আধুনিক বাবৰ
১৫২৮ চনত বলপূর্বকভাৱে যি ইতিহাস ৰচনা কৰা হৈছিল, ৫ আগষ্টত তাক সলনি কৰি পুনৰ ওভতাই অনা হ’ল ঐতিহাসিক ৰাম মন্দিৰে হেৰুৱাই পেলোৱা গৰিমা৷ হেৰুওৱাৰ পৰা ওভতাই পোৱালৈকে যাত্রাটো ইমান সহজ নাছিল৷ মাজৰ সময়ছোৱাত হাজাৰজন বাবৰে মন্দিৰটোক পুনৰ মন্দিৰ হ’বলৈ দিয়া বাধা দিছিল৷ সংঘাত হৈছিল৷ সংগ্রাম হৈছিল৷ তেজৰ নৈ বৈছিল৷ আদালতৰ মজিয়াত যুক্তি–তথ্য, সাক্ষ্য প্রমাণৰ যুঁজ হৈছিল৷ তাৰ পাছত গৈ ৰাম মন্দিৰে নিজৰ ভূমি ওভতাই পাইছিল৷ ৫ আগষ্টত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সেই ভূমিত মন্দিৰৰ ভূমি পূজন তথা শিলান্যাস কৰি ঐতিহাসিক মন্দিৰটোৰ পুনৰ নির্মাণকার্যৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিলে৷ বিশ্বৰ কোটি কোটি লোক শুভ অনুষ্ঠানটোৰ সাক্ষী হৈ ৰ’ল৷ আবতৰীয়া দীপাৱলীৰ আনন্দই দেশখনক বিধৌত কৰিলে৷ আনকি আৰম্ভণিৰ পৰাই ৰাম মন্দিৰ পুনৰ নির্মাণত হেঙাৰৰ সৃষ্টি কৰি অহা কংগ্রেছৰ দুই–এক শীর্ষৰ বক্তব্যতো ধ্বনিত হ’ল ৰাম মন্দিৰৰ জয়গাঁথা৷ মন্দিৰটোৰ পুনৰ নির্মাণৰ অনুষ্ঠানটোক হিন্দু–মুছলমান, শিখ–খ্রীষ্টান সকলো পক্ষই আদৰি লৈ দিনটোক এটা ডছৱৰ দিনত পৰিণত কৰিলে৷ মন্দিৰটো সম্পূর্ণ হৈ ডঠিবলৈ তিনি বছৰ লাগিব৷ তাৰ পাছত সি নিশ্চয় ভাৰতীয় কৃষ্টি–সংসৃকতি, জীৱন দর্শনৰ এটা প্রতীক হৈ মানুহৰ মাজত জীয়াই থাকিব৷ মন্দিৰটো কেৱল শ্রীৰামৰ পূজা–র্চনাৰ স্থলী নহয়, সি হাজাৰ হাজাৰ বছৰ পুৰণি ভাৰতীয় সভ্যতা–সংসৃকতিকো নিশ্চয় প্রতিনিধিত্ব কৰিব৷ আমাৰ দেশখনৰ বহু গৌৰৱময় ইতিহাসক বুৰঞ্জীৰ পৃষ্ঠাত প্রাপ্য স্থান দিয়া হোৱা নাই৷ ইয়াৰ বিপৰীতে ইতিহাসত ঘটি যোৱা বহু ঘটনাক প্রয়োজনাধিক গুৰুত্বসহকাৰে বুৰঞ্জীৰ পৃষ্ঠাত স্থান দি দেশখনৰ জনসাধাৰণক স্বদেশ–স্বজাতিক গৌৰৱময় দিনবোৰৰ কথা প্রকৃতার্থত জনাৰ পৰা বঞ্চিত কৰি ৰখা হৈছে৷ ৰাম মন্দিৰ সেই গৌৰৱময় ইতিহাসৰে এটা অংশ, যাক আজিলৈকে ইতিহাসৰ পৃষ্ঠাত প্রাপ্য স্থান দিয়া নহ’ল৷ মন্দিৰটোৰ নির্মাণে অনাদৃত দিনৰ ইতিহাসক লৈ জনসাধাৰণৰ আগ্রহৰ সৃষ্টি কৰাত নিশ্চয় সহায় কৰিব৷ ডদ্বুদ্ধ কৰিব৷
বুৰঞ্জীয়ে কয়, মোগল সম্রাট বাবৰে মন্দিৰটো ভাঙি মছজিদ নির্মাণ কৰিছিল৷ ডচ্চতম ন্যায়ালয়েও এই যুক্তিক গ্রহণ কৰি দীর্ঘকাল ধৰি আদালতৰ মজিয়াত ওলমি থকা গোচৰটোৰ এটা সর্বজনগ্রাহ্য ৰায় দিছিল৷ ৫ আগষ্টত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ডদ্যোক্তা সমিতিৰ আমন্ত্রণমর্মে মন্দিৰটোৰ ভূমি পূজন, শিলান্যাসৰো আধাৰ এইটোৱেই আছিল৷ ডচ্চতম ন্যায়ালয়ে ৰায়দান কৰা সময়ত সামগ্রিকভাৱে পৰিৱেশ আছিল সৌহার্দ্যপূর্ণ৷ কিন্তু মন্দিৰৰ ভূমি পূজনৰ দিনটোৰ পৰা যেন দেশখনত পুনৰ হাজাৰ হাজাৰ বাবৰৰ জন্ম হ’ল৷ সেই একেই ভাবুকি, একেই ডন্মাদনা৷ মন্দিৰ ভাঙি পুনৰ মছজিদ নির্মাণ কৰা হ’ব৷ ছ’চিয়েল নেটৱর্কত এচামে বাবৰ জিন্দা হায় জাতীয় বক্তব্যৰে মৌলবাদী চিন্তাক মানুহৰ মাজত বিয়পাই দিবলৈ আৰম্ভ কৰিলে৷ সেইবোৰক জনসাধাৰণে বৰকৈ আসৈ নিদিলেও দুটা প্রতিষ্ঠানত বক্তব্যই শান্তিপূর্ণ ভাৰতখনত অশান্তিৰ দাৱানল সৃষ্টি কৰাৰ সম্ভাৱনা কঢ়িয়াই আনিছে৷ তাৰে এটা প্রতিষ্ঠান হ’ল, অল ইণ্ডিয়া মুছলিম পার্ছনেল ল’ ব’ড৷ ৫ আগষ্টত শিলান্যাসৰ দিনটোতে পার্ছনেল ল’ ব’ডৰ পৰা জনাই দিয়া হ’ল যে মছজিদ আছিল, মছজিদ থাকিব৷ ৰাম মূর্তি এটা স্থাপন কৰিলেই মছজিদ এটা মন্দিৰলৈ ৰূপান্তৰিত নহয়৷ ন্যায়ালয়ত দীঘলীয়া সংগ্রাম এখন পাৰ হৈ অহাৰ পাছত এনেধৰণৰ বক্তব্যৰ কোনো মূল্য নাই৷ ইয়াৰ বাস্তৱৰ সৈতেও নাই কোনো সম্পর্ক৷ কিন্তু এনেধৰণৰ বক্তব্যই জাকিৰ নাইকৰ ভাষণৰ দৰে মানুহৰ মগজুত মৌলবাদী বিহ ৰোপণ কৰে৷ মানুহক অমানুহৰ দিশে লৈ যায়৷ অনুৰূপ বক্তব্য সর্বভাৰতীয় ইমাম এছ’চিয়েচনৰ ফালৰ পৰাও আহিছে৷ ৬ আগষ্টত ছ’চিয়েল মাধ্যমযোগে এছ’চিয়েচনৰ প্রধান ছাজিদ ৰাশিদীযে নিজকে দ্বিতীয়জন বাবৰৰ ৰূপত দাঙি ধৰিবলৈ চেষ্টা চলাই কৈছে যে তাত বাবৰি মছজিদ আছিল৷ আৰু তাত মছজিদেই থাকিব৷ মন্দিৰ ভাঙি তাত কেতিয়াও মছজিদ নির্মাণ কৰা হোৱা নাছিল৷ কিন্তু এইবাৰ তেনে হ’ব পাৰে৷ মন্দিৰ ভাঙি মছজিদ নির্মাণ হ’ব পাৰে৷ ইমামৰ সংগঠনটোৰ প্রধানে ইয়াৰ দ্বাৰা মুকলিকৈয়ে মন্দিৰটো ভাঙি মছজিদ নির্মাণৰ হুংকাৰ দিছে৷ এনেধৰণৰ মানুহৰ বাবে সমাজত এটা জনসমষ্টিৰ বিৰুদ্ধে এটা জনসমষ্টিৰ মাজত ঘৃণা–বিদ্বেষৰ সৃষ্টি হয়৷ মানুহ অমানুহৰ শাৰীলৈ গৈ সাম্প্রদায়িক সংঘাতত লিপ্ত হয়৷ আধুনিক যুগৰ এই বাবৰসকলৰ পৰা দূৰত থকাই ভাল৷ তেওঁলোকে মানুহৰ আস্থা–আৱেগক অস্ত্র হিচাপে লৈ সংঘাত–সংঘর্ষৰ ৰাজনীতি কৰি আহিছে৷ দেশখনক এনেধৰণৰ আধুনিক বাবৰৰ পৰা সুৰক্ষিত কৰি ৰখাটো চৰকাৰৰ দায়িত্ব আৰু কর্তব্য৷