নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড যোদ্ধা হওঁ আহক

প্রতিদিনে চাৰি লক্ষাধিককৈ ক’ভিডত আক্রান্ত হোৱা ভাৰতবর্ষত শেহতীয়াকৈ ইয়াৰ সংক্রমণ হ্রাস পাইছে৷ শেহতীয়াকৈ সংখ্যাটো তিনি লাখৰ তললৈ নামিছে৷ দেশখনৰ বাবে ই এটা সাধাৰণ স্বস্তিৰ কাৰণ হ’ব পাৰে৷ কিন্তু বিপদমুক্ত হোৱা দিনটোলৈ এতিয়াও বহু দূৰ বাকী৷ অর্থাৎ দেশখন এতিয়াও মহা সংকটৰ মাজতে ককবকাই আছে৷ চৰকাৰ আৰু জনগণে ক’ভিডৰ সংক্রমণ ৰোধৰ বাবে চলোৱা নিৰন্তৰ প্রয়াস আৰু ত্যাগৰ বলত ভাৰতবর্ষত শেহতীয়াকৈ ক’ৰোনাত সংক্রমণৰ পৰিমাণ হ্রাস পাইছে৷ সমাগত দিনত সংক্রমণৰ হাৰ আৰু সংখ্যা দুয়োটা অধিক নিম্নগামী কৰিব লাগিব৷ আৰু এটা আশাৰ কথা যে দেশখনত দৈনিক সুস্থ হৈ উঠাৰ সংখ্যাটো বাঢ়িছে৷ মাথোঁ কিছুদিন আগেয়ে পৰিস্থিতি নিয়ন্ত্রণলৈ আহিবনে নাই অথবা কিদৰে আহিব, এই হাৰত সংক্রমণ আৰু মৃতকৰ সংখ্যা বাঢ়ি থাকিলে দেশখনত বিপর্যয়ে অবর্ণনীয়–ভূতপূর্ব্ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰেৰ দৰে নঞার্থক কথাই জনসাধাৰণৰ মাজত বিষণ্ণতাৰ পৰিৱেশ সৃষ্টি কৰিছিল৷ বহু লোকে নিদ্রাহীনতা আৰু অজান আশংকাত ভুগিবলগীয়া হৈছিল৷ কিন্তু সংক্রমণৰ সংখ্যা হ্রাসত বিষণ্ণ–বিমর্ষ হৈ পৰা লোকসকলৰ মাজলৈ স্বস্তিৰ পৰিৱেশ এটা উভতি আহিছে৷ এয়া সম্ভৱ হৈছে চৰকাৰে লকডাউন বা ছেমি–লকডাউনৰ দৰে কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ বাবে৷ ভাইৰাছটোৰ যিকেইটা মিউটেণ্টে দেশখনত সংক্রমণৰ বিশাল জালখন তৰিছিল, তাত কিছু পৰিমাণে বিৰতি আহিছে৷ সংক্রমণৰ শৃংখলডালত সামান্য পৰিমাণত হ’লেও আঘাত পৰিছে৷ জনসাধাৰণ আৰু চৰকাৰৰ সন্মিলিত প্রচেষ্টাই এইদৰেই দেশখনক মহা সংকটটোৰ পৰা উদ্ধাৰ কৰিব পাৰে৷ আজি দেশজুৰি যিটো পৰিৱেশ, তাক অধিক বা পূর্বৰ স্বাভাৱিক অৱস্থালৈ ওভতাই অনাৰ বাবে জনগণ আৰু চৰকাৰে এতিয়া দুগুণ উছাহেৰে কাম কৰাৰ যুক্তি আৰু শক্তি পাব৷ অর্থাৎ সূক্ষ্ণভাৱে বিচাৰ–বিবেচনা কৰিলে ক’ভিডক পৰাভূত কৰাৰ বাবে এতিয়া এটা যোগাত্মক পৰিৱেশৰ সূচনা হৈছে৷ এই কথাখিনি চৰকাৰে জনসাধাৰণৰ মাজলৈ লৈ যাব লাগিব৷
দেশখনৰ দুৱাৰমুখত তৃতীয় ঢ়ৌৰ দৈত্য এটা থিয় হৈ আছে বুলি ইতিমধ্যে বিভিন্ন মহলে দাবী কৰিছে৷ আইআইটি হায়দৰাবাদৰ অধ্যাপক–বিজ্ঞানী এম বিদ্যাসাগৰে গাণিতিক আর্হি ব্যৱহাৰ কৰি সমাগত ছয়ৰ পৰা আঠ মাহৰ ভিতৰত ভাৰতত ক’ভিডৰ তৃতীয়টো ঢ়ৌ আহিব পাৰে বুলি পূর্বানুমান কৰিছে৷ তেওঁ কৈছে যে ঢ়ৌটো অধিক ভয়ংকৰ আৰু বিনাশী হ’ব৷ ইয়াৰ পৰা পৰিত্রাণ পাবলৈ টিকাকৰণ অভিযান দ্রুততৰ কৰিবই লাগিব৷ তেওঁৰ মতে বর্তমান দেশখনত বেছিভাগ লোকৰ দেহত এণ্টিবডী তৈয়াৰ হৈছে বাবে ক’ভিড সংক্রমণ হ্রাস পাইছে৷ কিন্তু সময় মতে ভেকচিন নিদিলে এণ্টিবডীৰ ক্ষমতা নাইকিয়া হৈ যাব৷ গতিকে এইক্ষেত্রত চৰকাৰে গুৰুত্ব দিবই লাগিব৷ ক’ভিডৰ বিৰুদ্ধে জনসাধাৰণক সুৰক্ষিত কৰি ৰখাত এই মুহূর্তত ভেকচিনৰ বিকল্প নাই৷ চৰকাৰে সময়নির্ধাৰিত আঁচনিৰ জৰিয়তে দেশবাসীক ভেকচিন দিয়াৰ ব্যৱস্থা কৰিব লাগিব৷ এতিয়ালৈকে দেশখনত চলা টিকাকৰণ অভিযানৰ ছবিখন আশাব্যঞ্জক নহয়৷ ইয়াৰ মূল কাৰণ হৈছে ভেকচিনৰ নাটনি৷ আনহাতে, জনসাধাৰণেও ক’ভিড প্রট’কল মানি চলাত গুৰুত্ব দিব লাগিব৷ বজাৰ খোলা থকা সময়ছোৱাত একাংশই সামাজিক দূৰত্বৰ কথাটো পাহৰি যায়৷ হেতা–ওপৰা লগাই দিয়ে৷ ইয়ে সংক্রমণ বৃদ্ধি কৰিব বা কৰিব পাৰে৷ শেহতীয়াকৈ চৰকাৰে সামাজিক দূৰত্বক ১০ মিটাৰলৈ বৃদ্ধি কৰিছে৷ পূর্বে ইয়াক দুই মিটাৰ বুলি ধৰা হৈছিল৷ দেখা গৈছে কাহিলে বা হঁাচিয়ালে জলকণা দহ মিটাৰ দূৰত্বলৈ যায়৷ সেয়ে সামাজিক দূৰত্বৰ ভেটি হ’ব লাগে দহ মিটাৰ৷ দুৱাৰৰ হেণ্ডেল, তলা, বিদ্যুতৰ ছুইচ, চকী, মেজ, মজিয়া আদিত পৰাপক্ষত হাত দিব নালাগে৷ সেইবোৰ সঘনাই চাফা কৰি থাকিব লাগে৷ ঘৰৰ খিৰিকী–দুৱাৰ আদি বন্ধ কৰি ৰখাটো বেয়া বুলি কেন্দ্রীয় চৰকাৰৰ শেহতীয়া উপদেশাৱলীত কোৱা হৈছে৷ এই কামবোৰৰ বাবে চৰকাৰ নালাগে৷ জনসাধাৰণে নিজেই কৰিব পাৰে৷ লগতে তেনে ধৰণৰ কাম কৰি আমি প্রতিজন ব্যক্তি হ’ব পাৰো একো একোজন ক’ভিড যোদ্ধা৷

You might also like