অৰুণাচল সীমান্তত ৰাজনাথ সিং
১৯৯৮ চনত প্রতিৰক্ষা মন্ত্রী হিচাপে দায়িত্ব গ্রহণৰ কেইসপ্তাহমান পাছতে ভাৰতবর্ষৰ এগৰাকী তেজস্বী ৰাজনৈতিক নেতা জর্জ ফার্নাণ্ডেজে চীনক ভাৰতৰ এক নম্বৰ শত্রু বুলি অভিহিত কৰিছিল৷ ফার্নাণ্ডেজে এনে সময়ত এই বক্তব্য প্রকাশ কৰিছিল, যিটো সময়ত ভাৰতৰ প্রত্যক্ষ শত্রুতা আছিল পাকিস্তানৰ সৈতে৷ সীমাৰ সিপাৰৰ পৰা সন্ত্রাসবাদী প্রেৰণ কৰি পাকিস্তানে ভাৰতবর্ষ ৰক্তাক্ত কৰি আহিছিল৷ পাকিস্তানত ভাৰতৰ বিৰুদ্ধে অহৰহ ষডযন্ত্র ৰচিত হৈছিল৷ সন্ত্রাসবাদীক পাকিস্তানৰ ভূমিত প্রশিক্ষণ দিয়া হৈছিল৷ তদুপৰি অত্যাধুনিক অস্ত্র–শস্ত্র যোগান ধৰি ভাৰতৰ বিৰুদ্ধে ছদ্মবেশী যুদ্ধ এখন চলাই থকা হৈছিল৷ ইয়াৰ বিপৰীতে সীমা বিবাদ থাকিলেও চীনৰ সৈতে ভাৰতৰ সেই সময়ত প্রত্যক্ষভাৱে সংঘাত নাছিল৷ কিন্তু তদানীন্তন প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে চীনক ভাৰতৰ এক নম্বৰ শত্রুবুলি গণ্য কৰিছিল৷ ইয়ে ভাৰতৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰাটো স্বাভাৱিক আছিল৷ চীনেও ইয়াৰ প্রতিক্রিয়া প্রকাশ কৰাটো স্বাভাৱিক আছিল৷ সকলো হ’ল৷ অনেকে চীনৰ ক্ষেত্রত ভাৰতে বৈদেশিক নীতি সলনি হোৱাৰ সম্ভাৱনা দেখিলে৷ কোনো কোনোৱে ইয়াক সমালোচনাও কৰিলে৷ ১৯৬২ চনৰ যুদ্ধত পৰাজিত হৈ মানসিকভাৱে পংগু হৈ থকা সেই সময়ৰ ৰাজনৈতিক নেতৃত্বৰ বাবে চীনৰ সৈতে সংঘাতত লিপ্ত হোৱাটো সপোনৰো অগোচৰ আছিল৷ তাতে পাকিস্তানৰ অতপালি ইতিমধ্যে বাঢ়িবলৈ ধৰিছিল৷ সেই প্রেক্ষাপটত ভাৰতৰ বাবে একেলগে দুটা ফ্রণ্টত সংঘাত চম্ভালিব পৰা অৱস্থাও নাছিল৷ সময়ছোৱাত উত্তৰ–পূব ভাৰততো সন্ত্রাসবাদী কার্যকলাপ বৃদ্ধি পাইছিল৷ বৃহৎসংখ্যক সেনাক উত্তৰ–পূবতো ব্যস্ত কৰি ৰাখিবলগীয়া হৈছিল৷ সাতে সোতৰই মিলি জর্জ ফার্নাণ্ডেজৰ বক্তব্যক বেছি বতাহ দিয়া নহ’ল৷ কম সময়ৰ ভিতৰতে কথাটো তল পৰিল৷ তেওঁ কিয় সেই কথাষাৰ কৈছিল, তাক এতিয়া ভাৰতবাসীয়ে মর্মে মর্মে উপলব্ধি কৰিছে৷ ভাৰতৰ এতিয়া পাকিস্তানৰ তুলনাত চীনৰ প্রতি অধিক সতর্ক নজৰ দিয়াটো অধিক প্রয়োজন হৈ পৰিছে৷ প্রয়োজন হৈছে সীমান্ত সুৰক্ষিত কৰি ৰখাটো৷ অৱশ্যে ভাৰতবর্ষত আজিৰ ৰাজনৈতিক নেতৃত্ব পূর্বৰ দৰে দুর্বল মানসিতকাৰ দৰে নহয়৷ চীনৰ চকুত চকু থৈ কথা ক’ব পৰা ৰাজনৈতিক নেতৃত্বৰ হাতত দেশখন আছে৷ সেয়ে ভাৰত চীনবিৰোধী প্রায় সকলো আন্তর্জাতিক মঞ্চৰ আজি গুৰুত্বপূর্ণ অংশীদাৰ৷ দক্ষিণ চীন সাগৰত বেইজিঙৰ সম্প্রসাৰণবাদী চিন্তাধাৰাক কাবু কৰিবলৈ ভাৰতবর্ষই বিশ্বৰ শক্তিশালী ৰাষ্ট্রৰ সৈতে আত্মসমর্পণ নকৰাকৈ অর্থাৎ মর্যাদাপূর্ণভাৱে থিয় দিছে৷ কোৱাডোৰো ভাৰত গুৰুত্বপূর্ণ শক্তি৷
চীনক ভেটিবলৈ ভাৰতে এতিয়াও বহুখিনি কাম কৰিবলগীয়া আছে৷ নিজকে আর্থিকভাৱে অধিক শক্তিশালী ৰূপে গঢ়ি তুলিব নোৱাৰিলে চীনৰ সৈতে ভাৰতৰ যুদ্ধখন কেতিয়াও ফলপ্রসূ নহ’ব৷ চীন আৰু ভাৰতৰ আর্থিক শক্তিৰ মাজত ব্যৱধান বহুত৷ দেশখনৰ আর্থিক শক্তি প্রায় ১৩ ট্রিলিয়ন ডলাৰ৷ আৰু ভাৰতৰ আর্থিক শক্তি প্রায় তিনি ট্রিলিয়ন ডলাৰ৷ অৱশ্যে ২০২৫ চনৰ ভিতৰত পাঁচ ট্রিলিয়ন ডলাৰৰ শক্তি অর্জনৰ বাবে ভাৰতে লক্ষ্য স্থিৰ কৰি লৈছে৷ কিন্তু ক’ভিড মহামাৰী আৰু তাৰে কিছু বছৰ পূর্বৰ পৰা ধাৰাবাহিক আর্থিক বিকাশৰ গতি মন্থৰ হৈ থকাত দেশখন সেই লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ হৈ পৰিছে৷ চীনক ভেটিবলৈ ভাৰতে আৰু এটা কাম কৰিব লাগিব৷ সীমান্তলৈ যাতায়াত ব্যৱস্থা সুগম কৰা৷ অর্থনীতিৰ পাছতে এইটোৱে ভাৰত আৰু চীনৰ ভাৰসাম্যত এটা বিশাল ব্যৱধান আনি দিছে৷ চীনে লাডাখৰ পৰা অৰুণাচললৈ সীমান্তৰ প্রায় প্রতিটো অংশতে নিজৰ উপস্থিতি নিশ্চিত কৰিব পাৰিছে পথ যাতায়াত ব্যৱস্থা সুচল কৰি৷ দুর্গমৰ পৰা দুর্গম এলেকাত চীনৰ উন্নত বাট–পথ আছে৷ ইয়ে চীনক সীমান্তৰ অধিক কাষলৈ লৈ আহিছে৷ ৰাষ্ট্রখনে ৰণকৌশলগত দিশৰ পৰা ভাৰততকৈ অধিক সুবিধাজনক অৱস্থাত আছে৷ এই অৱস্থাত যদি কেনেবাকৈ দুয়োখন ৰাষ্ট্রৰ মাজত যুদ্ধ হয়, ভাৰতীয় সেনা সীমান্তলৈ যাওঁতে অর্থাৎ ৰিয়েকচন সময় ইমান বেছি লাগিব যে তেতিয়ালৈকে শত্রু পক্ষৰ সেনা সীমান্ত অতিক্রম কৰি ভাৰতভূমিত প্রৱেশ কৰিব৷ সেয়ে সীমান্তত যাতায়াত ব্যৱস্থাৰ উন্নতি সাধন অতি জৰুৰী৷ শেহতীয়াকৈ প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে ১৭ জুনত অসম–ৰুণাচল সীমান্তত থকা আই টি বি পিৰ মুখ্য কার্যালয়লৈ আহি অৰুণাচল প্রদেশৰ কিমিন–পুতিন সংযোগী পথসহ দহটা আৰু জম্মু–কাশ্মীৰ, লাডাখ সীমান্তৰ দুটা পথ ভার্চুৱেল মাধ্যমৰ জৰিয়তে মুকলি কৰে৷ পথকেইটাই সীমান্তৱর্তী ৰাজ্যকেইখনৰ জনসাধাৰণ জীৱন ধাৰণৰ স্তৰ উন্নীত কৰাত যথেষ্ট সহায় কৰিব৷ ততোধিক সহায় হ’ব চীন সীমান্তলৈ সেনাৰ সঞ্চালন, ৰচদ–পাতি প্রেৰণ আদিত৷ পথকেইটা মুকলি কৰি ৰাজনাথ সিঙে কৈছে যে কাকো ভাবুকি দিয়াৰ উদ্দেশ্যে পথকেইটা নির্মাণ কৰা হোৱা নাই৷ ভাৰতৰ আভ্যন্তীৰণ অসুবিধা আৰু চাহিদাৰ জোৰা মাৰিবলৈ নির্মাণ কৰা হৈছে৷ কথাটো তেওঁ কাক উদ্দেশ্যে কৈছে, সেইটো বুজাত কাৰোৱেই অসুবিধা নহয়৷ লগতে পৰোক্ষভাৱে বুজাই দিয়া হৈছে যে ভাৰতে এতিয়া কাৰো ৰঙাচকুলৈ ভয় নকৰে৷ প্রয়োজন বুলি ভবা কামখিনি কৰি থাকিব৷ কোনোৱে বেয়া পাব বুলি ৰৈ নাথাকে৷ অকল সেয়াই নহয়, ভাৰতে চীন সীমান্তত ৩,৩২৩.৫৭ কিলোমিটাৰ দৈর্ঘ্যত ৬১টা পথ নির্মাণৰ কাম হাতত লৈছে৷ ৰাজনাথ সিঙে মুকলি কৰা পথকেইটা তাৰেই অংশ৷ পূর্বৰ চৰকাৰসমূহে এই দিশটোত গুৰুত্ব দিয়া নাছিল৷ কিন্তু শত্রু নম্বৰ একক ভেটিবলৈ এতিয়া ভাৰতে প্রায় সকলোখিনি কৰিবলৈ আৰম্ভ কৰিছে৷