চৰকাৰী সিদ্ধান্ত ৰাইজৰ অংশগ্রহণ
ক’ৰোনাৰ বাবে সমগ্র বিশ্বৰ শিক্ষা ব্যৱস্থাত যি অস্থিৰতা আৰু উত্তৰহীন অৱস্থাৰ সৃষ্টি হৈছে, সেই অৱস্থাই দেশৰ শিক্ষার্থীসকলৰ কিমান ধৰণৰ ক্ষতি কৰিব, সেই কথা বহুতেই ভাবি আছিল৷ আনকি বিদেশী বিতাডন আন্দোলনৰ নামত ল’ৰা–ছোৱালীৰ শিক্ষাবর্ষ ধ্বংস কৰা সংগঠনসমূহো এতিয়া চিন্তিত৷ স্কুল বন্ধ হৈ থকা অৱস্থাত এই চিন্তাই বিশেষ একো প্রচাৰ পোৱা নাছিল, কিন্তু পৰীক্ষা হ’ব নে নহ’ব, সেই কথা অহাৰ লগে লগেই কিছুসংখ্যক লোকৰ চিন্তা বৃদ্ধি পাইছে৷ পৰীক্ষা পাতিব লাগে নে নালাগে, সেই বিষয়ে দ্বিমত থকাটো তেনেই স্বাভাৱিক কথা৷ চৰকাৰেও যে একো নভবা–নিচিন্তাকৈ সিদ্ধান্ত লৈছে, সেই কথাও মানি ল’ব নোৱাৰি৷ কিন্তু চৰকাৰে যি সিদ্ধান্ত ল’ব, সেইমতেই কাম হ’ব৷ কিন্তু বাস্তৱত দেখা যায় যে কিছুসংখ্যক শিক্ষকে সেই সিদ্ধান্তৰ বিৰোধিতা কৰি সামাজিক মাধ্যমৰ বেৰ উত্তপ্ত কৰি তুলিব বিচাৰে৷ চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰিব নোৱাৰিব বুলি কোনো কথা নাই৷ কিন্তু বিৰোধৰ প্রদর্শনকামিতাৰ পৰিৱর্তে সমস্যাটোৰ সমাধানত নিজৰ চিন্তা–ভাবনাৰে অংশগ্রহণ কৰাটোহে অধিক প্রয়োজনীয়৷ শিক্ষকৰ মতামতে ছাত্রসকলক, বিশেষকৈ শিক্ষকজনে লগ পাই থকা ছাত্র–ছাত্রীসকলক অধিক প্রভাৱিত কৰিব পাৰে আৰু এই ধৰণৰ প্রভাৱৰ কথা বিভিন্ন শিক্ষানুষ্ঠানত দেখিবলৈ পোৱা যায়৷ ধনাত্মক দিশত হোৱা প্রভাৱ সমাজৰ বাবে গ্রহণযোগ্য, কিন্তু একোটা বিৰোধিতাই সৃষ্টি কৰা ঋণাত্মক প্রভাৱ কোনো ক্ষেত্রতেই গ্রহণযোগ্য নহয়৷ কিছুসংখ্যক বামপন্থী শিক্ষকে কেনেদৰে ভাৰতৰ কেইখনমান বিখ্যাত শিক্ষানুষ্ঠান দেশবিৰোধী ভাবেৰে পূর্ণ কৰি দিছিল, তাক সকলোৱে দেখিছিল৷ সেই একেই আদর্শ মানি চলা বহু শিক্ষক এই অসমতো আছে৷ নৰেন্দ্র মোদী ভাৰতৰ প্রধানমন্ত্রী হোৱাৰ পিছৰে পৰা এটা বিশেষ চামৰ এটাই কাম আছিল আৰু সেয়া হ’ল যিকোনো কথাকেই মোদী–বিৰোধিতাৰ বাবে ব্যৱহাৰ কৰা৷ সেই একেই মানসিকতাৰে অসমৰ বিজেপি চৰকাৰৰ কাম–কাজৰ বিৰোধিতা কৰা, চৰকাৰী সিদ্ধান্ত একোটাৰ বিৰোধৰ কাৰণে বিৰোধিতা কৰাৰ পৰিৱর্তে সমস্যাটো সমাধানৰ বাবে নিজৰ বাস্তৱ অভিজ্ঞতাভিত্তিক পৰামর্শ দিয়াহে উচিত৷
অকল এই পৰীক্ষাৰ ক্ষেত্রতেই নহয়, সকলো ক্ষেত্রতে এনেকুৱাই হয়৷ ইয়াৰ অন্যতম প্রধান কাৰণ হৈছে চৰকাৰে আদর্শগত সিদ্ধান্ত গ্রহণ কৰা সময়ত ৰাজহুৱা জনমতক লগত নোলোৱাটো৷ চৰকাৰে গ্রহণ কৰা প্রতিটো সিদ্ধান্তৰ পৰা যি ফলেই পোৱা নহওক কিয়, সকলো ক্ষেত্রতে চৰকাৰ সেই সিদ্ধান্তৰ বাবে দায়বদ্ধ হৈ থাকিব লাগে৷ ৰাইজে মুখামুখি হোৱা সমস্যাবোৰৰ ক্ষেত্রত ৰাইজৰ অভিজ্ঞতাক যদি মূল্য দিয়া হয়, সেই অভিজ্ঞতাবোৰক যদি উত্তৰপ্রাপ্তিৰ ঊর্ধ্বমুখী পথৰ একোটা খলপা বুলি ধৰা হয়, সেই অভিজ্ঞতাবোৰে বাস্তৱসন্মত সমাধান সূত্র নিশ্চিত কৰাত সহায় কৰিব৷ বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ ডপৰি একোটা সমস্যাৰ লগত জডিত হৈ থকা বিভিন্ন সম্প্রদায়ৰ অংশীদাৰসকলৰ সামগ্রিক অভিজ্ঞতাৰ কথা বিবেচনা কৰিলেও বিশ্বাসযোগ্য সমাধানৰ ওচৰলৈ যোৱাত সুবিধা হয়৷ হয়াৰ বিপৰীতে জনসাধাৰণৰ অংশগ্রহণৰ পৰিমাণ কম হ’লে সেই সীমিত অংশগ্রহণে সম্প্রদায়টোক সম্পূর্ণ প্রতিনিধিত্ব নকৰিব আৰু ইয়াৰ ফলত সিদ্ধান্তত দুর্বলতা আহি পৰাটোও স্বাভাৱিক হৈ পৰে৷ এইটো ঠিক যে চৰকাৰে প্রতিটো প্রশাসনীয় সিদ্ধান্তৰ বাবে ৰাইজৰ মতামত গ্রহণ কৰাৰ সময় নাথাকিব৷ কিন্তু যিবিলাক সুদূৰপ্রসাৰী আৰু নতুন সিদ্ধান্ত ল’বলগীয়া হয়, সেইবোৰত ৰাইজৰ অংশগ্রহণ বিচৰাটো যুক্তিপূর্ণ কথা৷ এইটোও ঠিক যে সকলো সময়তে চৰকাৰৰ বিৰোধিতা কৰিবলৈ ৰৈ থকা দায়বদ্ধ কর্মীসকলে এই সুবিধাটোৰে চৰকাৰক দুর্বল কৰা কামত আগবঢ়াটো স্বাভাৱিক কথা৷ সেই কথাবোৰ জনাৰ পিছতো চৰকাৰে ৰাইজৰ মতামতক প্রশাসনীয় সিদ্ধান্তৰ অংশ হিচাপে ল’ব লাগিলে পৰামর্শদাতাসকলৰ্ দায়বদ্ধতাৰ ধাৰাবাহিকতাৰ প্রতি চকু দিয়াৰ লগতে তথ্যৰ স্পষ্টতা, স্বচ্ছতা, বস্তুনিষ্ঠতা, ফলাফলৰ বাবে থকা দায়বদ্ধতা আৰু প্রতিক্রিয়া দুয়োটা দিশৰ প্রতিও সমানে সজাগ থাকিব লাগিব৷ অসম চৰকাৰৰ বিত্তমন্ত্রীয়ে সমাগত বাজেটৰ বাবে ৰাইজৰ মতামত বিচাৰিছে৷ সুচিন্তিত আৰু যুক্তিপূর্ণ মতেৰে ৰাইজে বাজেট ৰচনাত অংশগ্রহণ কৰিব পাৰে আৰু এনেদৰেই প্রশাসনীয় সিদ্ধান্ত গ্রহণত ৰাইজৰ অংশগ্রহণ সম্ভৱ হৈ উঠিব৷