নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নান্দনিক পদশিল্পৰ জ্বৰ

ক’ভিড–১৯ মহামাৰীৰ মাজতে পদশিল্পৰ জ্বৰে বর্তমান উত্তাল কৰি ৰাখিছে বিশ্বৰ দুই মহাদেশ লেটিন আমেৰিকা আৰু ইউৰোপক৷ দুয়োখন দেশৰ জনপ্রিয় কোপা আমেৰিকা আৰু ইউৰো ফুটবল চেম্পিয়নশ্বিপে বিশ্বৰ ফুটবল অনুৰাগীসকলৰ মাজত সৃষ্টি কৰিছে ধুমুহা৷ কোপা আমেৰিকাই সমগ্র বিশ্বক ইউৰোৰ দৰে উদ্বেলিত কৰিব পৰা নাই৷ কিন্তু মহামাৰীৰ মাজত ইউৰো কাপ পুনৰ জিলিকি উঠিছে বিশ্বৰ অনুৰাগীসকলৰ মাজত৷ ইউৰো কাপ মানেই ফুটবলৰ মহাৰণ৷ পদশিল্পৰ নান্দনিক দৃশ্যই মোহাচ্ছন্ন কৰে অনুৰাগীসকলক৷ বহু ঘটনাৰ উত্থান–পতন এই ইউৰো কাপতেই দেখিবলৈ পোৱা যায়৷ ফুটবলৰ মহাতাৰকা হৈ পৰে দর্শকৰ মনত নিশাৰ ভিতৰতে খলনায়ক৷ সেইদৰে মহাযুদ্ধত শিশু বুলি গণ্য কৰা সৰু সৰু দেশেও নান্দনিক আৰু ছন্দপূর্ণ ফুটবলত নতুন ইতিহাসৰ সংযোজন ঘটায়৷ এইবাৰৰ ইউৰো কাপ বহু অঘটনৰ সাক্ষী হ’বলগীয়া হৈছে৷ ডিফেণ্ডিং চেম্পিয়ন পর্তুগালে বেলজিয়ামৰ হাতত পৰাভূত হৈ বিদায় ল’বলগীয়া হৈছে প্রি–কোৱার্টাৰ ফাইনেলৰ পৰা৷ পর্তুগালৰ লগতে সমগ্র বিশ্বত ফুটবলৰ অন্যতম ৰাজপুত্র হিচাপে চিহ্ণিত পদশিল্পৰ যাদুকৰ ক্রিষ্টিয়ানো ৰ’নাল্ডোৰ বাবে হয়তো দেশৰ হৈ খেলা এই ইউৰো কাপেই অন্তিম বৃহৎ টুর্নামেণ্ট৷ প্রি–কোৱার্টাৰতেই অভাৱনীয়ভাৱে বিদায় ল’বলগীয়া হৈছে বিশ্ব চেম্পিয়ন ফ্রান্সে৷ ইউৰো কাপত দুর্বল বুলি গণ্য কৰা ছুইজাৰলেণ্ডৰ হাতত পৰাভূত হৈছে এমবাপে, প’গবা, গ্রিজমানৰ দৰে তাৰকাসমৃদ্ধ ফ্রান্স৷ বিগত বিশ্বকাপৰ ৰানার্ছ আপ তথা ফুটবল বিশ্বত অন্যতম আশ্চর্য হিচাপে চিহ্ণিত হোৱা বলকান বক্ষত নতুন ৰাষ্ট্র হিচাপে ১৯৯১ত জন্মলাভ কৰা ৪০ লাখ জনসংখ্যাৰ দেশ ক্র’ৱেছিয়া আছিল এইবাৰ ইউৰো কাপৰ অন্যতম ফেভাৰিট দল৷ কিন্তু স্পেইনৰ হাতত ৫–৩ত পৰাভূত হ’বলগীয়া হৈছে শক্তি আৰু কলাৰ প্রতিভাৰে সমৃদ্ধ ক্র’ৱেছিয়া৷ আশানুৰূপভাৱে প্রি–কোৱার্টাৰত দুর্বল বুলি বিবেচিত ৱেলছৰ বিৰুদ্ধে ৪–০ গ’লত বিজয় সাব্যস্ত কৰিছ ডেনমার্কে৷ ইউৰোপৰ ফুটবলৰ অন্যতম শক্তি তথা প্রাচীৰ হিচাপে চিহ্ণিত ইটালীয়ে অষ্ট্রিয়াৰ বিৰুদ্ধে ২–১ গ’লত জয়লাভ কৰি বৃহৎ টুর্নামেণ্টত আশা সজীৱ কৰি ৰাখিছে৷ কিন্তু ইউৰোপৰ ফুটবলৰ বহু ৰূপকথাৰ নায়কৰ দৰে তাৰকা সৃষ্টি কৰি অহা নেদাৰলেণ্ডে চেক গণৰাজ্যৰ হাতত ২–০ ব্যৱধানত পৰাভূত হৈ বহু অনুৰাগীক ব্যথিত কৰিছে৷ প্রত্যাশিতভাৱে ইউৰোপীয় ফুটবলৰ পাৱাৰ হাউছ জার্মানীক পৰাভূত কৰিছে ইংলেণ্ডে৷ সেইদৰে দুর্বল বুলি বিবেচিত ইউক্রেইনৰ হাতত ছুইডেনৰ তাৰকাসমৃদ্ধ ফুটবল যোদ্ধাসকলে ২–১ গ’লত হাৰ মানিবলগীয়া হৈছে৷ এই ইউৰো কাপেই হ’ব জার্মানী, পর্তুগাল, স্পেইন, ক্র’ৱেছিয়া, বেলজিয়াম, নেদাৰলেণ্ড আদি দেশৰ বহু খেলুৱৈৰ অন্তিম বৃহৎ টুর্নামেণ্ট৷
মহামাৰীত আক্রান্ত হৈ থকা বিশ্বক ইউৰো কাপে কিছুদিনৰ বাবে হ’লেও এক স্বাভাৱিক জীৱন যাপনৰ সুযোগ দিছে৷ মহামাৰীয়ে শংকিত কৰি থকা বিশ্বত খেল হৈ পৰিছিল অস্পৃশ্য৷ বহু বৃহৎ বৃহৎ টুর্নামেণ্ট বাতিল হৈছে ক’ৰোনা ভাইৰাছ মহামাৰীৰ বাবে৷ কিন্তু এই ক’ৰোনা মহামাৰী সত্ত্বেও ইউৰোপ আৰু লেটিন আমেৰিকাই ফুটবলৰ মেগা টুর্নামেণ্ট অনুষ্ঠিত কৰি সমগ্র পৃথিৱীলৈ ওভতাই আনিছে এক উশাহ ল’ব পৰা পৰিস্থিতি৷ নহ’লে মানুহৰ জীৱন হৈ পৰিছিল বন্ধ কুঠৰীত আবদ্ধ৷ ক্রীড়া–সংস্কৃতি আদি সকলো দিশত আজি দেশে দেশে দৈন্য অৱস্থা৷ এই দৈন্য পৰিস্থিতিৰ পৰা পৰিত্রাণ পোৱাৰ লগতে মানুহৰ স্বাভাৱিক তথা ছন্দময় ক্রীড়া জীৱন সুচল কৰিব নোৱাৰিলে পৃথিৱীৰ অসুখ বৃদ্ধি পাব৷ এয়া যুগে যুগে চিন্তানায়কসকলে উল্লেখ কৰি গৈছে৷ উৰুগুৱেৰ প্রখ্যাত লেখক তথা সাংবাদিক এডুৱার্ডো হাগেছ গালেৱানোৱে ফুটবল মানৱ জাতিৰ সর্বাংগীণ প্রগতিৰ বাবে এক অন্যতম খেল বুলি উল্লেখ কৰি গৈছে৷ গালেৱানোৰ বিখ্যাত গ্রন্থ ‘ছকাৰ ইন দ্য ছান এণ্ড ছেডো’ত লেখকগৰাকীয়ে লেটিন আমেৰিকাবাসীৰ ধমনিত ফুটবল কেনেদৰে প্রৱাহিত হৈ আছে তাক সুন্দৰভাৱে বিশ্লেষণ কৰিছে৷ লেটিন আমেৰিকাৰ দুখীয়া দেশসমূহত ফুটবল যদি নাথাকিলহেঁতেন, তেন্তে পৰিস্থিতি কেনে জটিল হ’লহেঁতেন, তাক কল্পনাও কৰিব নোৱাৰি৷ কাৰ কথা নিলিখাকৈ আছে গালেৱানোৱে পেলে, মাৰাডোনাৰ পৰা আৰম্ভ কৰি ৰ’নাল্ডো, ৰোমাৰি’, ৰ’নাল্ডিনহো, ভাল্ডেৰামা, নেইমাৰলৈ সকলোকে বিশ্লেষণ কৰিছে এই প্রখ্যাত সাংবাদিকগৰাকীয়ে৷ তথাপি বাৰে বাৰে গালেৱানোৱে লিখি গৈছে মেছিৰ কথা৷ বর্তমান সময়ত বহু ফুটবল তাৰকা পোৱা যাব, কিন্তু মেছি এজনেই৷ দ্বিতীয়জন মেছিৰ জন্ম হয়তো কেতিয়াও নহ’ব৷ এই তাৰকাসকলেই লেটিন আমেকিাৰ প্রাণ বুলিও উল্লেখ কৰিছে গালেৱানোৱে৷

You might also like