বহু প্রতীক্ষিত ৰায়
মহিলাক আইন মতে সম অধিকাৰ প্রদানৰ বাবে আন এক সবল পদক্ষেপ গ্রহণ কৰি উচ্চতম ন্যায়ালয়ে হিন্দু মহিলাক পৈত্রিক সম্পত্তিৰ সমান অধিকাৰ প্রদান কৰিলে৷ ২০০৫ চনতে হিন্দু উত্তৰাধিকাৰ (সংশোধনী) আইনৰ জৰিয়তে মহিলাক পৈত্রিক সম্পত্তিৰ সমান অধিকাৰ দিয়া হৈছিল যদিও গোটেই বিষয়টো আইনী মেৰপেচৰ মাজত সোমাই পৰিছিল৷ পিতৃৰ বিয়োগ ঘটিলে এগৰাকী মহিলাক কোনে সম্পত্তিৰ অধিকাৰ প্রদান কৰিব বা তেওঁ পিতৃৰ বিয়োগৰ পিছত এই অধিকাৰ পাবনে নাই, তাক লৈ দেশৰ সর্বোচ্চ ন্যায়ালয়ৰ বেলেগ বেলেগ বিচাৰপীঠে ভিন্ন মত পোষণ কৰি আহিছিল৷ কেইবাখনো উচ্চ ন্যায়ালয়তো এই সম্পর্কীয় গোচৰৰ ভিন্ন ৰায় প্রদান কৰা হৈছিল৷ ইয়াৰ পৰিপ্রেক্ষিততে উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠ গঠন কৰি এই বিবাদৰ চূড়ান্ত নিষ্পত্তিৰ পদক্ষেপ গ্রহণৰ প্রয়োজনীয়তা আহি পৰিছিল৷ অৱশেষত ন্যায়াধীশ অৰুণ মিশ্র, এছ নাজিৰ আৰু এম আৰ শ্বাহৰ বিচাৰপীঠে এই বহু প্রতীক্ষিত ৰায় দিয়ে যে উপৰিউক্ত আইনখন সংশোধন হোৱাৰ পূর্বেই পিতৃৰ মৃত্যু হ’লেও কন্যাই পৈত্রিক সম্পত্তিৰ সম অধিকাৰ লাভ কৰিব৷ সেইদৰে সংশোধনী আইনখনৰ পূর্বে মহিলাগৰাকীৰ জন্ম হ’লেও তেওঁৰ এই অধিকাৰ থাকিব৷ তদুপৰি মহিলাগৰাকীৰ কন্যাৰ মৃত্যু ঘটিলে তেওঁৰ সতি–সন্ততিয়ে সম্পত্তিৰ ভাগ পাব বুলি তিনিজনীয়া বিচাৰপীঠে ৰায়দানত স্পষ্ট কৰি দিয়ে৷ উচ্চতম ন্যায়ালয়ৰ ৰায়ে পৈত্রিক সম্পত্তিৰ ওপৰত কন্যাৰ তুলনাত পুত্রৰ অধিকাৰ অধিকাৰৰ ব্যৱস্থা আইনমতে গ্রহণযোগ্য নহয় বুলি স্পষ্ট কৰিছে৷ সংবিধান প্রণয়ন হোৱাৰ পিছত এইপর্যন্ত কেইবাবাৰো হিন্দু উত্তৰাধিকাৰ আইনৰ সংশোধন ঘটোৱা হৈছে৷ কিন্তু কোনো এটা সংশোধনীতে ২০০৫ চন পর্যন্ত মহিলাক সমান অধিকাৰ দিয়াৰ ব্যৱস্থা কৰা হোৱা নাছিল৷ সংসদত গৃহীত হোৱাৰ পিছতো প্রচলিত সমাজ ব্যৱস্থাৰ বাবেই ইয়াক ৰূপায়ণ কৰাটো সম্ভৱ হোৱা নাছিল৷ উচ্চতম ন্যায়ালয়ে এই প্রতিবন্ধকতা দূৰ কৰিলে এই ঐতিহাসিক ৰায়যোগে৷ বিয়াৰ পিছতো এগৰাকী মহিলাৰ পৈত্রিক সম্পত্তিৰ ওপৰত অধিকাৰ আইনমতে অক্ষুণ্ণ থাকিব বুলি বিচাৰপীঠে স্পষ্ট কৰি দিয়ে৷
এটা কথা ঠিক যে কেৱল আইন সংশোধনৰ জৰিয়তে মহিলাৰ সম অধিকাৰ সুনিশ্চিত কৰিব নোৱাৰি৷ মহিলাৰ অধিকাৰ আৰু সুৰক্ষাৰ ক্ষেত্রত বিগত কেইটামান বছৰত চৰকাৰে কেইবাখনো নতুন আইন প্রণয়ন কৰিছে৷ কিন্তু সমাজ ব্যৱস্থাত নাৰীৰ পদমর্যাদা বা সুৰক্ষাৰ ক্ষেত্রত এই আইনী পদক্ষেপসমূহৰ আশানুৰূপ ৰূপায়ণ পৰিলক্ষিত হোৱা নাই৷ নাৰীৰ সুৰক্ষাৰ লক্ষ্যৰে কঠোৰতম আইন প্রণয়ন কৰাৰ পিছতো দেশত নাৰী নির্যাতন, ধর্ষণ আদি ঘটনা হ্রাস নোপোৱাটোৱেই এই কথা প্রমাণ কৰে যে সমাজক সলনি কৰিবলৈ মানুহৰ মানসিকতা সলনি হ’বই লাগিব৷ তথাপি নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবেই আইন লাগিবই৷ পৈত্রিক সম্পত্তিৰ ওপৰত সম অধিকাৰ সাব্যস্ত কৰিবলৈ নাৰীক এই সুবিধা দিলে দেশৰ সর্বোচ্চ ন্যায়ালয়ে৷ দেশৰ প্রতিগৰাকী নাৰীয়ে যাতে আইনৰ এই ব্যৱস্থাৰ বিষয়ে অৱগত হয় তাৰ বাবে প্রতিজন সচেতন নাগৰিক, সামাজিক মঞ্চ, দল–সংগঠন আৰু চৰকাৰে ব্যাপক প্রচাৰ অভিযান চলোৱা প্রয়োজন৷ চৰকাৰী বিজ্ঞাপনৰ জৰিয়তেও নাৰী সমাজক এই বিষয়ে সচেতন কৰি তোলাৰ প্রয়োজনীয়তা আছে৷ কাৰণ অপ্রিয় হ’লেও সত্য যে নিৰক্ষৰতা, অর্থনৈতিক দুর্বলতা আৰু সামাজিক ব্যাধিগ্রস্ততাৰ পৰিপ্রেক্ষিতত এনেধৰণৰ আইনী ব্যৱস্থা সম্পর্কে ভাৰতীয় সমাজৰ বুজনসংখ্যক নাৰীয়েই অৱগত নহয়৷ সেয়ে মহিলাৰ সমমর্যাদা নিশ্চিত কৰিবলৈ আইনী ব্যৱস্থাৰ লগতে প্রয়োজন হ’ব ৰাজনৈতিক ইচ্ছা, প্রশাসনীয় কার্যকুশলতা আৰু ব্যাপক সামাজিক সচেতনতাৰ প্রয়োজন৷ অন্যথা আইন প্রণয়ন হ’লেও বহু নাৰী সামাজিক ব্যাধিৰ বাবেই প্রাপ্য মর্যাদাৰ পৰা বঞ্চিত হৈ ৰ’ব৷