নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ বিৰুদ্ধে আমেৰিকাৰ মর্চা

বিশ্বৰ দ্বিতীয় আর্থিক মহাশক্তি চীনৰ আগ্রাসী নীতি বিশ্ব শান্তিৰ বাবে ক্রমশঃ ভাবুকিস্বৰূপ হৈ পৰিছে৷ দেশখনে সীমান্তত অৱস্থিত ৰাষ্ট্রসমূহৰ লগতে সাগৰ–মহাসাগৰৰ বুকুত নিজৰ অধিকাৰ তথা দাবী সাব্যস্ত কৰি এটাৰ পিছত এটাকৈ আন্তঃৰাষ্ট্রীয় সন্ধি ভংগ কৰি আহিছে৷ ইয়াৰে ফলত সীমান্তত থকা ৰাষ্ট্রসমূহৰ লগতেই নহয়, সুদূৰ ইউৰোপ, আমেৰিকাৰ সৈতেও দেশখনৰ ব্যৱধান বৃদ্ধি পাবলৈ ধৰিছে৷ বিশ্বৰ বুকুত চীনৰ পৰিচয় এখন বিপজ্জনক দেশৰ লেখীয়া হৈ পৰিছে৷ ভাৰতৰ সৈতে দেশখনৰ শেহতীয়া উত্তেজনাময় পৰিস্থিতিৰ বাবে বিশ্বৰ বিভিন্ন দেশে চীনকে জগৰীয়া কৰিবলৈ লৈছে৷ বেইজিঙৰ এনে ধৰণৰ আগ্রাসী আৰু সকলোকে ৰঙাচকু দেখুৱাই নিজৰ প্রভুত্ব সাব্যস্ত কৰিব বিচৰা নীতিৰ বাবেই দেশে দেশে চীনৰ বিৰোধিতা নতুন মাত্রা লাভ কৰিবলৈ ধৰিছে৷ ইয়াৰে শেহতীয়া উদাহৰণ আমেৰিকা৷ ড’নাল্ড ড্রাম্প প্রশাসনে এইবাৰ চীনক চাৰিওফালৰ পৰা ঘেৰিবলৈ এটা নতুন ৰণকৌশল হাতত লৈছে৷ দেওবাৰে যুক্তৰাষ্ট্রৰ এ এছ এ ৰবার্ট অ’ব্রায়ানে এটা গুৰুত্বপূর্ণ ঘোষণা কৰিছে৷ তেওঁ চীনৰ মনোভাবক অতি আক্রমণাত্মক বুলি আখ্যা দি বেইজিঙক নিয়ন্ত্রণৰ বাবে এটা মর্চা খোলাৰ প্রস্তাৱ দিছে৷ সেই মর্চাৰ অংশীদাৰ হিচাপে বাছি লোৱা হৈছে ভাৰত, অষ্ট্রেলিয়া আৰু জাপানক৷ আমেৰিকাৰ ৰাষ্ট্রীয় সুৰক্ষা উপদেষ্টাগৰাকীৰ মতে, ছেপ্ঢেম্বৰ আৰু অক্টোবৰত তিনিওখন দেশৰ আমোলাৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্রই আলোচনাত মিলিত হৈ চীনৰ আগ্রাসী নীতিৰ পৰা কিদৰে বিশ্বক সুৰক্ষিত কৰিব পৰা যায়, সেই বিষয়ে ৰণকৌশল যুগুতোৱা হ’ব৷ তেওঁ লগতে অৱশ্যে এইটো কথাও স্পষ্ট কৰি দিয়ে যে আমেৰিকাই ভালদৰেই জানে, চীনক কিদৰে কাবু কৰিব পাৰি৷ তেওঁৰ মতে, চাৰিওখন ৰাষ্ট্রই মিলি আর্থিক–সামৰিক আৰু কূটনৈতিক দিশত ৰণনীতি প্রস্তুত কৰি চীনৰে মোকাবিলা কৰিব৷ বিষয়টোক আমেৰিকা যুক্তৰাষ্ট্রই কিমান গুৰুত্বসহকাৰে লৈছে, তাক জুখিবলৈ এটা কথাই যথেষ্ট৷ এন এছ এ অ’ব্রায়ানে বিষয়া পর্যায়ৰ আলোচনাৰ পূর্বে আমেৰিকাৰ বিদেশ মন্ত্রী মাইক পম্পি’ই তিনিওখন দেশৰ বিদেশ মন্ত্রীৰ সৈতে আলোচনাত মিলিত হ’ব৷ আমেৰিকাৰ এই ৰণকৌশলত যদি ভাৰত, জাপান আৰু অষ্ট্রেলিয়া চামিল হয়, চীনৰ সন্মুখত এটা নতুন প্রত্যাহ্বান সৃষ্টি হোৱাৰ সম্ভাৱনা আছে৷ অৱশ্যে আন্তঃৰাষ্ট্রীয় নীতি, আন্তঃৰাষ্ট্রীয় আদালত–আইন নমনা চীনেও সহজে শিৰনত কৰাৰ সম্ভাৱনা নাই৷ যদি সেয়াই হয়, সমাগত দুই–তিনি মাহত বিশ্বই আন এটা উত্তেজনাময় পৰিৱেশৰ সন্মুখীন হ’ব লগাত পৰিব পাৰে৷
আমেৰিকাৰ সৈতে চীনৰ সংঘাত নতুন নহয়৷ বিশেষকৈ দক্ষিণ চীন সমুদ্রত চীনৰ আগ্রাসন বৃদ্ধি পোৱাৰ পাছৰে পৰা দুয়োখন দেশৰ সম্পর্কৰ লক্ষণীয়ভাৱে অৱনতি ঘটা পৰিলক্ষিত হৈছে৷ এইটো সর্বজনবিদিত যে আন্তঃৰাষ্ট্রীয় বাণিজ্যৰ ক্ষেত্রখনত দক্ষিণ চীন মহাসাগৰৰ গুৰুত্ব অপৰিসীম৷ চীনে তাত বাহৰ পাতি বহিলে আমেৰিকাকে ধৰি বিশ্বৰ বহু আর্থিক শক্তিৰ বাণিজ্যত কু–প্রভাৱ পৰিব৷ সেয়ে যেতিয়াই দক্ষিণ চীন মহাসাগৰত চীনে কোনো তৎপৰতা দেখুৱায়, প্রথমে আমেৰিকা যুক্তৰাষ্ট্র সন্মুখলৈ আহে৷ এইবাৰো মূলতঃ দক্ষিণ চীন সাগৰক কেন্দ্র কৰিয়েই আমেৰিকাই এই ৰণকৌশল হাতত লৈছে৷ ৰবার্ট অ’ব্রায়ানৰ বক্তব্যতো ইয়াৰ স্পষ্ট প্রতিফলন ঘটিছে৷ তেওঁ কয় যে পৃথিৱীৰ কোনো দেশে সমুদ্রক নিজৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিব নোৱাৰে৷ সামুদ্রিক পথেৰে আহ–যাহত বাধা দিব নোৱাৰে৷ যিটো আকাশী পথৰ ক্ষেত্রত অনুসৰণ কৰা হয়৷ আনহাতে, দক্ষিণ চীন সাগৰৰ সৈতে অষ্ট্রেলিয়াৰো স্বার্থ জডিত হৈ আছে৷ ভাৰত–জাপানৰো বাণিজ্যিক স্বার্থৰ কথা সম্পর্কিত হৈ আছে৷ এই প্রেক্ষাপটত তিনিওখন ৰাষ্ট্রৰ সৈতে চীনৰ বিৰুদ্ধে মর্চা এটা মুকলিৰ বাবে অনুকূল পৰিৱেশ এটা স্বাভাৱিকতে থাকে৷ তদুপৰি তিনিওখন দেশৰ সৈতে চীনৰ বৈৰিতাও পুৰণি৷ এতিয়া কথাটো হ’ল, এই মর্চা যদি কার্যকৰী হয়, তেন্তে বিশ্বৰ সামগ্রিক পৰিস্থিতিত ইয়াৰ প্রভাৱ কেনেকুৱা হ’ব? আমেৰিকা যুক্তৰাষ্ট্রই সুদীর্ঘ দিন ধৰি চীনৰ সৈতে বাণিজ্যিক, কূটনৈতিক যুঁজ এখন চলাই আহিছে৷ কিন্তু কাংক্ষিত ধৰণে ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ ইফালে, দেশখনত নির্বাচনৰ দিন চমু চাপি আহিছে৷ এই অৱস্থাত চীনৰ বিৰুদ্ধে প্রভাৱশালী ব্যৱস্থা গ্রহণ কৰিব পাৰিলে, দেশখনৰ জনসাধাৰণৰ ওচৰত ভোট ভিক্ষা কৰিবলৈ সুবিধা হয়৷ চীনে আমেৰিকাৰ এই কৌশলৰ কথা নিশ্চয় নুবুজাকৈ থকা নাই৷ তদুপৰি আমেৰিকাৰ এই প্রয়াসত ৰাছিয়াই চীনৰ সপক্ষে থিয় দিয়াৰ সম্ভাৱনা আছে৷ অর্থাৎ আমেৰিকাৰ এই পদক্ষেপে বিশ্বৰ বুকুত আন ধৰণৰ ফলাফল আনি দিব পাৰে৷

You might also like