পৃথিৱীৰ ভৱিষ্যৎ
গোলকীয় উষ্ণতা অভাৱনীয় জলবায়ু পৰিৱর্তনৰ মূল কাৰক হৈ পৰিছে৷ যিয়ে পৃথিৱী গ্রহৰ ভৱিষ্যতলৈ নমাই আনিছে নানা অশনি সংকেত৷ শেহতীয়াকৈ ঘটা কেইবাটাও পৰিঘটনাই গোলকীয় উষ্ণতা তথা জলবায়ু পৰিৱর্তনে কি ৰূপ ধাৰণ কৰিছে, তাৰ বাস্তৱ ছবিখন স্পষ্ট ৰূপত প্রকট কৰি তুলিছে৷ আমেৰিকাৰ নেচনেল ছায়েন্স ফাউণ্ডেচনৰ গ্রীনলেণ্ড ছামিট ষ্টেচনৰ তথ্য অনুসৰি যোৱা ১৪ আৰু ১৫ আগষ্টত হোৱা মুষলধাৰ বৃষ্টিপাতৰ ফলত আধুনিক সভ্যতাৰ ইতিহাসত সংঘটিত হৈছে এক বিৰল ঘটনা৷ একেলেথাৰিয়ে কেইবাঘণ্টা ধৰি হোৱা মাত্র দুদিনৰ বৰষুণৰ পৰিণতিত গ্রীনলেণ্ডৰ হিমবাহৰ ৮ লাখ ৭২ হাজাৰ বর্গকিলোমিটাৰ এলেকাৰ বৰফ গলি পানী হৈ গৈছে৷ আমেৰিকাৰ নেচনেল স্ন’ এণ্ড আইচ ডাটা চেণ্টাৰৰ বিজ্ঞানী টেড স্কেম ব’ছে এই সন্দর্ভত সংবাদ মাধ্যমৰ আগত এক গুৰুত্বপূর্ণ মন্তব্য কৰি কৈছে যে একমাত্র দ্রুত জলবায়ু পৰিৱর্তনৰ বাবে এনে অভূতপূর্ব ঘটনা সংঘটিত হ’ল৷ যিটো আধুনিক সভ্যতাৰ ইতিহাসত অতি বিৰল৷ গোলকীয় উষ্ণতাৰ বাবে এতিয়া বিশাল বিশাল হিমবাহসমূহৰ বৰফ অতি দ্রুতগতিত গলিব ধৰিছে৷ গ্রীনলেণ্ডৰ উক্ত ঘটনাৰ উপৰি শেহতীয়াকৈ ছুইডেনৰ সর্বোচ্চ পর্বত শৃংগ কেবেনকেইজ হিমবাহতো সংঘটিত হৈছে অনুৰূপ ঘটনা৷ ইউৰোপীয়ান স্পেচ এজেন্সীৰ ভূ–পর্যবেক্ষণ উপগ্রহ ‘চেণ্টিনেল–২’ৰ দ্বাৰা সংগৃহীত আলোকচিত্রত বিগত এটা বছৰৰ ভিতৰতে কেবেনকেইজ হিমবাহ শৃংগৰ উচ্চতা ৬ ফুটতকৈও অধিক হ্রাস পোৱাটো পৰিলক্ষিত হৈছে৷ একমাত্র গোলকীয় উষ্ণতাৰ বাবেই এনেদৰে হিমবাহ শৃংগৰ উচ্চতা হ্রাস পোৱাটো সমগ্র পৃথিৱীৰ বাবে নিশ্চিতভাৱে উদ্বেগজনক৷ কিয়নো বিজ্ঞানীসকলৰ মতে হিমবাহৰ গলন তথা ইয়াৰ উচ্চতা হ্রাস পোৱাটোৱেই উষ্ণতাৰ মাত্রা বৃদ্ধিৰ পৰিমাপক বুলি ক’ব পাৰি৷ গোলকীয় উষ্ণতাৰ প্রভাৱ পৰিছে ছুইচ আল্পছতো৷ ছুইচ ফেডাৰেল ইনষ্টিটিউট অৱ একুৱেটিক ছায়েন্স এণ্ড টেকন’লজীয়ে চলোৱা এক গৱেষণাৰ সদ্যপ্রকাশিত তথ্য অনুসৰি ১৮৫০ চনৰ পৰা ২০১৬ চনৰ ভিতৰত হিমবাহৰ দ্রুত গলনৰ ফলত ছুইচ আল্পছত ১,২০০টা জলশয়ৰ সৃষ্টি হৈছে৷
পৃথিৱীৰ ভৱিষ্যৎ গোলকীয় উষ্ণতাৰ পৰা সুৰক্ষিত কৰাৰ উদ্দেশ্যে ২০১৫ চনত স্বাক্ষৰ হৈছিল পেৰিছ চুক্তি৷ চুক্তি স্বাক্ষৰৰ পিছৰে পৰা গোলকীয় উষ্ণতাক লৈ বিশ্বজুৰি সজাগতা অভিযান অব্যাহত আছে৷ কিন্তু মানৱসৃষ্ট বিভিন্ন কাৰণত বায়ুমণ্ডলত গ্রীনহাউছ গেছৰ নির্গমন এতিয়াও হ্রাস পোৱা নাই৷ পৰিণতিত ভয়াৱহ প্রাকৃতিক দুর্যোগৰ দিশে গতি কৰিছে পৃথিৱী গ্রহ৷ এনে অৱস্থাত ২০১৫ চনৰ পেৰিছ চুক্তি মানি যদি বায়ুমণ্ডল গ্রীন হাউছ গেছৰ নির্গমন তথা উষ্ণতা বৃদ্ধিৰ হাৰ নিয়ন্ত্রণ কৰা নহয়, তেন্তে আশংকা কৰাৰ দৰেই বিশ্ববাসীয়ে অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হোৱাটো নিশ্চিত৷ ৰাষ্ট্রসংঘৰ ‘ইণ্টাৰ গৱর্নমেণ্টেল পেনেল অন ক্লাইমেট চেঞ্চ’–এ প্রস্তুত কৰা ‘ক্লাইমেট চেঞ্চ–২০২১ ঃ দ্য ফিজিকেল ছায়েন্স বেছিছ’ শীর্ষক প্রতিবেদনখনত ভাৰতৰ বাবেও কেতবোৰ উদ্বেগজনক তথ্য সন্নিৱিষ্ট কৰা হৈছে৷ ৰাষ্ট্রসংঘৰ জলবায়ু সম্পর্কীয় সমিতিখনৰ প্রতিবেদনত স্পষ্টভাৱে কোৱা হৈছে যে ভাৰতত অনাগত কেইটামান দশকত জলবায়ু পৰিৱর্তনৰ ফলতে খৰাং, সাগৰীয় ঘূর্ণি, গ্রীষ্মপ্রবাহ, আর্দ্রতাযুক্ত গৰমৰ মাত্রা, অতিবৃষ্টি আদিৰ দৰে প্রাকৃতিক পৰিঘটনা বৃদ্ধি পাব পাৰে৷ মন কৰিবলগীয়া যে ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্টি’ গুটেৰাছে ‘ইণ্টাৰ গৱর্নমেণ্টেল পেনেল অন ক্লাইমেট চেঞ্চ’ৰ এই প্রতিবেদখনক জলবায়ু বিজ্ঞানক লৈ বর্তমান পর্যন্ত চলা অধ্যয়নৰ ভিতৰত আটাইতকৈ পুংখানুপুংখ ৰূপে অভিহিত কৰিছে৷ এনেধৰণৰ বিষয়ৰ প্রতি লক্ষ্য ৰাখি মানৱ সমাজে গোলকীয় উষ্ণতা তথা জলবায়ু পৰিৱর্তনক অতি গুৰুত্ব সহকাৰে লোৱা উচিত৷ ই সময়ৰ আহ্বান৷ অন্যথা সমগ্র মানৱ জাতিয়ে নিজৰ ভুলৰ বাবে সন্মুখীন হ’ব লাগিব অনাহূত পৰিস্থিতিৰ৷