নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রীয় মন্ত্রীসভাৰ সম্প্রসাৰণ

দেৰিকৈ হ’লেও কেন্দ্রীয় মন্ত্রীসভাৰ সম্প্রসাৰণ ঘটিল৷ চৰকাৰখনে কার্যভাৰ গ্রহণৰ প্রায় আধা সময় উকলিবৰ হ’ল, তেনে সময়তহে প্রধানমন্ত্রী মোদীয়ে মন্ত্রীসভাৰ ৰদ–বদল আৰু সম্প্রসাৰণ ঘটায়৷ ইয়াৰ পূর্বে বিগত সময়ছোৱাত মন্ত্রীসভাৰ সম্প্রসাৰণ ঘটিব বুলি প্রধানমন্ত্রী মোদীয়ে এবাৰো ইংগিত দিয়া নাছিল৷ সেয়ে বিষয়টো আলোচনালৈ আহিও চর্চা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল৷ সম্ভৱতঃ প্রথম ইংগিতটো আহিছিল অসম বিধানসভা নির্বাচনৰ পিছত৷ ড০ হিমন্ত বিশ্ব শর্মাক বিজেপিৰ কেন্দ্রীয় নেতৃত্বই পাঁচ বছৰৰ বাবে অসম চলাবলৈ দায়িত্ব অর্পণ কৰাত সর্বানন্দ সোণোৱালৰ ভৱিষ্যৎ কি হ’ব, সেই প্রশ্ণটোৱে কেন্দ্রীয় মন্ত্রীসভাৰ সম্প্রসাৰণৰ ইংগিত দিছিল৷ শেহতীয়াকৈ সমবায় নামৰ এটা নতুন মন্ত্রী পদ সৃষ্টি কৰি আৰু আঠখন ৰাজ্যত ৰাজ্যপাল নিযুক্তিৰে প্রধানমন্ত্রী মোদীয়ে কেন্দ্রীয় কেবিনেটৰ সম্প্রসাৰণৰ ছীল–মোহৰ মাৰি দিয়ে৷ কিন্তু মন্ত্রীসভাৰ এনে সালসলনি ঘটিব বুলি কোনেও অনুমান কৰিব পৰা নাছিল৷ চর্চা হৈছিল খালী হৈ থকা প্রায় ডেৰকুৰি পদত নতুনকৈ সদস্য অন্তর্ভুক্ত কৰা হ’ব আৰু দুই–এজন মন্ত্রীৰ বিভাগ সালসলনি কৰা হ’ব৷ ৭ জুলাইত দেশবাসীয়ে এখন বিপৰীত ছবি দেখিবলৈ পালে৷ নতুন মন্ত্রীসভাত ৪৩জনক অন্তর্ভুক্ত কৰা হ’ল৷ তাৰে পূর্বে কেইবাজনো মন্ত্রীক পদত্যাগ কৰিবলৈ কোৱা হ’ল৷ এয়া প্রত্যাশিত নাছিল৷ লগতে গুৰুত্বপূর্ণ কথাটো হ’ল, মন্ত্রীসভাৰ সম্প্রসাৰণ আৰু সালসলনিয়ে মূলতঃ উত্তৰপ্রদেশৰ সমাগত বিধানসভা নির্বাচনে গুৰুত্ব পাব বুলি দেশজুৰি চর্চা চলিছিল৷ নতুন মন্ত্রীসভাখনে সেইটোক সত্য প্রতিপন্ন কৰিলেও আন কেইবাটাও দিশ পোহৰলৈ আনিলে৷ সেয়া হ’ল, আঞ্চলিক আৰু সামাজিক সমীকৰণ৷ প্রধানমন্ত্রীয়ে মন্ত্রীসভাৰ সম্প্রসাৰণত এই দিশটোক গুৰুত্বসহকাৰে গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ লগতে অভিজ্ঞতা আৰু যোগ্যতাকো নতুন মন্ত্রী পদৰ বাবে সাংসদক জুখি–মাখি চোৱা হৈছে৷ অকল সেয়াই নহয়, তেওঁ মন্ত্রীসভাৰ পৰা কুৰি শতাংশক পদত্যাগ কৰিবলৈ দি বুজাই দিছে যে যোগ্যতাৰ প্রশ্ণত আপোচ কৰা নহ’ব৷ আনহাতে, ভাল কামৰ পুৰস্কাৰ হিচাপে কেইবাগৰাকী ৰাজ্যিক মন্ত্রীক কেবিনেট পর্যায়লৈ পদোন্নতি দিয়া হৈছে৷

প্রধানমন্ত্রী মোদীৰ নতুন কেবিনেটত মহাৰাষ্ট্রৰ ৪জন, অসমৰ এজন, মধ্যপ্রদেশৰ ২জন, বিহাৰৰ দুজন, ওডিশাৰ দুজন, ৰাজস্থানৰ এজন, উত্তৰপ্রদেশৰ সাতজন, কর্ণাটকৰ তিনিজন, গুজৰাটৰ চাৰিজন, দিল্লীৰ এজন, ঝাৰখণ্ডৰ এজন, উত্তৰাখণ্ডৰ এজন, ত্রিপুৰাৰ এজন, পশ্চিমবংগৰ চাৰিজন, মণিপুৰৰ এজন, তামিলনাডুৰ এজন প্রতিনিধিয়ে স্থান লাভ কৰিছে৷ উত্তৰ–পূবৰ বাবে সুখকৰ কথাটো হৈছে ৭ জুলাইৰ সম্প্রসাৰণ আৰু ৰদ–বদলৰ জৰিয়তে নতুন ৰূপ পৰিগ্রহ কৰা নতুন মন্ত্রীসভাখনত পাঁচজন প্রতিনিধিয়ে স্থান লাভ কৰিছে৷ অঞ্চলটোৰ ইতিহাসত এনে নজিৰ পাবলৈ নাই৷ মন্ত্রীসভাত অসমৰ সর্বানন্দ সোণোৱাল, ৰামেশ্বৰ তেলী, অৰুণাচলৰ কিৰেণ ৰিজিজু, ত্রিপুৰাৰ প্রতিমা ভৌমিক, মণিপুৰৰ ড০ ৰাজকুমাৰ ৰঞ্জন সিং মন্ত্রী ৰূপে আছে৷ এই নতুন কেবিনেট আৰু ৰাজ্যিক পর্যায়ৰ মন্ত্রীসকলে নিষ্ঠা আৰু সততাৰে কাম কৰিলে উত্তৰ–পূব ভাৰতৰ ভাগ্য সলনি কৰি দিব পাৰে৷ অসমৰ প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক আয়ুষ, জাহাজ আৰু জলপথ বিভাগৰ দায়িত্ব দিয়া হৈছে৷ অসমৰ বিকাশত জলপথ বিভাগে গুৰুত্বপূর্ণ ভূমিকা ল’ব পাৰে৷ অসমখন নদীমাতৃক দেশ৷ব্রহ্মপুত্র ইয়াৰ প্রাণ৷ এই বিশাল জলপথক যদি সঠিকভাৱে ব্যৱহাৰ কৰিব পৰা যায়, অসমৰ অর্থনীতি সলনি হৈ যাব পাৰে৷ জলপথেৰে ব্যৱসায়ৰ সুবিধা বহুত৷ ইয়াৰ জৰিয়তে অসমে প্রতিৱেশী ৰাষ্ট্রৰ সৈতে ব্যৱসায়িক সম্পর্ক অধিক সুদৃঢ় কৰিব পাৰে৷ ইয়াৰ খৰচো কম৷ সেইদৰে ৰামেশ্বৰ তেলীক তেল আৰু প্রাকৃতিক গেছ বিভাগৰ ৰাজ্যিক মন্ত্রীৰ দায়িত্ব দিয়া হৈছে৷ অসমৰ প্রেক্ষাপটত দুয়োটা বিভাগৰ গুৰুত্ব কিমান তাক দুনাই কোৱাৰ প্রয়োজন নাই৷ বিভাগটোৰ জৰিয়তে অসমৰ আর্থিক দুৰৱস্থাৰ ছবিখন সলনি কৰি দিব পাৰি৷ কিন্তু ইয়াৰ বাবে লাগিব উৎসর্গামূলক মনোভাব৷ তেওঁলোকৰ যোগ্যতাক লৈ প্রশ্ণ উঠিব নোৱাৰে৷ যোগ্যতাৰ পৰীক্ষাত তেওঁলোকে কেতিয়াবাই উত্তীর্ণ হৈছে৷ কিন্তু ইয়েই শেষ কথা নহয়৷ মন্ত্রীকেইগৰাকীক লৈ উত্তৰ–পূবত আশাৰ বাতাৱৰণ এটা গঢ় লৈ উঠিছে৷ ত্রিপুৰাৰ পৰা প্রথমবাৰৰ বাবে এগৰাকীয়ে কেন্দ্রীয় মন্ত্রীসভাত প্রতিনিধিত্ব কৰিবলৈ সুযোগ পাইছে৷ তেওঁক লৈ ক্ষুদ্র ৰাজ্যখনৰ জনসাধাৰণৰ মনত পর্বতসম প্রত্যাশাৰ সৃষ্টি হৈছে৷ দীর্ঘদিন ধৰি ৰাজ্যিক পর্যায়ৰ মন্ত্রী হৈ থকা কিৰেণ ৰিজিজুৱে এইবাৰ কেবিনেটৰ মর্যাদা পাইছে৷ এই নতুন শক্তিটোৱে নিজৰ নিজৰ ৰাজ্যৰ লগতে উত্তৰ–পূবৰ ভাগ্য সলনি কৰিবলৈ টীম হিচাপে কাম কৰিব লগিব৷ হাতলৈ ক্ষমতা আৰু সুযোগ দুয়োটাই আহিছে৷ উত্তৰ–পূর্বাঞ্চলৰ বাবে নতুন মন্ত্রীসভাখনে সোণালী সময়ৰ সৃষ্টি কৰক

You might also like