ট্রাম্পলৈ ক’ৰোনাৰ প্রত্যাহ্বান
বিশ্বৰ মহাপৰাক্রমী ৰাষ্ট্র আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ কাম–কাজে পুনৰ দেশখনত সৃষ্টি কৰিছে বিতর্ক৷ দীর্ঘদিন ধৰি ক’ভিড–১৯ মহামাৰী বা ক’ৰোনা ভাইৰাছৰ সংক্রমণ সন্দর্ভত বিতর্কিত মন্তব্য আগবঢ়াই অহা ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প নিজেই মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা সংক্রমিত হোৱাৰ পাছত আমেৰিকাজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷ ট্রাম্পে ক’ভিড মহামাৰী সন্দর্ভত সদায় তুচ্ছ–তাচ্ছিল্য কৰি আহিছিল৷ আনকি এই মাৰাত্মক ভাইৰাছবিধ সন্দর্ভত ৰাষ্ট্রপতি ট্রাম্পে সদায় টুলুঙা মন্তব্য আগবঢ়াই আমেৰিকাৰ সংবাদ মাধ্যমত সমালোচনাৰ সন্মুখীন হৈছিল৷ ট্রাম্পৰ মতে ক’ভিড–১৯ মহামাৰী বিশ্ববাসীৰ বাবে ভয়াৱহ নহয়৷ ৰাষ্ট্রপতিগৰাকীয়ে এই মহামাৰী বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰা ধৰণে বিপজ্জনক নহয় বুলিও মন্তব্য আগবঢ়াইছিল৷ বিশ্ব স্বাস্থ্য সংস্থাই ক’ভিড–১৯ প্রতিৰোধৰ বাবে বান্ধি দিয়া প্রট’কল ভংগ কৰি দীর্ঘদিন ধৰি মাস্ক পৰিধান নকৰাকৈ আছিল ড’নাল্ড ট্রাম্প৷ কিন্তু অৱশেষত ট্রাম্প এই ভাইৰাছবিধৰ দ্বাৰা সংক্রমিত হ’বলগীয়া হ’ল৷ অনুৰূপ ধৰণে লেটিন আমেৰিকাৰ ৰাষ্ট্র ব্রাজিলৰ ৰাষ্ট্রপতি জাইৰ বলছ’নাৰো ক’ভিডৰ দ্বাৰা আক্রান্ত হ’বলগীয়া হৈছে৷ ট্রাম্পৰ দৰে বলছ’নাৰৰো বক্তব্য আছিল যে ক’ভিড–১৯ মহামাৰী সাধাৰণ এক ফ্লু৷ বিশ্বজুৰি ইয়াক মহামাৰীৰ আখ্যা দিয়াটো অর্থহীন বুলি ঘোষণা কৰিছিল বলছ’নাৰোৱে৷ বিনাদ্বিধাই ৰাষ্ট্রপতিগৰাকীয়ে বিভিন্ন ৰাজহুৱা অনুষ্ঠানত অংশগ্রহণ কৰিছিল মাস্ক পৰিধান নকৰাকৈ৷ কিন্তু শেষত গৈ বলছ’নাৰোও ক’ভিড–১৯ৰ দ্বাৰা আক্রান্ত হ’বলগীয়া হৈছে৷ মহমাৰীত আক্রান্ত হোৱাৰ পাছত বলছ’নাৰোৱে মাস্ক পৰিধান কৰিছে৷ ট্রাম্পেও নিজৰ স্থিতি সলনি কৰি মাস্ক পৰিধান কৰিবলৈ বাধ্য হৈছে৷ তথাপি হাস্পতালত ক’ভিড–১৯ মহামাৰীৰ চিকিৎসা গ্রহণ কৰা ট্রাম্পে চাৰি দিন পাছত হোৱাইট হাউছলৈ উভতি অনুৰূপ ভুল কৰা পৰিলক্ষিত হৈছে৷ ক’ভিডমুক্ত নোহোৱাকৈ ট্রাম্পে হোৱাইট হাউছত মাস্ক খুলি ফটোৰ বাবে প’জ দিছে৷ লগে লগে আমেৰিকাজুৰি সৃষ্টি হৈছে প্রতিক্রিয়া৷ বিশ্বৰ মহাপৰাক্রমী ৰাষ্ট্রখনৰ শীর্ষ নেতাগৰাকীয়ে মহামাৰী সন্দর্ভত নিজৰ অজ্ঞতাৰ পৰিচয় দাঙি ধৰা বুলি মার্কিন সংবাদ মাধ্যমে কঠোৰ সমালোচনাও কৰিছে৷ এতিয়া প্রশ্ণ হৈছে– যিকোনো মাৰাত্মক ৰোগ বা মহামাৰী সন্দর্ভত ট্রাম্প বা বলছ’নাৰোৰ দৃষ্টিভংগী কি? দেশবাসীক সু–স্বাস্থ্য অক্ষত ৰখাৰ ক্ষেত্রত শীর্ষনেতা হিচাপে ট্রাম্পে কি পৰামর্শ আগবঢ়াব? সমগ্র বিশ্ব যেতিয়া ক’ভিড সংহাৰত আক্রান্ত হৈ আছে, তেতিয়া আমেৰিকাৰ দৰে দেশ এখনৰ ৰাষ্ট্রপতিগৰাকীয়ে কেনেদৰে মহামাৰীক লৈ এনে অবিবেচকী চিন্তাৰ পৰিচয় দাঙি ধৰিব পাৰে সেয়া বিচার্যৰ বিষয়৷ ট্রাম্পৰ নেতিবাচক দৃষ্টিভংগীৰ বাবেই আজি ক’ভিড আক্রান্ত দেশসমূহৰ তালিকাত আমেৰিকা আছে শীর্ষস্থানত৷ বিশ্বৰ ভিতৰত ক’ভিড মহামাৰীত প্রাণ হেৰুওৱা লোকৰ সংখ্যা আমেৰিকাতেই সর্বাধিক৷ তথাপি ট্রাম্পে বিশ্ব স্বাস্থ্য সংস্থাৰ ক’ভিড প্রট’কল বলৱৎ কৰা নাই দেশখনত৷
যি সময়ত লকডাউন, সামাজিক দূৰত্ব আদি বিশ্বৰ প্রতিখন দেশত বাধ্যতামূলক কৰা হৈছিল, সেই সময়তো আমেৰিকাত মুক্ত জীৱন যাপনত অনুমতি প্রদান কৰিছিল ট্রাম্পে৷ ইয়াৰ ফলত দেশখনৰ বিভিন্ন চহৰ ক’ভিড সংহাৰৰ বধ্যভূমিত পৰিণত হয়৷ প্রতিদিনে হাজাৰ হাজাৰ লোকে প্রাণ হেৰুৱাব লগা হয় ক’ভিড মহামাৰীত৷ একেই ঘটনাৰ প্রতিফলন ঘটে ব্রাজিলত৷ লেটিন আমেৰিকাৰ সর্ববৃহৎ দেশখনৰ শীর্ষ নেতাগৰাকীয়ে ক’ভিড মহামাৰী সন্দর্ভত গ্রহণ কৰা নেতিবাচক ভূমিকাৰ বাবেই অতি কম দিনৰ ভিতৰতেই কেইবা লাখ লোক এই ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হয়৷ আমাজান অৰণ্যত বৃহৎ অঞ্চল ক’ভিড আক্রান্ত হৈ প্রাণ হেৰুওৱা লোকৰ সমাধি ক্ষেত্র হিচাপে গ্রহণ কৰিবলগীয়া হয় ৰাষ্ট্রপতিগৰাকীয়ে৷ তৎসত্ত্বেও ভয়ংকৰ এই মহামাৰীক ট্রাম্প বা বলছ’নাৰোৱে সাধাৰণ জ্বৰ আখ্যা দি দেশবাসীক বিভ্রান্ত কৰিবলৈ প্রচেষ্টা চলাই আছে৷ এতিয়া মূল প্রশ্ণটো হৈছে বিশ্বজুৰি সংহাৰ সৃষ্টি কৰা এই মহামাৰী সন্দর্ভত শীর্ষ নেতা হিচাপে ট্রাম্প বা বলছ’নাৰোৱে বাস্তৱ পৰিস্থিতিক অধ্যয়ন কৰিবলৈ সক্ষম হ’ব কেতিয়া৷ ট্রাম্পৰ বাবে আৰু এক অগ্ণিপৰীক্ষা আহি আছে আগন্তুক ৩ নৱেম্বৰত৷ দেশখনত ৩ নৱেম্বৰত অনুষ্ঠিত হ’ব ৰাষ্ট্রপতি নির্বাচন৷ দ্বিতীয়টো কার্যকালৰ বাবে ট্রাম্পে ইতিমধ্যে প্রচাৰ তীব্রতৰ কৰিছে৷ কিন্তু আমেৰিকাবাসী পতিয়ন যাব পৰাকৈ কোনো এটা বিষয়তে প্রভাৱ সৃষ্টি কৰিব পৰা নাই ৰাষ্ট্রপতিগৰাকীয়ে৷ ইয়াৰ বিপৰীতে ডেম’ক্রেটিক প্রার্থী জ’ বিডেনে ট্রাম্পৰ স্বাস্থ্য নীতি সন্দর্ভত আমেৰিকাজুৰি কঠোৰ সমালোচনা আগবঢ়াইছে৷ গতিকে ক’ভিড মহামাৰী ট্রাম্পৰ বাবে ৰাষ্ট্রপতি নির্বাচনত এক মোক্ষম আঘাত হিচাপে চিহ্ণিত হোৱাৰ সম্ভাৱনা প্রবল হৈ উঠিছে৷