নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম এছিয়াৰ অশান্তি

পশ্চিম এছিয়াৰ শান্তি প্রক্রিয়া দীর্ঘস্থায়ী হ’বনে? পুৰণি ইতিহাস বিশ্লেষণ কৰি ৰাজনৈতিক বিশ্লেষকসকলে আজিৰ মুহূর্তত এই প্রশ্ণৰে অৱতাৰণা কৰিছে৷ শেহতীয়াকৈ ইজৰাইল আৰু পেলেষ্টাইনৰ গাজা ষ্ট্রীপৰ শাসনত থকা বিদ্রোহী সংগঠন হামাছৰ মাজত চলা ৰক্তক্ষয়ী সংঘর্ষৰ পাছত উভয় পক্ষই যুদ্ধ বিৰতিৰ প্রতি সহমত পোষণ কৰিছে যদিও দীর্ঘদিনীয়া সমস্যাৰ সমাধানৰ ক্ষেত্রত ইজৰাইল–পেলেষ্টাইনে সদিচ্ছা প্রকাশ কৰা বুলি বিশ্বৰ কোনো দেশে মানি লোৱা নাই৷ জেৰুজালেমৰ আল–আস্কা মছজিদত ইহুদী আৰু আৰৱ মূলৰ লোকসকলৰ মাজত হোৱা সংঘর্ষক কেন্দ্র কৰি সৃষ্টি হয় ৰক্তক্ষয়ী সংঘাত৷ এই ৰক্তক্ষয়ী সংঘাতত পূর্বৰ দৰে পেলেষ্টাইনৰ ভূ–খণ্ড গাজা ষ্ট্রীপ চেপি–খুন্দি নিঃশেষ কৰাৰ হিংস্রতাৰ পৰিচয় দিয়ে ইজৰাইলী সেনাই৷ পেলেষ্টাইনী বিদ্রোহী সংগঠন হামাছৰ গোপন আশ্রয়স্থলীত বোমা আৰু ক্ষেপণাস্ত্রৰে আঘাত হনা বুলি বিশ্ববাসীৰ সন্মুখত উল্লেখ কৰি মূলতঃ নিৰীহ পেলেষ্টাইনীসকলৰ বসতি অঞ্চলত হিংস্র আক্রমণ চলায় ইজৰাইলী বাহিনীয়ে৷ যাৰ পৰিণতিত আঢ়ৈ শতাধিক লোক নিহত হয়৷ এই নিহত লোকসকলৰ ভিতৰত আছিল ৬৩টা শিশু আৰু ৩০গৰাকীতকৈ অধিক মহিলা৷ ইফালে ইজৰাইলী বাহিনীৰ আক্রমণৰ বিৰুদ্ধে প্রতিশোধ হিচাপে বিদ্রোহী হামাছে চলোৱা ৰকেট আক্রমণত দুটি শিশুসহ নিহত ১০গৰাকী লোক৷ কিন্তু ইজৰাইলৰ ভূ–খণ্ডত ক্ষয়–ক্ষতিৰ পৰিমাণ তেনেই নগণ্য৷ এই ঘটনাই প্রমাণ কৰে যে পেলেষ্টাইনৰ বিৰুদ্ধে যেতিয়াই ইজৰাইলে আক্রমণ চলাইছে, তেতিয়াই সর্বশক্তি প্রয়োগ কৰিছে৷ পাৰস্য উপ–সাগৰীয় ৰাষ্ট্র কাটাৰ আৰু ইজিপ্তৰ উদ্যোগত ইজৰাইল আৰু বিদ্রোহী হামাছে যুদ্ধ বিৰতিৰ প্রতি সহমত পোষণ কৰে যদিও আজিলৈকে উভয় পক্ষৰ মাজত কোনোধৰণৰ চুক্তি স্বাক্ষৰ হোৱা নাই৷ ১১ দিনীয়া ৰক্তক্ষয়ী সংঘর্ষৰ অৱসানৰ পাছতো সেইবাবে অব্যাহত আছে আতংক৷ যেতিয়ালৈকে আনুষ্ঠানিক যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ নহয়, তেতিয়ালৈকে যিকোনো পক্ষই আৰম্ভ কৰিব পাৰে পুনৰ আক্রমণ৷ অৱশ্যে শেহতীয়াকৈ মার্কিন বিদেশ সচিব এণ্টনী ব্লিংকেনে ইজৰাইলত উপস্থিত হৈ দেশখনৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহুৰ সৈতে গুৰুত্বপূর্ণ আলোচনাত মিলিত হৈছে৷ আজিৰ মুহূর্তত পশ্চিম এছিয়াৰ শান্তি প্রক্রিয়াক ত্বৰান্বিত নকৰিলে বিশ্বজুৰি পেলেষ্টাইনৰ ওপৰত চলি থকা অৱদমনৰ বিষয়টোক লৈয়ে অস্থিৰতা সৃষ্টি হ’ব পাৰে বুলি আশংকা কৰিছে আমেৰিকাই৷
দীর্ঘদিন ধৰি পেলেষ্টাইনৰ স্বাধীনতাৰ প্রসংগটোক গুৰুত্ব প্রদান কৰি আহিছে ৰাষ্ট্রসংঘৰ গৰিষ্ঠসংখ্যক দেশে৷ আনকি ইউৰোপীয় সংঘৰ দেশসমূহেও পেলেষ্টাইনক স্বাধীন ৰাষ্ট্র হিচাপে ঘোষণা কৰিব লাগে বুলি দাবী জনাই আহিছে৷ চীনে দ্বি–ৰাষ্ট্রৰ সমাধান সূত্রৰে পেলেষ্টাইনক শীঘ্রে স্বাধীনতা প্রদান কৰিব লাগে বুলি দাবী জনাইছে৷ কিন্তু ইহুদী ৰাষ্ট্র ইজৰাইলৰ সপক্ষত থাকি সমগ্র মধ্য প্রাচ্যৰ সম্পদ নিয়ন্ত্রণৰ গোপন অভিসন্ধিৰে আমেৰিকাই এই ক্ষেত্রত বাৰে বাৰে হেঙাৰ সৃষ্টি কৰি আহিছে৷ মধ্য প্রাচ্যত একমাত্র বন্ধু ৰাষ্ট্র হিচাপে ইজৰাইলৰ সৈতে সহযোগিতা ৰক্ষা কৰি হোৱাইট হাউছ প্রশাসনে নিজৰ কুটিল অভিসন্ধিক বাস্তৱায়িত কৰাৰ চেষ্টা চলোৱাৰ ফলতেই বাৰে বাৰে সমগ্র অঞ্চলটোত সৃষ্টি হৈছে অস্থিৰতা৷ অকল সেয়াই নহয়, ইজৰাইলে অবৈধভাৱে ছিৰিয়াৰ গোলানহাইট অঞ্চল দখল কৰি থকা সত্বেও হোৱাইট হাউছ প্রশাসনে এই অঞ্চলটো সার্বভৌম ইজৰাইলৰ অন্তর্ভুক্ত বুলি অভিহিত কৰি আহিছে৷ ইয়াৰ পৰিণতিত ছিৰিয়া, ইৰান তথা মধ্য প্রাচ্যৰ অন্য ৰাষ্ট্রবোৰত বাৰে বাৰে সৃষ্টি হৈছে উত্তেজনা৷ এই উত্তেজনা প্রশমিত কৰাৰ বাবে যেতিয়াই বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘৰ মজিয়াত সদস্য দেশসমূহৰ গৰিষ্ঠসংখ্যকে উদ্যোগ গ্রহণ কৰে, তেতিয়াই আমেৰিকাই বিধি–পথালি দিয়ে৷ অর্থাৎ পশ্চিম এছিয়াৰ শান্তি প্রক্রিয়াৰ বিষয়টোত সদায় হেঙাৰ সৃষ্টি কৰি আহিছে আমেৰিকাই৷ এক দীর্ঘস্থায়ী সমস্যা হিচাপে ইজৰাইল–পেলেষ্টাইনৰ্ সমস্যাক বর্তাই ৰখাটোৱেই যেন হোৱাইট হাউছৰ গোপন লক্ষ্য৷ কিন্তু ঐতিহাসিকভাৱে বিশ্লেষণ কৰিলে ইয়াত বিভিন্ন মহলৰ ষড়যন্ত্রৰ কথাটো স্পষ্ট হৈ পৰে৷ ১৯৪৮ চনত পেলেষ্টাইনৰ বুকুত সুকীয়া ইহুদী ৰাষ্ট্র ইজৰাইল জন্ম দিয়াৰ পাছৰে পৰা পেলেষ্টাইনী আৰব লোকসকলৰ জীৱনলৈ নামি আহে সংকট৷ ইজৰাইলে জন্ম লগ্ণৰে পৰা পেলেষ্টাইনৰ অস্তিত্ব বিশ্ব মানচিত্রৰ পৰা মচি দিয়াৰ প্রচেষ্টা চলাই থাকে৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিটলাৰৰ পাশৱিকতাৰ বলি হোৱা ইহুদী জাতিয়ে আৰৱ ৰাষ্ট্র পেলেষ্টাইনত এনেদৰে আধুনিক হিংস্র ইতিহাসৰ আৰম্ভ কৰিব বুলি কোনেও ধাৰণা কৰা নাছিল৷ অৱশ্যে ইজৰাইলৰ এই ধাৰণাত সদায় আমেৰিকাই যে সাৰ–পানী যোগায় আহিছে তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ আজিৰ মুহূর্ততো সেই কথাই সত্য প্রমাণিত হ’বলৈ গৈ আছে৷

You might also like