নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রার্থিত্ব–সমষ্টিকেন্দ্ৰিক সংঘাত

ভাৰতবৰ্ষত নির্বাচনী ৰাজনীতি যথেষ্ট সলনি হ’ল৷ এতিয়া কোনো দলেই বৃহৎ বৃহৎ নির্বাচন এককভাৱে নেখেলা হ’ল৷ প্রায় সকলো ৰাজনৈতিক দলে আজিকালি মর্চা মিত্রজোঁট গঠন কৰি নির্বাচনী ৰণত অৱতীর্ণ হয়৷ মিত্রজোঁটৰ ৰাজনীতিও দুই ধৰণৰ৷ এটা প্রাক্নির্বাচনী আৰু আনটো নির্বাচনোত্তৰ৷ নির্বাচনী সাফল্যত দুয়োবিধ মিত্রজোঁটৰ ৰাজনীতিৰে সমান গুৰুত্ব আছে যদিও প্রাক্নির্বাচনী মিত্রতাৰ কথা অলপ সুকীয়া৷ ই ভোটাৰৰ দৰবাৰত অনুমোদনপ্রাপ্ত হ’ লাগ্বি৷ তেতিয়াহে সফলতা অর্জন কৰ্বি পৰা যাব৷ ক্ষমতাত অধিষ্ঠিত হ’ব পৰা যাব৷ এইটো কৌশল মূলতঃ ভোট বিভাজন ৰোধ কৰি প্রতিপক্ষক পৰাজিত কৰাৰ ােব গ্রহণ কৰা হয়৷ সঠিক ৰূপত গঠিত মর্চা, মিত্রজোঁট  মহাজোঁটে শক্তিশালী শাসক পক্ষকো ধৰাশায়ী কৰি ক্ষমতাৰ পৰা আঁতৰি যাবলৈ বাধ্য কৰে৷ আনহাতে, মিত্রতা বাস্তৱসন্মত নহ’লে নতুবা জনসাধাৰণৰ আকাংক্ষাক প্রতিফলন কৰ্বি পৰা নহ’লে হাজাৰ প্রতিশ্রুতি, আশ্বাসে তেনে মিত্রতাক ভোটাৰে গ্রহণ নকৰে৷ ২০১৯ চনৰ লোকসভা নির্বাচনত কংগ্রেছ নেতৃত্বাধীন মিত্রজোঁট বিফল হোৱাৰ কাৰণো এইটোৱেই আছিল৷ কংগ্রেছে দেশৰ জনসাধাৰণক নূ্যনতম নিশ্চিত আয়ৰ নিশ্চিতি দিও মুখথেকেচা খাবলগীয়া হৈছিল একমাত্র গ্রহণযোগ্যতাৰ অভাৱত৷ দেশখনে ইউ পি এক গ্রহণেই কৰ্বিলৈ নিবিচাৰিলে৷ মিত্রতাৰ ৰাজনীতিৰ আৰু এটা সমস্যা আছে৷ আসন ভাগ–বাটোৱাৰা৷ হুক্ষেত্রত আসন ভাগ–বাটোৱাৰা সঠিকভাৱে হৈ নুঠিলেও কোনো এটা মর্চা মিত্রজোঁটে ক্ষমতা লাভৰ াটত উজুটি খায়৷ ইয়াৰ উদাহৰণ বিহাৰ৷ ৰাজ্যখনত আৰ জে ডিয়ে প্ৰস্তাৱৰ ওপৰলৈ গৈ কংগ্রেছক অধিক আসন এৰি দিয়াৰ বাবে শাসনত অধিষ্ঠিত হ’ নোৱাৰিলে এই প্ৰস্তাৱ সত্যটো এতিয়া আৰ জে ডিৰ দুই–এজন নেতাই মানি ল’লৈ আৰম্ভ কৰিছে৷
মিত্রজোঁটৰ ৰাজনীতিৰ এখন বিপৰীত ছবিয়ে এতিয়া অসমৰ চৌদিশ ছানি ধৰিছে৷ অৱশ্যে মিত্রতাৰ ৰাজনীতিৰ এয়া সুলভ দৃশ্য৷ শেহতীয়াকৈ অনুষ্ঠিত প্রতিটো বিধানসভাৰ প্রাক্ক্ষণত এনে ধৰণৰ অসন্তুষ্টি, বিদ্রোহ আদি দেখা যায়৷ পিছলৈ লাহে লাহে ঠিক হৈ যায়৷ কিছু কিছু আত্মবিশ্বাসী লোক নিজৰ স্থিতিত অটল থাকে আৰু নির্দলীয় া আন দললৈ ঢ়াপলি মেলি নির্বাচনী ৰণত জঁপিয়াই পৰে৷ অসমত এই মুহূর্তত প্রার্থিত্ব আৰু সমষ্টিক লৈ প্রায় সকলো ৰাজনৈতিক দলৰ মজিয়াত সংঘাতপূর্ণ পৰিস্থিতি বিৰাজমান৷ বিজেপি–গপ–ইউ পি পি এলৰ মাজত সমষ্টি ভাগ–বাটোৱাৰাক লৈ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে৷ ইউ পি পি এলৰ বি টি আৰৰ অন্তর্গত কেউটা বিধানসভা সমষ্টিৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ মন৷ কিন্তু দলটোক বিটিচিৰ শাসন ক্ষমতালৈ অনাত বিজেপি আৰু জি এছ পিৰ অৰিহণা অন্বদ্য৷ গতিকে দুয়োটা দলেই বি টি আৰৰ বিধানসভা সমষ্টিকেইটা ইউ পি পি এলক অকলে খেল্বিলৈ এৰি নিদিয়ে৷ ইয়াৰ সমাধান সূত্র দলকেইটাই উলিয়াব লাগ্বি৷ আনহাতে, অগপই প্রতিনিধিত্ব কৰি থকা কেইবাটাও সমষ্টি বিজেপিক আৰু বিজেপিৰ বিধায়কৰ হাতত থকা কেইবাটাও সমষ্টি অগপক লাগে৷ ইয়াকে লৈ পলে পলে ভিন্ন খ্বৰ ওলাই আছে৷ সেই খ্বৰৰ ভিত্তিত সুখ, ক্ষোভ, বিদ্রোহৰ প্রকাশ ঘটি আছে৷ আনহাতে, মহাজোঁটতো অনুৰূপ পৰিস্থিতি৷ চি পি আইক মৰিগাঁও সমষ্টিটো এৰি দ্বি বিচৰা নাই সমষ্টিটোৰ কংগ্রেছীয়ে৷ কংগ্রেছৰ কেইবাজনো বিধায়ক এ আই ইউ ডি এফৰ সৈতে মিত্রতাত অসন্তুষ্ট হৈ আছে৷ তাৰে কেইজনমানৰ বিৰোধিতা মাথোঁ প্রার্থিত্বক লৈ৷ এ আই ইউ ডি এফক সমষ্টিকেইটা এৰি দিলে তেওঁলোকৰ সান্দহ খোৱা ালি তল যাব৷ গতিকে এই মুহূর্তত কংগ্রেছ এটা জ্বালামুখীৰ ওপৰত হি থকাৰ দৰেই হৈছে৷ কেতিয়া দলটো বিস্ফোৰক পৰিস্থিতিৰ সন্মুখীন হয়, তাৰ ঠিক নাই৷ এ আই ইউ ডি এফতো বিদ্রোহৰ উকমুকনি ঘটিছে৷ জয়লাভ কৰ্বি লি নিশ্চিত হৈ থকা হু নেতাই কংগ্রেছক সমষ্টিকেইটা এৰি দ্বি লি শংকাত ভুগিছে৷ মহাজোঁটৰ আসন ভাগ–বাটোৱাৰাৰ তালিকাখন পোহৰলৈ আহিলেই মূল দল দুটাৰ মজিয়াত নিয়ন্ত্রণ কৰি নোৱৰা ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হ’ পাৰে৷ মুঠতে এই সময়ছোৱা এনেকুৱাই৷ মনোনয়ন দাখিলৰ পিছত লাহে লাহে ছবি সলনি হ’৷ শাসন ক্ষমতা লাভৰ যুঁজত সকলো স্ত হৈ পৰ্বি৷

You might also like