নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষকৰ সমস্যা সন্দর্ভত বাজেট সঁচাকৈ নিমাতনে?

বিত্তমন্ত্রী নির্মলা সীতাৰমণে ২০২২–২৩ বিত্তীয় বর্ষৰ সাধাৰণ বাজেট সংসদত দাখিল কৰিলে৷ বাজেটখন কেইবাটাও দিশৰ পৰা গুৰুত্বপূর্ণ৷ এইক্ষেত্রত প্রথমেই নাম ল’ব পাৰি দেশৰ আর্থিক দুৰৱস্থাৰ কথা৷ ৫ ত্রিলিয়ন আর্থিক শক্তিৰ লক্ষ্য লৈ আগবঢ়া দেশখনৰ অর্থনীতিত ক’ভিডে যিদৰে মাধমাৰ শোধালে, সেয়া কল্পনাতীত৷ কোনোৱে ভাবিবই পৰা নাছিল যে দেশখনৰ অর্থনীতিয়ে এদিন এনে এটা দুর্যোগৰ সৈতে মোকাবিলা কৰিব লাগিব৷ কিন্তু সময়ে বিপর্যয়ৰ এটা নতুন ইতিহাস লিখিবলৈ অপেক্ষা কৰি আছিল৷ সমগ্র বিশ্বৰ লগতে ভাৰতো ক’ভিডৰ গ্রাসত পৰিল৷ অর্থনীতিৰ গতি আৰু দিশ সলনি হৈ পৰিল৷ লাখ লাখ লোকে কর্মসংস্থাপন হেৰুৱালে৷ লকডাউন তথা অন্যান্য ক’ৰোনাবিধিৰ জালত পৰি দেশৰ উৎপাদন আদি ৰপ্তানি ব্যৱস্থাটো কঠিন প্রত্যাহ্বানৰ সন্মুখীন হ’বলৈ বাধ্য হ’ল৷ প্রগতিৰ ৰথখনৰ গতি মন্থৰ হৈ পৰিল৷ এই প্রেক্ষাপটত দেশৰ অর্থনীতিত পুনৰ শক্তি দিয়াৰ বাবে চৰকাৰী পদক্ষেপ জৰুৰী হৈ পৰিল৷ বাজেটখনে দেশৰ মন্থৰ অর্থনীতিক কিদৰে শক্তি আৰু গতি দিয়ে, সেইটো অন্য প্রসংগ৷ এইবাৰৰ সাধাৰণ বাজেটখনৰ পৰা দেশখনৰ সাধাৰণ জনতাৰ আন এটা প্রত্যাশা আছিল৷ প্রত্যাশা ঠিক নহয়, আশা কৰিছিল কেন্দ্রীয় চৰকাৰে দেশৰ পাঁচখন ৰাজ্যৰ সমাগত বিধানসভা নির্বাচনক মনত ৰাখি কেতবোৰ মন ভুলোৱা আঁচনি অথবা প্রস্তাৱ সন্নিৱিষ্ট কৰিব৷ কিন্তু কার্যত সেয়াও পৰিলক্ষিত নহ’ল৷ এক কথাত ক’বলৈ গ’লে বাজেটখনত পাঁচখন ৰাজ্যৰ বিধানসভা নির্বাচনক আওকাণ কৰা হ’ল৷ তেনে কোনো আঁচনি বা প্রস্তাৱ বাজেটত সন্নিৱিষ্ট নহ’ল৷ কেন্দ্রীয় চৰকাৰে উত্তৰপ্রদেশ দৰে দেশখনৰ অতি গুৰুত্বপূর্ণ ৰাজ্য এখনৰ বিধানসভা নির্বাচনকো একপ্রকাৰ উপেক্ষা কৰিলে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সম্ভৱতঃ নতুন ভাৰতৰ ধাৰণাটোতদেশৰ জনসাধাৰণ সন্তুষ্ট হৈ থকা বুলি ধৰি ল’লে৷ এই দুটা দিশৰ সৈতে বাজেটখনত কৃষকক লৈ বহু ঘোষণা থাকিব বুলি আশা কৰা হৈছিল৷ পাঁচখন ৰাজ্যৰ বিধানসভা নির্বাচনৰ পূর্বে অসন্তুষ্ট কৃষকক সুখী কৰিবলৈ কেন্দ্রই নতুন নতুন ঘোষণা কৰিব বুলি ধাৰণা কৰা হৈছিল৷ কিন্তু কার্যতঃ এয়াও হৈ নুঠিল৷ এইবাবে কৃষক আন্দোলনৰ নেতৃত্বই কৃষকৰ ওপৰত আন্দোলনৰ প্রতিশোধ লোৱা বুলি কেন্দ্রক সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে৷ ইয়াক নির্বাচনী বিষয় হিচাপে লোৱাৰ ইংগিত দিছে৷ প্রসংগক্রমে এটা কথা ক’ব পাৰি যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে হঠাতে তিনিওখন কৃষি আইন প্রত্যাহাৰ কৰিব বুলি ঘোষণা কৰা সত্ত্বেও দেশখনৰ কৃষক আন্দোলনৰ নেতৃত্বৰ মুখত সন্তুষ্টি অথবা প্রশংসাৰ এটা শব্দও উচ্চাৰিত নহ’ল৷ ইয়াৰ আঁৰৰ উদ্দেশ্য স্পষ্ট– ৰাজনৈতিকভাৱে চৰকাৰখনক শ’লঠেকত পেলাব লাগে৷ কিন্তু আন্দোলনকাৰী কৃষক সংগঠনকেইটা ৰাজনৈতিক দল নহয়৷ অর্থাৎ ইয়াৰ আঁৰত ৰাজনৈতিক শক্তি জডিত হৈ আছে৷ কিন্তু আন্দোলনকাৰী কৃষক সংগঠনৰ অভিযোগ অনুসৰি বাজেটখনত কৃষকৰ বাবে একোৱেই নাইনে?
এইবাৰৰ বাজেটত ঋণ ৰেহাই, ৰাজসাহায্য, প্রধানমন্ত্রী কিষাণ সন্মান নিধিত বৃদ্ধি আদি সন্নিৱিষ্ট হোৱা নাই৷ কিন্তু বাজেটত কৃষকৰ বাবে কেইটামান গুৰুত্বপূর্ণ বিষয় অন্তর্ভুক্ত হৈছে, যিয়ে কৃষকৰ ভৱিষ্যৎ সলনি কৰিব পাৰে৷ তাৰে এটা হৈছে নূ্যনতম সমর্থন মূল্যত কৃষকৰ উৎপাদিত সামগ্রী ক্রয়ৰ ব্যৱস্থা৷ এই ব্যৱস্থাটোৰ জৰিয়তে কৃষকে উৎপাদিত সামগ্রীৰ উচিত মূল্য পাব পাৰে৷ অৱশ্যে ব্যৱস্থাটোত কিছু ত্রুটি–বিচ্যুতি আছে৷ বিশেষকৈ এচাম মধ্যভোগীয়ে কৃষকৰ পৰা কম দামত ফচল ক্রয় কৰি সেইবোৰ নূ্যনতম সমর্থন মূল্যত বিক্রী কৰি মুনাফা আদায় কৰি আহিছে৷ ইয়াৰ বাবে উত্তৰ প্রদেশ, মধ্যপ্রদেশ, বিহাৰ, হাৰিয়ানা আদি ৰাজ্যত হাজাৰ হাজাৰ ভুৱা একাউণ্ট খোলাৰ বিষয়টো আজি গোপন হৈ থকা নাই৷ চৰকাৰে ক্রয় ব্যৱস্থাটো মসৃণ কৰিব লাগিব৷ মধ্যভোগী অথবা দালালৰ পৰা ব্যৱস্থাটো সম্পূর্ণৰূপে মুক্ত কৰিব লাগিব৷ অসমত এনে এটা প্রয়াস শেহতীয়াভাৱে চৰকাৰে হাতত লৈছে৷ দেশৰ অন্যান্য অংশতো সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে ব্যৱস্থাটো পানী নসৰকা কৰিব লাগিব৷ তেতিয়া প্রকৃতার্থত কৃষক লাভান্বিত হ’ব৷ আর্থিকভাৱে শক্তিশালী হোৱাৰ পথ প্রশস্ত হ’ব৷ এইবাৰৰ বাজেটত ড্রোন ব্যৱহাৰৰ কথা উল্লেখ কৰা হৈছে৷ এইটো কৃষকৰ বাবে লাভদায়ক ব্যৱস্থাত পৰিণত হ’ব পাৰে৷ চৰকাৰৰ উদ্দেশ্যও এয়াই৷ আচলতে ভাৰতৰ কৃষি ক্ষেত্রখনত বহু পূর্বেই এনে অত্যাধুনিক প্রযুক্তি ব্যৱহাৰ হ’ব লাগিছিল৷ ড্রোনৰ জৰিয়তে ফচলৰ অনুমান কৰাত সুবিধা হ’ব৷ লগতে ভূমিৰ যাৱতীয় তথ্য সংগ্রহ আৰু সংৰক্ষণ ব্যৱস্থাটোৱে কৃষকক ষথেষ্ট পৰিমাণে সহায় কৰাৰ সম্ভাৱনা আছে৷ কিয়নো ভূমিয়েই কৃষকৰ প্রাণ৷ ইয়াক প্রণালীবদ্ধভাৱে আৰু কৃষকৰ স্বার্থত ব্যৱহাৰ কৰিলে কৃষক সমাজ বহু সমস্যাৰ পৰা সকাহ পাব৷ বাজেটত এইবাৰ এটা অতি গুৰুত্বপূর্ণ প্রস্তাৱ ৰখা হৈছে৷ জৈৱিক কৃষি পদ্ধতিত চৰকাৰে জোৰ দিছে৷ আজিৰ তাৰিখত ৰাসায়নিক সাৰ বা অন্যান্য ৰাসায়নিক দ্রব্য প্রয়োগৰ জৰিয়তে হোৱা কৃষিৰ ফচলক জনসাধাৰণে গুৰুত্ব দিবলৈ এৰি দিছে৷ ইয়াৰ মূল কাৰণ স্বাস্থজনিত সমস্যা৷ তেনে ফচলৰ খাদ্যৰ বাবে জনস্বাস্থ্য সংকটত পৰিছে৷ নতুন নতুন বেমাৰত ভুগিবলগীয়া হৈছে৷ গংগাৰ পাৰে পাৰে ৫ কিলোমিটাৰ অঞ্চলত জৈৱিক পদ্ধতিৰে খেতি কৰাৰ বাবে উদগনিমূলক ব্যৱস্থা হাতত লোৱা হৈছে৷ প্রয়াসটো সফল হ’লে ই দেশৰ অন্যান্য অঞ্চলৰ কৃষকৰ বাবে আদর্শস্বৰূপ হৈ পৰিব৷ আনেও পথটোৰে যাত্রা কৰি দেশৰ কৃষি ক্ষেত্রখনৰ ৰূপৰেখাই সলনি কৰি দিব৷ চৰকাৰে এইবাৰৰ বাজেটত কৃষি ক্ষেত্রখনৰ সৈতে সম্পর্কিত ষ্টার্টআপক উৎসাহিত কৰাৰ উদ্দেশ্যে নাবার্ডৰ জৰিয়তে আর্থিক সহযোগিতাৰ ব্যৱস্থা কৰিছে৷ ইয়ে নৱপ্রজন্মৰ প্রতিনিধিক কৃষিক্ষেত্রখনলৈ আকর্ষিত কৰিব৷ এনে ব্যৱস্থাৱলীৰ আঁৰত আছে এটা দূৰদর্শী চিন্তা৷ সেয়ে ক’ব পাৰি যে বাজেটখনে কৃষকৰ বাবে একো দিয়া নাই বা চিন্তা কৰা নাই– সেইটো সম্পূর্ণৰূপে শুদ্ধ নহয়৷ বৰং ক’ব পাৰি, বাজেটখন কৃষকৰ ভৱিষ্যতক লৈ প্রস্তুত কৰা হৈছে৷ ইয়াৰ সুফলৰ বাবে কিছু অপেক্ষাৰ প্রয়োজন হ’ব৷

You might also like