বিনোদন ব্যৱসায়ৰ ভৱিষ্যৎ
ক’ৰোনাৰ বাবে সমগ্র বিশ্বৰ বিনোদন উদ্যোগ এঠাইত স্থবিৰ হৈ পৰিছিল৷ চিনেমা উদ্যোগ সকলো ফালৰ পৰাই বন্ধ, মঞ্চ পৰিৱেশন বন্ধ, লোকশিল্পীৰ কাম বন্ধ– বিনিয়োগ আৰু উপার্জন দুয়োটাই বন্ধ৷ ২০২০ চনটো বেয়াৰে শেষ হৈছিল, ২০২১ৰ আৰম্ভণিত অকণমান সুখবৰ আহিছিল যদিও সেয়াও দীর্ঘদিনৰ বাবে স্থায়ী নহ’ল৷ কিন্তু তাৰ মাজতো বিনোদন ব্যৱসায়ৰ বাবে নতুন নতুন পথৰ সন্ধান চলি আছিল আৰু অনলাইন ব্যৱস্থাটোৱেই একমাত্র নির্ভৰযোগ্য পথ হিচাপে বিবেচিত হ’ল৷ চিত্রগৃহৰ বিকল্প হিচাপে অ’টিটি প্লেটফর্মত ছবি প্রদর্শন আৰম্ভ হ’ল, কেৱল এই প্লেটফর্মৰ বাবেই ছবি নির্মাণ আৰম্ভ হ’ল৷ ‘ছিৰিজ’ শব্দৰে বুজোৱা ধাৰাবাহিকবোৰ চিনেমাৰ সমকক্ষ হৈ উঠিল৷ অকল এয়াই নহয়, যিকোনো চিত্রনির্মাতাই নিজৰ ছবি প্রদর্শন কৰিব পৰাকৈ ‘অনলাইন চিনেমা হল’ৰো আৰম্ভণি হ’ল৷ এই সুবিধা ইণ্ডিপেণ্ডেণ্ট চিত্রনির্মাতাইতো গ্রহণ কৰিছেই, আনকি পেছাদাৰী প্রযোজকেও এই ব্যৱস্থা গ্রহণ কৰিবলৈ বাধ্য হৈছে৷ অকল ইমানেই নহয়, ই ছবি প্রদর্শনৰ পূর্বৰ সীমাবদ্ধতাকো চিহ্ণহীন কৰি পেলাইছে৷ আগতে চুটি ছবি প্রদর্শনেৰে অর্থ উপার্জন কৰাৰ কোনোধৰণৰ ব্যৱস্থা নাছিল৷ এতিয়া অনলাইনযোগে এনে ছবি প্রদর্শন কৰিও প্রযোজকে পইচা উপার্জনৰ কথা ভাবিব পৰা হৈছে৷ অকল ছবিয়েই নহয়, ছিৰিজৰ পৰা মিউজিক ভিডি’– সকলো প্রডাক্টকে এই প্লেটফর্মে সামৰি লয়৷ এক কথাত ‘ক’ৰোনা কাল’ত ছবি প্রদর্শনে পূর্বৰ সীমাবদ্ধতাৰ গণ্ডী পাৰ হৈ বহু নতুন সম্পদ আৰু ব্যক্তিক সংলগ্ণ কৰি ল’বলৈ সক্ষম হ’ল, যিটো এটা উদ্যোগৰ বিকাশৰ পৰিচয়৷ ক’ৰোনা কালত দুহাজাৰ কুৰি চনত ভাৰতৰ বিনোদন উদ্যোগ বিশাল পৰিমাণৰ লোকচানৰ সন্মুখীন হৈছিল৷ এই সংক্রান্তত কৰা এটা অধ্যয়নে প্রকাশ কৰিছে যে ২০২১ চনত ভাৰতৰ বিনোদন উদ্যোগে পূর্বৰ তুলনাত কমেও পঁচিশ শতাংশ অধিক ৰাজহ লাভ কৰিব৷ ইণ্টাৰনেটৰ জগতখনৰ শ্রীবৃদ্ধিয়ে ব্যৱসায়ৰ এই বিকাশ সম্ভৱ কৰি তুলিছে৷ এতিয়া প্রতিটো আঞ্চলিক ভাষাতেই বিনোদন সামগ্রী প্রচাৰৰ বাবে অ’টিটি প্লেটফর্মৰ প্রচলন হৈছে৷ সেই প্লেটফর্মবোৰৰ বাবে বিভিন্ন প্র’গ্রাম প্রস্তুত কৰা হৈছে, যিবোৰে বহুসংখ্যক লোকক কর্মসংস্থানৰ সুবিধা দিছে৷ ইফালে, ৱেব ছিৰিজৰ নামত অশালীন দৃশ্যৰ লগতে ব্যাপক হাৰত যৌনতাৰ প্রচাৰ আৰম্ভ হৈছে৷ এটা সময় আছিল, ভাৰতত অভিনয় কৰা ডেকা–গাভৰুক সমাজে ভাল চকুৰে নাচাইছিল৷ এই পৰিৱেশ সলনি হ’বলৈ বহু সময়ৰ প্রয়োজন হৈছিল৷ ৱেব ছিৰিজৰ চৰিত্র আৰু কৌশলে পূর্বৰ সেই সামাজিক ধাৰণা ওভতাই অনাৰ সুবিধা নিদিয়াৰ দায়িত্বও এই উদ্যোগৰ ব্যৱসায়ীসকলৰে৷
বিনোদন উদ্যোগৰ জগতলৈ যিখিনি পৰিৱর্তন আহিব, কিছুসংখ্যক অসমীয়াই তাক অনুধাৱন কৰি সেই ধৰণে ব্যৱসায়ত জঁপিয়াই পৰিছে৷ কেইবাখনো অ’টিটি প্লেটফর্মৰ জন্মই তাৰ উদাহৰণ৷ এই নতুন ডদ্যোগবোৰে জীৱিকাৰ জগতখনলৈ এক মৌলিক পৰিৱর্তন লৈ আহিছে৷ আজি মিডিয়া খণ্ডকে ধৰি বিভিন্ন ডদ্যোগত প্রযুক্তি আৰু ডিজিটেল প্রক্রিয়া মৌলিক সঁজুলি হিচাপে প্রমাণিত হৈছে৷ মিডিয়া আৰু বিনোদন ক্ষেত্রত ডপভোক্তাৰ আচৰণ আৰু ব্যৱহাৰৰ ধৰণৰ আমূল পৰিৱর্তন হৈছে৷ নিজৰ নিজৰ ঘৰত আবদ্ধ হৈ থকাৰ কাৰণেই মানুহৰ জীৱন সম্পূর্ণৰূপে অনলাইনলৈ স্থানান্তৰিত হৈছে৷ ক’ভিডৰ এই অৱস্থাৰ শুধৰণি হ’লেও মানুহে এই যিবোৰ নতুন অভ্যাস কৰি লৈছে, তাৰ পৰা আঁতৰি যোৱাৰ কোনো সম্ভাৱনা নাই৷ ৰাইজৰ জীৱনত গভীৰভাৱে প্রৱেশ কৰা এই ডিজিটেল প্রক্রিয়াবোৰে আনি দিয়া ব্যৱসায় আৰু বিনোদনৰ সুবিধা যাতে সমাজৰ সকলো শ্রেণীৰ মানুহে উপভোগ কৰিব পাৰে, সেই কথাটো চৰকাৰে চিন্তা কৰি সেইমতে পৰিকল্পনা কৰা উচিত৷ প্রথম কথা, এই ডিজিটেল মাধ্যমবোৰে যিমান কর্মসংস্থাপনৰ সুবিধা দিব, সেই কামবোৰ পাবলৈ যি ধৰণৰ শিক্ষাৰ প্রয়োজন হ’ব, চৰকাৰে সেইবোৰৰ ব্যৱস্থা কৰিব লাগিব৷ ব্যক্তিগত খণ্ডই এইবোৰ শিক্ষা আৰম্ভ কৰিবই আৰু নিয়োগৰ প্রতিশ্রুতি থকা এই শিক্ষা ব্যক্তিগত খণ্ডবোৰে স্বাভাৱিক কাৰণতেই অতি উচ্চ হাৰত বিক্রী কৰিব, অর্থনৈতিকভাৱে দুর্বল ছাত্রবোৰে এই নতুন সুবিধা লোৱাৰ পৰা বঞ্চিত হ’ব৷ চৰকাৰেও ডিজিটেল জগতত ভালদৰে প্রৱেশ কৰাৰ সময় পাৰ হৈ গৈছে৷ উদাহৰণস্বৰূপে, অসম চৰকাৰৰ চলচ্চিত্র আৰু বিত্তীয় নিগমৰ কাম আছিল চিনেমাৰ ব্যৱসায়ক সুবিধা দিয়া৷ অসমীয়া চিনেমাৰ অ’টিটি প্লেটফর্ম এখন এই নিগমে ভাবিব নোৱাৰাৰ কাৰণ কি হ’ব পাৰে, তাক কোৱা টান৷ নিগমৰ অধ্যক্ষ নিজে চলচ্চিত্র নির্মাতা, তেওঁ এই কথাবোৰ আনতকৈ অধিক ভালদৰে বুজি পোৱাটো স্বাভাৱিক৷ তেনেদৰে নিগমৰ দায়িত্বশীল বিষয়াসকলে কি কৰিলে, তাকো চৰকাৰে চাব লাগে৷ এই ধৰণৰ বিষয়াৰ হাতত এই নিগম কিমান নিৰাপদ, তাক কোৱা টান৷ অসম চৰকাৰৰ শিক্ষা বিভাগৰ অধীনৰ অসম প্রকাশন পৰিষদে প্রস্তুত কৰি উলিওৱা ইউনিক’ড ফণ্টটো ডিজিটেল জগতত চৰকাৰৰ এটা বৃহৎ সংযোজন৷ কিন্তু তাক কমেও অসম চৰকাৰৰ বিভাগবোৰত বাধ্যতামূলক কৰাৰ কথাকেই নিশ্চয় এতিয়াও চৰকাৰ বাহাদুৰে ভবা নাই৷