নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমতাভৰা পৃথিৱী

ছুইজাৰলেণ্ডৰ ডাভোছ চহৰত অনুষ্ঠিত বিশ্ব অর্থনৈতিক ফ’ৰাম (ডব্লিউইএফ)ৰ সন্মিলনৰ প্রথম দিনাখনেই আন্তর্জাতিক সংস্থা অক্সাফামে প্রকাশ কৰা প্রতিবেদনত সমগ্র পৃথিৱীত চলি থকা আর্থিক বৈষম্যৰ ছবিখন পোহৰলৈ আহিছে৷ এই গ্রহত মানৱ জাতিৰ মাজত কি এক সাংঘাতিক অসমতা চলি আছে অক্সাফামৰ এই প্রতিবেদনে স্পষ্ট কৰি দিছে৷ বিগত বর্ষটো বিশ্ববাসীৰ বাবে দ্বিতীয় মহাসমৰৰ পাছত অতি ভয়াৱহ বছৰ৷ ক’ভিড–১৯ মহামাৰীয়ে সমগ্র বিশ্বক উপহাৰ দিছিল পংগুত্ব৷ বহু লাখ লোকে এই মহামাৰীত প্রাণ হেৰুৱালে৷ বহু কোটি মহামাৰীত আক্রান্ত হ’ল৷ মহামাৰীৰ বাবেই স্পষ্ট হৈ পৰিল উৎপাদন ক্ষেত্রসমূহ৷ নিশাৰ ভিতৰতে কোটি কোটি লোকে হেৰুৱাবলগীয়া হ’ল জীৱিকা৷ অর্থনৈতিক ক্ষেত্রলৈ নামি আহিল নজিৰবিহীন নৈৰাশ্য৷ গতিকে মানৱ জাতিৰ সন্মুখত ক’ভিড–১৯ মহামাৰী এক মহাঘাতক হিচাপে চিহ্ণিত হ’ল৷ কিন্তু এই মহামাৰীৰ মাজতে একাংশ ধনকুবেৰৰ অর্থনৈতিক সাম্রাজ্য বৃদ্ধি পালে অভাৱনীয়ভাৱে৷ অক্সফামৰ প্রতিবেদন অনুসৰি ভাৰতৰ ধনকুবেৰ বিলিয়নিয়াৰসকলৰ ক’ভিড–১৯ লকডাউনৰ সময়ত সম্পত্তি বৃদ্ধি হ’ঢ় ৩৫ শতাংশ৷ অর্থাৎ তিনি লাখ কোটি ডলাৰতকৈ অধিক সম্পত্তি লকডাউনৰ সময়ত বৃদ্ধি পাইছে ভাৰতৰ এই এমুঠি ধনকুবেৰৰ৷ এইক্ষেত্রত আমেৰিকা, চীন, জার্মানী, ৰাছিয়া আৰু ফ্রান্সৰ পাছতে ভাৰতৰ ধনকুবেৰসকলে নিজৰ সম্পত্তিৰ সাম্রাজ্য গঢ়াৰ ক্ষেত্রত স্থান নিশ্চিত কৰিছে৷ অকল মুকেশ আম্বানিয়ে মহামাৰীৰ লকডাউনৰ সময়ত মাত্র এঘণ্টাৰ ভিতৰত উপার্জন কৰিবলৈ সক্ষম হৈছে ৯০ কোটি টকা৷ এই সময়ছোৱাত ২৪ শতাংশ ভাৰতীয় জনসাধাৰণৰ মাহিলী উপার্জন আছিল ৩ হাজাৰ টকাৰ তলত৷ কি ভয়ংকৰ অসমতা ভৰা পৃথিৱীৰ বাসিন্দা আমি৷ এমুঠি ধনকুবেৰে ভক্ষণ কৰিছে ক্রীমলেয়াৰ আৰু কোটি কোটি লোক নিৰন্ন অৱস্থাত পৰি আছে৷ অথচ এইখন দেশকেই কোৱা হয় মহত্তম গণতন্ত্রৰ দেশ৷ কি গণতন্ত্র আছে ইয়াত? মানুহৰ মৌলিক অধিকাৰ বুলি কি বর্তি আছে? মাত্র এমুঠি ধনকুবেৰে আজি দেশখনৰ সম্পদ নিয়ন্ত্রণ কৰিবলৈ লৈছে আৰু কোটি কোটি লোক অর্ধাহাৰ, অনাহাৰৰ কবলত থাকিবলগীয়া হৈছে৷ অক্সাফামৰ প্রতিবেদন অনুসৰি লকডাউনৰ সময়ত এশজন শীর্ষস্থানত থকা ধনকুবেৰে যিমান সম্পত্তি গঢ়িবলৈ সক্ষম হৈছে, তেওঁলোকে ১৩৮ নিযুত অতি দুখীয়া ভাৰতীয়ক ৯৪,০৪৫ টকাকৈ প্রদান কৰিব পাৰে৷ বৈষম্যভৰা পৃথিৱীৰ বাসিন্দা এতিয়া আমি সকলোৱে৷
মাত্র ১১জন ধনকুবেৰে ১০ বছৰলৈ স্বাস্থ্য মন্ত্রণালয়ে দেশৰ বাবে কৰিব পৰা সকলো ব্যৱস্থা কৰাৰ সমপর্যায়ৰ সম্পদ সংগ্রহ কৰিছে মহামাৰীৰ সময়ত৷ লক্ষণীয়ভাৱে যিসকল লোকে মহামাৰীৰ সময়ত জীৱিকা হেৰুৱাইছে এই সকলো লোকক সংস্থাপন কৰিব পৰাকৈ সম্পদ আহৰণ কৰিছে ধনকুবেৰসকলে৷ মহামাৰীৰ সময়ত বিশ্বৰ অসংখ্য লোকে হেৰুৱালে জীৱিকা৷ কিন্তু এমুঠি ধনকুবেৰে অভাৱনীয়ভাৱে নিজৰ সম্পদৰ সাম্রাজ্য বিস্তাৰ কৰিলে৷ ভাৰতত যিমান সংখ্যক লোকে কাম হেৰুৱালে, ধনকুবেৰসকলে লকডাউনৰ সময়ত উপার্জন কৰা ধন বিলাই দিলেও এই লোকসকলৰ জীৱনলৈ ঘূৰি আহিব পাৰে স্বাস্বন্দ্য৷ অক্সাফামৰ এই প্রতিবেদনে উদঙাই দিছে যে সমগ্র পৃথিৱীত এতিয়া বৃদ্ধি পাইছে অভাৱনীয়ভাৱে আর্থিক অসমতা৷ ৯৯ শতাংশ লোকৰ জীৱন–জীৱিকাৰ সংকট চলি থকাৰ সময়ত মাত্র ১ শতাংশ মানুহে পৃথিৱী নিয়ন্ত্রণ কৰিবলৈ আগবাঢ়িছে৷ কিয় এই অসমতা? কিয় এই ভয়াৱহ আর্থিক বৈষম্য? অক্সফামৰ প্রতিবেদনে দেখুৱাই দিছে যে বিশ্বত যি শাসন ব্যৱস্থা চলি আছে, সেয়া গৰিষ্ঠসংখ্যক লোকৰ স্বার্থত নহয়৷ মাত্র এমুঠি ধনকুবেৰৰ সম্পদৰ সাম্রাজ্য ৰক্ষণাবেক্ষণ দিয়াৰ বাবে আজি চলি আছে বিশ্ব ব্যৱস্থা৷ ইয়াৰ বাবেই অসংখ্য মানুহ দুর্ভিক্ষৰ কবলত পৰি আছে৷ অশিক্ষা–স্বাস্থ্য আৰু অপুষ্টিৰ অন্ধকাৰত নিমজ্জিত হৈছে পৃথিৱীবাসীৰ গৰিষ্ঠসংখ্যকৰ জীৱন৷

You might also like