নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনী উত্তাপ

ৰাজ্যৰ প্রাক্নির্বাচনী প্রেক্ষাপট ক্রমাৎ আকর্ষণীয় হৈ পৰিছে৷ যোৱা ২৬ ফেব্রুৱাৰীত নির্বাচন আয়োগে পশ্চিমবংগ, তামিলনাডু, কেৰালা আৰু পুডুচেৰীৰ লগতে অসম বিধানসভা নির্বাচনৰ সময়সূচী ঘোষণা কৰাৰ পাছতে শাসক–বিৰোধী উভয় শিবিৰেই অধিক তৎপৰ হৈ পৰে৷ পুনৰ দিছপুৰ দখলত ৰখাৰ লক্ষ্যৰে বিজেপি নেতৃত্বাধীন মিত্রজোঁটে নির্বাচনৰ দিন ঘোষণা কৰাৰ পূর্বৰে পৰা ৰণডংকা অব্যাহত ৰাখিছিল৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু বিজেপিৰ কেইবাজনো ৰাষ্ট্রীয় নেতাই একাধিকবাৰ অসম ভ্রমণ কৰিছে৷ সেইদৰে কংগ্রেছৰ নেতৃত্বত গঠন হোৱা বিৰোধী মহাজোঁটেও বিজেপিক এইবাৰৰ নির্বাচনত প্রতিহত কৰাৰ উদ্দেশ্যে যুগুত কৰিছে ৰণকৌশল৷ মুঠৰ ওপৰত সম্প্রতি নির্বাচনকেন্দ্রিক ব্যস্ততাই ৰাজ্যৰ ৰাজনীতিক তল–ওপৰ কৰি ৰাখিছে৷ বিগত ২০১৬ চনৰ বিধানসভা নির্বাচনত ৰাজ্যৰ ক্ষমতা দখল কৰা মিত্রজোঁটৰ অন্যতম সংগী আছিল হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ৷ কিন্তু এইবাৰ মিত্রজোঁটত পট পৰিৱর্তন ঘটিছে৷ শেহতীয়া বিটিচি নির্বাচনৰ সময়ৰে পৰা বিজেপি–বি পি এফৰ সম্পর্কৰ অৱনতি ঘটিছিল৷ তাৰ সূত্র ধৰিয়েই হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফে মিত্রজোঁটৰে সম্পর্ক ছেদ কৰাৰ বিপৰীতে চামিল হৈছে বিৰোধী মহাজোঁটত৷ মিত্রজোঁটত বি পি এফৰ স্থলাভিষিক্ত হৈছে বিটিচিৰ বর্তমানৰ শাসকীয় ইউ পি পি এল৷ বড়োভূমিৰ প্রধান ৰাজনৈতিক দল দুটাৰ মিত্রজোঁট–মহাজোঁট যোগদান এইবাৰৰ নির্বাচনত এক তাৎপর্যপূর্ণ দিশ ৰূপে পৰিগণিত হৈছে৷ নির্বাচনৰ প্রতি লক্ষ্য ৰাখি ইতিমধ্যে কেইবাটাও ৰাজনৈতিক দলে আংশিক প্রার্থী তালিকা ঘোষণা কৰিছে৷ বিশেষকৈ মিত্রজোঁটক নেতৃত্ব দিয়া বিজেপিয়ে যোৱা শুকুৰবাৰে ৭০জনীয়া প্রথমখন প্রার্থীৰ তালিকা ঘোষণা কৰাৰ বিপৰীতে শনিবাৰে কংগ্রেছে ঘোষণা কৰে তেওঁলোকৰ ৪০জনীয়া এখন প্রার্থী তালিকা৷ একেদৰে এইবাৰ নতুনকৈ আত্মপ্রকাশ কৰা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলেও তেওঁলোকৰ প্রার্থী তালিকা ঘোষণা কৰিছে৷ প্রধানতঃ প্রার্থী তালিকা ঘোষণা কৰাৰ লগে লগে নির্বাচনী উত্তাপ দুগুণে বৃদ্ধি পাইছে সংশ্লিষ্ট ৰাজনৈতিক দলৰ নেতা–কর্মীসকলৰ মাজত৷
ক্ষমতা হস্তগত কৰাৰ সমীকৰণ অব্যাহত থকাৰ মাজতে প্রার্থিত্ব–মিত্রদলৰ্ আসন বুজাবুজিক কেন্দ্র কৰি শাসক–বিৰোধী উভয় শিবিৰতে উদ্ভৱ হৈছে মুকলি বিদ্রোহ৷ বিজেপিয়ে ঘোষণা কৰা ৭০জনীয়া তালিকাখনত এজন কেবিনেট মন্ত্রী আৰু ১০জনকৈ বিধায়কৰ নাম কর্তন কৰা হৈছে৷ সেইদৰে কংগ্রেছেও প্রথমখন তালিকাতে টিকটৰ পৰা বঞ্চিত কৰিছে চাৰিজনকৈ প্রাক্তন মন্ত্রীক৷ আসন বুজাবুজিৰ সমীকৰণৰ বাবেই দীর্ঘদিন ধৰি বিধানসভাত প্রতিনিধিত্ব কৰি অহা বঢ়মপুৰ সমষ্টিৰ পৰা এইবাৰ অগপৰ টিকট নাপালে প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই৷ এনেদৰে টিকট লাভৰ পৰা বঞ্চিত তথা সমষ্টি হেৰুৱাবলগীয়া হোৱা বহুতে নির্বাচনৰ প্রাক্ক্ষণত নিশাটোৰ ভিতৰতে দল সলোৱা পৰিলক্ষিত হৈছে৷ যিটোৱে কার্যতঃ উন্মোচিত কৰিছে এইসকল ৰাজনীতিকৰ ক্ষমতাৰ প্রতি লালসা কিমান? নির্বাচন আয়োগে ঘোষণা কৰা সূচী অনুসৰি অসমত অহা ২৭ মার্চ, ১ এপ্রিল আৰু ৬ এপ্রিলত তিনিটা পর্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ মুঠ ১২৬টা বিধানসভা সমষ্টিৰ বাবে এই তিনিওটা দিনত ৩৩,৫৩০টা কেন্দ্রত ২,৩১,৮৬,৩৬২জন ভোটাৰে সাব্যস্ত কৰিব গণতান্ত্রিক অধিকাৰ৷ এইসকল নাগৰিকৰ জনাদেশেই নির্ণয় কৰিব দিছপুৰৰ ক্ষমতা কাৰ হাতলৈ যাব৷ তাৰ বাবে এতিয়া অপেক্ষা কৰিব লাগিব ২ মে’ৰ ভোটগণনালৈ৷

You might also like