ৰাছিয়া–ইউক্রেইন সংকট দূৰ কৰিব পাৰিব অকল ভাৰতে
আশংকাৰ পৰা সত্যৰ মাজৰ দূৰত্বক শূন্যত পৰিণত কৰি ইউক্রেইনত প্রৱেশ কৰিলে ৰাছিয়াৰ সৈন্য৷ বৃহস্পতিবাৰে পুৱা ৮.৩০ বজাত ইউক্রেইনৰ বিৰুদ্ধে ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে যুুদ্ধ ঘোষণা কৰাৰ কেইমুহূর্তমানৰ পাছতে কিয়েভ, খাৰকিভকে ধৰি ইউক্রেইনৰ কেইবাখনো চহৰত ৰাছিয়ান সৈন্যই আকাশমার্গ আৰু মিছাইলেৰে আক্রমণ কৰি দেশখনৰ প্রতিৰক্ষা ব্যৱস্থাক একপ্রকাৰ ধূলিসাৎ কৰি দিয়ে৷ ৰাছিয়াই দাবী কৰা মতে, আক্রমণৰ কেইঘণ্টামানৰ ভিতৰতে ইউক্রেইনৰ সকলো বিমান ঘাটি আৰু বায়ুসেনাৰ সম্পত্তি ধ্বংসস্তূপত পৰিণত কৰা হৈছে৷ ইয়াৰ বিপৰীতে ইউক্রেইনে ৰাছিয়াৰ পাঁচখন বিমান আৰু এখন হেলিকপ্ঢাৰ গুলীয়াই ভূপতিত কৰা বুলি দাবী কৰিছে৷ অৱশ্যে এই দাবীৰ সত্যতাক ৰাছিয়াই পোনছাটেই নাকচ কৰিছে৷ দুয়োপক্ষই যিয়েই দাবী নকৰক কিয়, যুদ্ধখন দীঘলীয়া নহওক, সকলোৰে এয়াই কামনা৷ কিন্তু ইয়াৰ বাবে পদক্ষেপ ল’ব কোনে? অথবা কোন হ’ব পাৰে নির্ভৰযোগ্য শক্তি? এটা কথা ঠিক যে আমেৰিকা অথবা নাটোৰ সেনাবাহিনীয়ে পোনে পোনে যুদ্ধখনত জঁপিয়াই নপৰিলে ইউক্রেইনৰ বাবে ৰাছিয়াৰ প্রবল শক্তিশালী সেনাবাহিনীক প্রতিহত কৰাটো সম্ভৱ নহ’ব৷ দুই–তিনি দিনতে ইউক্রেইনৰ সেনা পৰাজিত হ’বলৈ বাধ্য হ’ব৷ কিন্তু প্রশ্ণ হৈছে আমেৰিকা অথবা নাটোৱে যুদ্ধখনত প্রত্যক্ষভাৱে অংশগ্রহণ কৰিবনে? বিশ্বৰ এই দুই শক্তি যদি যুদ্ধখনত জঁপিয়াই পৰে, ইয়াৰ পৰিণতি কি হ’ব পাৰে? আমেৰিকা আৰু নাটোৰ প্রত্যক্ষ অংশগ্রহণৰ অর্থ হ’ব তৃতীয় বিশ্বযুদ্ধক স্বাগতম জনোৱা৷ ইফালে, আৰম্ভণিৰ পৰা ইউক্রেইনৰ সপক্ষে অৱস্থান কৰা আমেৰিকা যুক্তৰাষ্ট্র আৰু নাটোৰ বাবে সংকটৰ সময়ত ৰাষ্ট্রখনলৈ পিঠি দিয়াটোও সহজসাধ্য নহ’ব৷ দুয়োটা শক্তিয়ে কোনো নহয় কোনো প্রকাৰে ইউক্রেইনক মহাসংকটৰ পৰা উদ্ধাৰ কৰাত দায়বদ্ধ৷ এই অৱস্থাত যুদ্ধৰ বিকল্প সন্ধানৰ বাহিৰে আমেৰিকা আৰু নাটোৰ হাতত বেলেগ পথ তেনেই সীমিত৷ ৰাছিয়াই ইউক্রেইন আক্রমণ কৰাৰ বাবে দেখা গৈছে বিশ্বৰ বিভিন্ন ৰাষ্ট্র দুটা শিবিৰত বিভক্ত হৈ পৰিছে৷ আমেৰিকা আৰু ইউৰোপীয় ইউনিয়নৰ গৰিষ্ঠসংখ্যক সদস্য ৰাষ্ট্র ইউক্রেইনৰ পক্ষত থিয় দিয়াৰ বিপৰীতে অবিভক্ত ছোভিয়েট ৰাছিয়াৰ সিংহভাগ দেশ পুটিনৰ পক্ষত অৱস্থান কৰিছে৷ তদুপৰি ইৰান, চীনৰ দৰে ৰাষ্ট্রও ৰাছিয়াৰ সপক্ষে থিয় দিছে৷ এই প্রেক্ষাপটত যদি আমেৰিকা আৰু নাটো বাহিনীয়ে ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত জঁপিয়াই পৰে, যুদ্ধখন তৃতীয় বিশ্বযুদ্ধৰ ৰূপ পৰিগ্রহ কৰিব পাৰে৷ ক’ৰোনাকীর্ণ পৰিস্থিতিত বিশ্বৰ অর্থনীতি ভাঙি পৰাৰ সময়ত এনে এখন যুদ্ধৰ বোজা পৃথিৱীৰ কোনো দেশে কঢ়িয়াব নিবিচাৰিব৷ তাৰ বিপৰীতে শান্তিয়েই হ’ব সকলোৰে বাবে মংগলজনক৷
ৰাছিয়া–ইউক্রেইনৰ শেহতীয়া সংকটটো যিমানেই দীঘলীয়া হ’ব, সিমানেই ক্ষতিগ্রস্ত হ’ব বিশ্বৰ অর্থনীতি৷ ইতিমধ্যে ইয়াৰ ইংগিত পোৱা গৈছেই৷ ৰাছিয়াই ইউক্রেইন আক্রমণ কৰাৰ প্রায় লগে লগে বিশ্বৰ শ্বেয়াৰ বজাৰত পতনৰ ধুমুহা আহিছে৷ ভাৰত, জাপান, আমেৰিকাকে ধৰি শীর্ষস্থানীয় শ্বেয়াৰ বজাৰসমূহত দ্রুতগতিত শ্বেয়াৰৰ মূল্য হ্রাস পাইছে৷ আন্তর্জাতিক বজাৰত তেল আৰু গেছৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা দিছে৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে ৰাছিয়া বিশ্বৰ অগ্রণী খাৰুৱা তেল আৰু প্রাকৃতিক গেছ উৎপাদনকাৰী দেশ৷ আমেৰিকাই ১৬–১৮ শতাংশ খাৰুৱা তেল উৎপাদন কৰাৰ বিপৰীতে ছৌদি আৰব আৰু ৰাছিয়াই বিশ্বৰ ১২ শতাংশকৈ খাৰুৱা তেল উৎপাদন কৰে৷ একেদৰে ইউৰোপৰ দেশসমূহ ৰাছিয়াৰ গেছৰ ওপৰতে মূলতঃ নির্ভৰশীল৷ ভাৰতেও ৰাছিয়াৰ পৰা বুজন পৰিমাণৰ খাৰুৱা তেল আৰু গেছ আমদানি কৰে৷ ৰাছিয়া যদি যুদ্ধত ভালদৰে লিপ্ত হৈ পৰে, বিশ্বৰ তেল আৰু গেছৰ বজাৰত ইয়াৰ বিপৰীত প্রভাৱ পৰিব৷ ভাৰতত পেট্র’ল আৰু ডিজেলৰ দাম আকাশলংঘী হৈ পৰিব৷ গেছৰ দাম বৃদ্ধিয়ে ভাৰতৰ ঔদ্যোগিক ক্ষেত্রখনক অধিক খৰচান্ত হ’বলৈ বাধ্য কৰিব৷ অনুৰূপ দুৰৱস্থা বিশ্বৰ অর্থনৈতিক ক্ষেত্রখনে ভোগ কৰিব লাগিব৷ ইয়াৰ পৰা হাত সাৰিবলৈ বিশ্বৰ প্রধান প্রধান শক্তিসমূহে নিশ্চয় কূটনৈতিক প্রয়াস নচলোৱাকৈ নাথাকিব৷ কিন্তু সমস্যা হৈছে আমেৰিকা আৰু ইউৰোপীয় দেশসমূহে মুকলিকৈ ৰাছিয়াৰ বিৰুদ্ধে থিয় দিছে৷ অর্থাৎ সংশ্লিষ্ট ৰাষ্ট্রসমূহৰ কথাক এই মুহূর্তত ভ্লাডিমিৰ পুটিনে বিশেষ গুৰুত্ব দিয়াৰ সম্ভাৱনা ক্ষীণ৷ এইক্ষেত্রত চীনৰ সম্ভাৱনা আছে যদিও বেইজিঙৰ ভূমিকা ইতিমধ্যে সন্দেহজনক হৈ পৰিছে৷ দেশখনে মুকলিকৈ ৰাছিয়াক সমর্থন জনাইছে৷ তদুপৰি চীনৰ নীতিয়েই হৈছে আমেৰিকাক শ’লঠেকত পেলোৱা৷ চীনৰ নেতৃত্বই ৰাছিয়াবিৰোধী যুদ্ধখনত আমেৰিকা প্রত্যক্ষভাৱে জড়িত হোৱাটোহে মনে–প্রাণে কামনা কৰে৷ এই প্রেক্ষাপটত ৰাছিয়াক যুদ্ধৰ পৰা আঁতৰাই ৰাখিব পৰা দেশ এখনেই আছে৷ সেইখন হৈছে ভাৰত৷ ভাৰতৰ ক্ষেত্রত প্রধান সুবিধাটো হৈছে, দেশখনে শান্তিৰ কথা কৈ আহিছে৷ তদুপৰি ৰাছিয়া আৰু ৰাছিয়াবিৰোধী উভয় শিবিৰৰ সৈতে ভাৰতৰ সু–সম্পর্ক সর্বজনবিদিত৷ কেৱল এয়াই নহয়, ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পর্ক বহু পুৰণি৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে পুটিনৰ সম্পর্কও মধুৰ৷ গতিকে বিশ্বৰ প্রভাৱশালী দেশসমূহে ভাৰতৰ জৰিয়তে ৰাছিয়াক সৈমান কৰোৱাই যুদ্ধখনৰ কম সময়ৰ ভিতৰতে যতি পেলাবলৈ যত্ন কৰিব৷ ইতিমধ্যে এনে কূটনৈতিক প্রয়াস আৰম্ভ হোৱা বুলি ধাৰণা কৰিব পাৰি৷ এই প্রসংগতে ইউক্রেইনৰ নতুন দিল্লীস্থিত ৰাষ্ট্রদূতগৰাকীয়ে কোৱা কথাষাৰলৈও মন কৰিব পাৰি৷ তেওঁ প্রধানমন্ত্রী মোদীক বিশ্বৰ সবাতোকৈ প্রভাৱশালী নেতা আখ্যা দি ৰাছিয়া–ইউক্রেইন সংকট আঁতৰোৱাত মোদীৰ সহায় কামনা কৰিছে৷