পাছতে ম্যানমাৰত সেনা অভ্যুত্থান ঘটে৷ কথাবোৰৰ সত্যতাক প্রতিপন্ন কৰিবলৈ টান৷ সমাগত দিনত চীনৰ ভূমিকাই ইয়াক স্পষ্ট কৰিব৷ কিন্তু প্রতিৱেশী ৰাষ্ট্র হিচাপে ম্যানমাৰত সুস্থিৰ ৰাজনৈতিক ব্যৱস্থা বাহাল থকা, গণতন্ত্রৰ ক্ষতি নোহোৱাটো ভাৰতবর্ষই চিৰদিনে কামনা কৰি আহিছে৷ এইবাৰো ম্যানমাৰত গণতন্ত্র প্রতিষ্ঠাত ভাৰতে গুৰুত্বপূর্ণ ভূমিকা ল’ব লাগিব৷ দেশখনৰ সৈতে ভাৰতবর্ষৰ প্রায় ১৪০০ কিলোমিটাৰ সীমা যুক্ত হৈ আছে৷ সীমান্তৰ সেই অংশটোৰে ভাৰতবর্ষলৈ সন্ত্রাসবাদী, অত্যাধুনিক মাৰণাস্ত্র, ড্রাগছ আদিৰ সৰবৰাহ হয়৷ দেশখনত গণতান্ত্রিক চৰকাৰখন থাকোঁতে সেইবোৰৰ নিয়ন্ত্রণ তথা মষিমূৰ কৰাৰ ক্ষেত্রত ম্যানমাৰৰ পৰা যথেষ্ট সহায়–সহযোগিতা পাইছিল৷ শেহতীয়াকৈ উত্তৰ–পূবত উগ্রপন্থীৰ সমস্যা হ্রাস পোৱাটোৰ সেয়াও এটা কাৰণ৷ কিন্তু দেশখন সামৰিক বাহিনীৰ শাসনৰ অধীনত থাকিলে ভাৰতৰ বাবে বিপৰীত পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে৷ কাৰণ সেনাৰ সৈতে চীন প্রশাসনৰ সহযোগিতা থাকিব পাৰে৷ সেয়া ভাৰতবর্ষক দৰকাৰ ম্যনমাৰত শীঘ্রেই গণতন্ত্র উভতি অহাটো৷ বিশ্ব সমাজৰ সৈতে ভাৰতে কান্ধত কান্ধ মিলাই ম্যানমাৰত অতি সোনকালে গণতন্ত্র উভতি আহিব পাৰে৷

You might also like