নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিনোদন উদ্যোগৰ সংকট

ক’ৰোনাই লৈ অহা বিভিন্ন সংকটৰ মাজত এটা হ’ল বিনোদন উদ্যোগৰ সংকট৷ নাচ–গান–ভিনয় আদি চর্চা আৰু প্রদর্শনৰ যোগেৰে অসমৰ বহু লোকে জীৱন–নির্বাহ কৰে৷ অকল চহৰৰেই নহয়, গ্রামাঞ্চলতো, বিশেষকৈ লোককলাৰ এনে বহু চর্চাকাৰী আছে, যিসকলৰ জীৱিকাৰ অন্যতম মূল আলম এই শিল্পচর্চাই৷ আচলতে অসমত এই চর্চাকাৰীসকলৰ সংকট আৰম্ভ হৈছিল ‘কা’ আন্দোলনৰ দিনৰ পৰাই৷ডিচেম্বৰ–জানুৱাৰী মাহমানৰ পৰাই অসমৰ শিল্পচর্চাকাৰীসকল বহুতৰে ব্যস্ততা আৰম্ভ হয়৷ বিভিন্ন গান আদিৰ বাণীবন্ধন হয়, বতৰ ভাল বাবে শ্বুটিঙৰ পৰিমাণ বাঢ়ে, তাৰ লগে লগে বিহু ফাংচনৰ বিভিন্ন প্রস্তুতি চলে৷ কিন্তু ‘কা’ আন্দোলনে সেইবোৰ স্তব্ধ কৰি দিছিল৷ প্রথম অৱস্থাত হাতত বিশেষ কাম নথকা শিল্পচর্চাকাৰীসকলে আহি আন্দোলনত যোগ দিছিল আৰু পাছত সেইবোৰে কাম থকাসকলকো প্রভাৱিত কৰিলে৷ ভ্রাম্যমাণ থিয়েটাৰৰ বহুতে দিনৰ ভাগত আন্দোলন আৰু নিশাৰ ভাগত নাটক কৰিছিল, কিন্তু পাছত সেয়াও বন্ধ হৈ গ’ল৷ ক’ৰোনাই সকলোকে এবাৰতে সামৰি সকলো বন্ধ কৰি দিলে৷ গান–বাজনা–নাটক আদি কথাবোৰ বহুক্ষেত্রত এটা আনটোৰ লগত জড়িত হৈ থাকে৷ এবিধ বন্ধ হ’লে তাৰ প্রভাৱ আন সকলোতে পৰিবলৈ বাধ্য৷ ভ্রাম্যমাণ থিয়েটাৰৰ দৰমহাভিত্তিক অভিনেতাজনৰ পৰা মিউজিক ভিডি’ৰ দৃশ্যগ্রহণৰ স্পট বয়জনলৈকে ধৰি এটা বিশাল সংখ্যাৰ লোক হঠাতেই কর্মহীন, উপার্জনহীন হৈ পৰিছিল৷ এটা কথা ঠিক যে ক’ৰোনাই সকলো জীৱিকাৰ লোককে আক্রমণ কৰিছিল আৰু সকলোকে আঘাত কৰিছিল৷ কিন্তু কিছুমান জীৱিকাৰ লোকে লাহে লাহে নিজৰ নিজৰ জীৱিকালৈ উভতি অহা পথ মুকলি হৈছিল৷ কিন্তু বিনোদন ক্ষেত্রৰ মানুহসকল ঘূৰি অহাৰ পথ এতিয়ালৈকে ওলোৱা নাই৷ সামাজিক দূৰত্ব ৰক্ষাৰ বাবেই ভ্রাম্যমাণ থিয়েটাৰ আৰম্ভ হোৱা নাই, হোৱাটো কঠিন৷ সাংস্কৃতিক অনুষ্ঠান মানেই জনসমাগম আৰু জনসমাগম ক’ৰোনা আক্রান্ত পৰিৱেশত সম্ভৱ নহয়৷
চিনেমা হলবোৰো বন্ধ৷ কেতিয়া খুলিব তাকো অনুমান কৰিব পৰাৰ সম্ভাৱনা নাই৷ যদি কেতিয়াবা খোলেও, তেনেহ’লে তাতো সামাজিক দূৰত্বৰ কথা আহিব আৰু প্রেক্ষাগৃহৰ আধা দর্শকেৰে চিনেমা হল চলাব পৰা যাব নে নাযায়, সেয়াও এটা চিন্তাৰ কথা৷ অৱশ্যে এটা কথা ঠিক যে বিশেষ একোখন চিনেমা বাদ দি অধিকাংশ চিনেমাই আধাভর্তি চিনেমা হলতেই চলে৷ কিছুদিনৰ আগতে মুম্বাইত মুক্তিৰ অপেক্ষাত থকা চিনেমা এখন ইণ্টাৰনেট প্লেটফর্মত মুক্তি দিয়া হৈছিল৷ প্রশ্ণ হয়, একোখন হিন্দী চিনেমাই যেনেদৰে এশ কোটি টকাৰ উপার্জনৰ সপোন দেখে, সেয়া এনেকুৱা প্লেটফর্মত সম্ভৱ হ’বনে বাৰু? নেটফ্লিক্স জাতীয় প্লেটফর্মবোৰে এতিয়ালৈকে একোখন ছবিৰ বাবে দহ–পোন্ধৰ কোটি টকালৈ মূল্য দিয়ে৷ কিন্তু এশ কোটিৰ সপোন দেখা প্রযোজক এই পৰিমাণৰ টকাত সন্তুষ্ট হ’ব পাৰিবনে? ইপিনে এনেদৰে ছবি মুক্তি দিয়া কামটোত ছবি পৰিৱেশক কোম্পানী পি ভি আৰ–এ অসন্তুষ্টি প্রকাশ কৰিছে আৰু কৈছে যে আমি ইমানদিনে এটাই আনটোৰ পৰিপূৰক হিচাপে কাম কৰি আছিলোঁ, কিন্তু এতিয়া বিপদৰ সময়ত সেই বান্ধোন এৰি দিব বিচৰাটো উচিত হৈছেনে? এই কথাটোৰো এটা যুক্তি নথকা নহয়৷ কিন্তু এই সময়ত সকলোৰে বাবে জীয়াই থকা আৰু কামৰ ধাৰাবাহিকতা ৰক্ষা কৰাটোহে প্রথম প্রশ্ণ হৈ পৰিছে৷ এটা কথা ঠিক যে কাম আৰম্ভ হ’বই, কিন্তু ব্যয় সংকোচন সকলোৰে লক্ষ্য হৈ পৰিব৷ বিনোদন জগতত ইয়াৰ প্রভাৱ হ’ব খুব বেছি৷ গান–নাটক–চিনেমা আদি দর্শকৰ ওচৰলৈ লৈ যোৱা আৰু তাৰ বিনিময়ত পইচা পোৱা বা উপার্জন কৰা নতুন নতুন পদ্ধতি ভবাৰ সময় আহি পৰিছে৷ এটা কথা ঠিক যে বিনোদন জগতৰ মানুহৰ প্রতি সাধাৰণ ৰাইজৰ এটা আগ্রহ থাকে৷ এই আগ্রহক অর্থ উপার্জনৰ বাবে বিভিন্ন ধৰণে ব্যৱহাৰ কৰাটো একো দোষণীয় নহয়৷ নির্বাচন সমাগত৷ এটা সময়ত ৰাজনৈতিক নেতাৰ সমদলত খোজকাঢ়িও একো একোগৰাকী অভিনেত্রীয়ে অর্থ উপার্জন কৰাৰ কথা শুনা গৈছিল৷ এইবাৰ হয়তো তেনে সমদলৰ পৰিমাণ কম হ’ব৷ কিন্তু বেলেগ পথ নিশ্চয় ওলাব আৰু তাত বিনোদন জগতৰ লোক জডিত হৈ অর্থ উপার্জন কৰাৰ পথো ওলাব৷

You might also like