নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রব্রজিত শ্রমিকৰ খং

হাৰাষ্ট্রত ১৬জনকৈ শ্রমিকক ৰে’লে চেপি মৰাৰ শোকাৱহ ঘটনাই লকডাউনৰ মাজতে সমগ্র দেশক জোকাৰি গৈছিল৷ মধ্যপ্রদেশৰ স্বগৃহলৈ উপায়ান্তৰ হৈ ৰে’লপথেৰে খোজকাঢ়ি যোৱাৰ মাজতে ক্লান্ত হৈ পৰিছিল তেওঁলোক৷ ৰে’লপথেৰে খোজকঢ়াৰ দুটা প্রধান কাৰণ আছিল– আৰক্ষীৰ অত্যাচাৰৰ পৰা ৰক্ষা পৰা আৰু খোজকাঢ়ি যাওঁতে যাতে দিশ হেৰুৱাবলগীয়া নহয়, সেইটো নিশ্চিত কৰা৷ ৰে’লৰ চলাচল বন্ধ থকা বুলি ভাবিয়েই তেওঁলোক পিছনিশা গভীৰ নিদ্রাত ডুব গৈছিল৷ দুর্ভাগ্য যে সেই সময়তে উক্ত ৰে’লপথেৰে এখন মালগাড়ী আহি থকাৰ কথা নিদ্রামগ্ণ প্রব্রজনকাৰী শ্রমিককেইজনে গমেই নাপালে৷ পিছদিনা সংবাদ মাধ্যমত সেই শোকাৱহ ঘটনা বৰ বৰ হৰফেৰে প্রকাশ পালে ঠিকেই, কিন্তু তেওঁলোকৰ নাম কি, ঘৰ ক’ত তাৰ কোনো তথ্যই বিচৰাৰ প্রয়োজনীয়তা অনুভৱ নকৰিলে৷ তেওঁলোক হ’ল লকডাউনত দিক্ভ্রান্ত প্রব্রজনকাৰী শ্রমিক– সেয়াই যেন তেওঁলোকৰ একমাত্র পৰিচয়৷ এয়াই একমাত্র ঘটনা নহয়৷ ঘৰমুৱা প্রব্রজনকাৰী শ্রমিকৰ মৃত্যুৰ বাতৰি প্রায় প্রতিদিনেই প্রকাশ পাই আহিছে৷ কোনোবা খোজকাঢ়ি বা চাইকেলেৰে আহি থাকোঁতে যদি গাড়ীৰ খুন্দাত মৰিছে, তেন্তে আন কাৰোবাৰ মৃত্যু হৈছে ট্রাকৰ ওপৰত উঠি আহোঁতে দুর্ঘটনাত পতিত হৈ৷ স্বাভাৱিকতে প্রশ্ণ হয়– মাত্র চাৰি ঘণ্টাৰ সময় দি ৰাষ্ট্রজোৰা লকডাউন ঘোষণা কৰাৰ পূর্বে এই প্রব্রজনকাৰী শ্রমিকসকল সন্মুখীন হ’ব পৰা বিপদৰ কথা এক মুহূর্তৰ বাবেও চৰকাৰে ভাবিছিলনে? ক’ৰোনা ভাইৰাছত যিমান প্রব্রজিত শ্রমিকে প্রাণ হেৰুৱাইছে, তাতকৈ হয়তো বেছি প্রব্রজিত শ্রমিকৰ মৃত্যু হৈছে এনেধৰণৰ অপঘাতত৷ ইয়াৰ দায়িত্ব চৰকাৰে ল’ব বুলি আশা কৰিব পাৰিনে? এটা কথা নিশ্চিত যে কোটি কোটি প্রব্রজনকাৰী শ্রমিক এতিয়া অসন্তুষ্ট৷ তেওঁলোকৰ বেছিভাগেই যুৱপ্রজন্মৰ এটা শ্রেণীক প্রতিনিধিত্ব কৰিছে৷ তেওঁলোকে যি সমস্যাৰ সন্মুখীন হৈছে, সেয়া হ’ল দেশৰ দৈনন্দিন জীৱনৰ এক বাস্তৱ ছবি৷ তেওঁলোক অসন্তুষ্ট চৰকাৰৰ ওপৰত৷ তেওঁলোকে বিশ্বাস হেৰুৱাইছে নিয়োগকর্তাৰ ওপৰত, যিয়ে বিপদৰ সময়ত তেওঁলোকৰ প্রতি পিঠি দিলে৷ তেওঁলোকৰ খং উঠিছে দালাল প্রকৃতিৰ ঠিকাদাৰৰ ওপৰত, যি কাম শেষ হোৱাৰ পিছত তেওঁলোকক বিনা মজুৰিৰে অঘৰীৰ দৰে ৰাজপথত এৰি দিলে৷ নির্মাণ খণ্ডক উজ্জীৱিত কৰাৰ বাবে প্রতিমুহূর্ততে সর্বাধিক গুৰুত্ব দিব খোজা চৰকাৰৰ দৃষ্টিত শ্রমিকৰ এই দুখ–দুর্দশা ধৰা পৰিবলৈ প্রয়োজনতকৈ বহু সময়ৰ প্রয়োজন হয়৷ তেতিয়ালৈ সকলো শেষ হৈ যায়৷ বিশেষ শ্রমিক ৰে’লেৰে এতিয়া প্রব্রজিত শ্রমিকসকলক স্বৰাজ্যলৈ অনাৰ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ কিন্তু এতিয়াও এই ব্যৱস্থা পর্যাপ্ত হোৱা নাই৷ চৰকাৰী তথ্য মতে সম্প্রতি আঠ কোটি প্রব্রজিত শ্রমিকে দেশৰ বিভিন্ন ৰাজ্যত অনিশ্চয়তাৰ মাজেৰে সময় অতিবাহিত কৰিছে ৷

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে যোৱা মঙলবাৰে আত্মনির্ভৰ ভাৰত অভিযানৰ বাবে ২০ লাখ কোটি টকা অর্থনৈতিক পেকেজ ঘোষণা কৰি সর্বস্তৰৰ নাগৰিকক সবল কৰাৰ লক্ষ্য স্থিৰ কৰিছে৷ ইয়াৰ অন্তর্গত পদক্ষেপসমূহ ঘোষণা কৰি বিত্তমন্ত্রী নির্মলা সীতাৰমণে প্রব্রজিত শ্রমিকসকলৰ বাবে চৰকাৰে গ্রহণ কৰা বিভিন্ন আঁচনি ঘোষণা কৰে৷ ইয়াৰ ভিতৰত এটা হ’ল আগষ্টৰ ভিতৰত ২৩খন ৰাজ্যত ‘এক দেশ এক ৰেচন আঁচনি’ কার্যকৰী কৰা৷ ইয়াৰ জৰিয়তে একেখন ৰেচন কার্ডেৰে যিকোনো ৰাজ্যত সুলভ মূল্যত চৰকাৰী খাদ্য–সামগ্রী লাভ কৰাটো সম্ভৱ হ’ব৷ প্রব্রজিত শ্রমিকসকলৰ বাবে কম ভাৰাত থাকিব পৰা ঘৰৰ ব্যৱস্থা কৰাৰ বিষয়েও উল্লেখ কৰা হৈছে৷ সীতাৰমণৰ দ্বিতীয় দিনাৰ সংবাদ মেলত সর্বাধিক গুৰুত্ব দিয়া হয় এই প্রব্রজিত শ্রমিকসকলৰ ওপৰতে৷ এই খুবেই ভাল পদক্ষেপবোৰ পিছে আগতীয়াকৈ কিয় লোৱা নহ’ল, সেইটোহে সুধিবলগীয়া কথা৷ একাংশৰ মতে প্রব্রজিত শ্রমিকৰ অসন্তুষ্টি দেখি চৰকাৰ ৰাজনৈতিক ক্ষতিৰ শংকাত ভোগাৰ বাবেই আঁচনিসমূহ ঘোষণা কৰা হৈছে৷ আন কাৰোবাৰ মতে সকলো কাম স্থবিৰৰ সময়ত শ্রমিকৰ প্রয়োজনীয়তা অনুভৱ কৰি প্রতিষ্ঠিত শ্রেণীটোৱে তেওঁলোকলৈ মনত পেলাইছে৷ দুয়োটা কথাই অলপো উলাই কৰিব পৰা বিধৰ নহয় ৷

You might also like