ক’ভিড–১৯ৰ নতুন সংহাৰ
বিশ্বজুৰি ক’ভিড–১৯ মহামাৰীৰ সংহাৰৰ পৰা পৰিত্রাণ পাবলৈ ভেকচিন প্রদানৰ তৎপৰতা আৰম্ভ হোৱাৰ সময়তে ইউৰোপীয় দেশ ব্রিটেইনত ক’ভিডৰ পৰিৱর্তিত প্রকাৰে নতুন সংহাৰ আৰম্ভ কৰিছে৷ মূল ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছতকৈ এই পৰিৱর্তিত ভাইৰাছবিধে ৭০ গুণ অধিক দ্রুততাৰে সংক্রমণ ঘটাব পাৰে বুলি চিকিৎসা বিজ্ঞানী তথা গৱেষকসকলে ঘোষণা কৰিছে৷ লক্ষণীয়ভাৱে ব্রিটেইনত নতুন ক’ৰোনা ভাইৰাছৰ এই সংহাৰ আৰম্ভ হোৱাৰ লগে লগে দেশখনৰ সৈতে থকা ভ্রমণ সম্পর্ক বাতিল কৰিছে বিশ্বৰ গৰিষ্ঠসংখ্যক ৰাষ্ট্রই৷ ইউৰোপীয় সংঘৰ সদস্য অধিক সংখ্যক দেশে ব্রিটেইনৰ সৈতে থকা বিমান সম্পর্ক বাতিল কৰিছে৷ বাতিল কৰা হৈছে ৰে’ল সেৱা৷ এক বিচ্ছিন্ন দ্বীপত পৰিণত হ’বলৈ গৈ আছে ব্রিটেইন৷ দেশখনত ক’ৰোনাৰ পৰিৱর্তিত প্রকাৰে এই সংহাৰ সৃষ্টি কৰিছে যদিও ভাইৰাছবিধ মূল ক’ৰোনাৰ দৰে বিপজ্জনক হয় নে নাই তাক লৈ এতিয়াও চিকিৎসকসকলে কোনোধৰণৰ নিশ্চয়তা প্রদান কৰিবলৈ সক্ষম হোৱা নাই৷ তথাপি চলিত বর্ষটোত বিশ্বত ক’ভিড মহামাৰীয়ে যি সংহাৰৰ সৃষ্টি কৰি আছে, তাৰ ওপৰত নজৰ ৰাখিয়েই তাৎক্ষণিকভাৱে ব্রিটেইনৰ এই নতুন সংক্রমণক লৈ প্রায়বোৰ দেশে আশংকা প্রকাশ কৰিছে৷ এতিয়ালৈকে কেইবালাখো লোকৰ মৃত্যু হৈছে ক’ভিড মহামাৰীত৷ বিশ্বজুৰি আক্রান্ত হৈছে কেইবাকোটিও লোক৷ শেহতীয়াকৈ আমেৰিকাৰ ফাইজাৰ আৰু জার্মানীৰ দৰব প্রস্তুত কোম্পানী বায়’এনটেকে প্রস্তুত কৰি উলিওৱা ক’ভিড প্রতিৰোধী ভাইৰাছ বিভিন্ন দেশত জনসাধাৰণক প্রদান কৰিবলৈ লোৱা হৈছে৷ একে সময়তে কেইবাখনো দেশত বিভিন্ন পর্যায়ত চলি আছে প্রায় ২০টাকৈ ক’ৰোনা ভাইৰাছৰ ক্লিনিকেল পৰীক্ষা৷ কিন্তু এই ভাইৰাছ প্রদান বা টিকাকৰণ প্রক্রিয়া বিশ্বজুৰি ব্যাপ্ত হ’বলৈ সময় লাগিব প্রায় ৬ মাহ৷ অর্থাৎ আগন্তুক ছটা মাহ পৃথিৱীবাসীৰ বাবে অতি সংকটৰ বুলি চিহ্ণিত হৈছে৷ এই সংময়ছোৱাত ক’ভিড প্রট’কল মানি মাৰাত্মক মহামাৰীৰ পৰা প্রতিখন দেশে নিজকে ৰক্ষা কৰাৰ প্রচেষ্টা চলাইছে৷ সেইবাবেই ব্রিটেইনৰ নতুন ক’ৰোনাৰ সংহাৰক লৈ আতংকিত হৈ পৰিছে বিশ্ব৷ দেশখনৰ সৈতে সকলো সম্পর্ক ছেদ কৰাৰ বাবে বিভিন্ন দেশে চিন্তা–চর্চা চলাইছে৷
যোৱা বছৰ ডিচেম্বৰ মাহত চীনৰ য়ুহানত প্রাদুর্ভাৱ ঘটিছিল ক’ৰোনা ভাইৰাছৰ৷ যদিও বেইজিং প্রশাসনে য়ুহানত ক’ৰোনাৰ উৎপত্তিৰ কথা অস্বীকাৰ কৰি আছে, তথাপি বিশ্ব সম্প্রদায়ে চীনক এইক্ষেত্রত জগৰীয়া কৰি আহিছে৷ চীনে ক’ভিড–১৯ৰ প্রাদুর্ভাৱৰ কথা বহু পলমকৈ বিশ্ব স্বাস্থ্য সংস্থাক জনোৱা বুলি অভিযোগ কৰি আহিছে আমেৰিকা আৰু ইউৰোপৰ কেইবাখনো দেশে৷ শেহতীয়াকৈ ক’ভিডমুক্ত হৈ থকা এণ্টার্কটিকালৈ ভাইৰাছবিধৰ সংক্রমণ ঘটাৰ তথ্য আহিছে৷ অর্থাৎ ১০০ বছৰ পূর্বৰ স্পেনিছ ফ্লুৰ দৰে বিশ্বৰ প্রতিটো প্রান্ততে বিয়পি পৰিছে ভাইৰাছবিধ৷ এনে ভাইৰাছৰ পৰা পৰিত্রাণ পাবলৈ হ’লে ক্ষিপ্র গণ টিকাকৰণৰ গত্যন্তৰ নাই৷ কিন্তু ক’ভিড ভাইৰাছৰ পৰিৱর্তিত ৰূপে পুনৰ সৃষ্টি কৰিছে সন্দেহ৷ ইতিমধ্যে প্রস্তুত হোৱা বা বিভিন্ন দেশৰ পৰীক্ষাগাৰত প্রস্তুত হৈ থকা ভেকচিনবোৰ নতুন ভাইৰাছবিধৰ প্রতিৰোধৰ ক্ষেত্রত প্রযোজ্য হ’বনে নাই তাক লৈ চিকিৎসা বিজ্ঞানীসকলে কোনো তথ্য সদৰী কৰিব পৰা নাই৷ ব্রিটেইনত নতুন ক’ৰোনাৰ সংহাৰৰ সময়তে দক্ষিণ আফ্রিকাতো ক’ৰোনাৰ পৰিৱর্তিত ৰূপে সৃষ্টি কৰিছে আতংক৷ লক্ষণীয়ভাৱে ব্রিটেইনত সংক্রমণৰ সংহাৰ সৃষ্টি কৰা নতুন ক’ৰোনাৰ সৈতে আফ্রিকাত উপস্থিতি ধৰা পৰা ক’ৰোনা ভাইৰাছৰ কোনো সাদৃশ্য নাই৷ অর্থাৎ মাৰাত্মক ক’ৰোনা মহামাৰীৰ কেইবাটাও ৰূপত পৰিৱর্তন ঘটিছে৷ মূল ক’ৰোনাৰ সৈতে এই ভাইৰাছবোৰৰ সংক্রমণৰ সাদৃশ্য থাকিবনে নাই, সেয়াও নিশ্চিত কৰিব পৰা নাই বিজ্ঞানীসকলে৷ গতিকে ক’ভিড মহামাৰী আগন্তুক বর্ষটোতো মানৱ জাতিৰ বাবে বিপদ হিচাপে চিহ্ণিত হৈ থাকিব৷ অৱশ্যে তাৎক্ষণিকভাৱে বিশ্ব স্বাস্থ্য সংস্থা বা আন আন্তর্জাতিক সংস্থাসমূহে ক’ৰোনাৰ পৰিৱর্তিত ৰূপ সন্দর্ভত কোনোধৰণৰ তথ্য প্রকাশ কৰা নাই৷