মাদ্রাছাক লৈ এলাহাবাদ হাইক’ৰ্টৰ প্রশ্ন
অসমত চৰকাৰী সাহায্যপ্রাপ্ত মাদ্রাছা বন্ধ কৰি শিক্ষানুষ্ঠানসমূহ ৰাজ্যখনত থকা সাধাৰণ বিদ্যালয়ৰ শ্রেণীলৈ লৈ যোৱাটোক আজিও এটা ৰাজনৈতিক সিদ্ধান্ত বুলি সমালোচনা কৰা লোকৰ সংখ্যা এইখন ৰাজ্যত কম নহ’ব৷ ছাত্র–ছাত্রীক আধুনিক শিক্ষাৰে সমৃদ্ধিশালী কৰিবলৈ চৰকাৰে লোৱা সিদ্ধান্তটোৰ সৈতে কেতবোৰ আন গুৰুত্বপূর্ণ প্রশ্ণও জডিত আছিল৷ বিশেষকৈ ধর্মীয় শিক্ষানুষ্ঠানৰ নামত ৰাজকোষৰ পৰা ধন ব্যয় কৰাটোৰ যুক্তিযুক্ততাক লৈ ৰাজ্য চৰকাৰে প্রশ্ণ উত্থাপন কৰিছিল৷ এইক্ষেত্রত ৰাজ্য চৰকাৰৰ যুক্তি আছিল যে যদি এটা বিশেষ ধর্মৰ শিক্ষানুষ্ঠান পৰিচালনাৰ বাবে ৰাজকোষৰ পৰা ধন আদায় দিয়া হয়, তেন্তে আন ধর্মৰ পৰাও একেই দাবী উত্থাপন হ’ব৷ ৰাজ্য চৰকাৰে আন আন ধর্মৰ শিক্ষানুষ্ঠানৰ নামতো অনুৰূপ ধৰণে ধন আদায় দিব লাগিব৷ অসম চৰকাৰে উত্থাপন কৰা প্রশ্ণকে এইবাৰ এলাহাবাদ উচ্চ ন্যায়ালয়ে উত্তৰ প্রদেশ চৰকাৰক সুধিছে৷ অকল প্রশ্ণ কৰাই নহয়, চাৰি সপ্তাহৰ ভিতৰত প্রশ্ণৰ উত্তৰ দিবলৈকেও যোগী আদিত্যনাথ চৰকাৰক সময় বান্ধি দিছে৷ ইয়ে ৰাজকোষৰ ধনেৰে চলি থকা ধর্মীয় শিক্ষানুষ্ঠানক লৈ দেশজুৰি এটা নতুন বিতর্কৰ সৃষ্টি কৰিব পাৰে৷ লগতে এইক্ষেত্রত চৰকাৰসমূহক নকৈ বিবেচনা কৰাৰ পথ এটাও মুকলি কৰি দিব পাৰে৷ এইটো সর্বজনবিদিত যে ভাৰতবর্ষৰ শিক্ষা ব্যৱস্থাৰ সৈতে মাদ্রাছা শিক্ষাৰ সম্পর্ক বহু পুৰণি৷ মাদ্রাছাৰ শিক্ষা বুলিলে মাথোঁ ধর্মীয় শিক্ষাৰ কথাহে মনলৈ আহে৷ তৎসত্ত্বেও দেশখনত মাদ্রাছাক লৈ বিগত সময়ছোৱাত বৰ বিশেষ প্রশ্ণ উত্থাপিত হোৱা নাছিল৷ ইছলাম ধর্মীয় লোকৰ বাহিৰে সেই শিক্ষানুষ্ঠানত কি কি বিষয় বা কি শিক্ষা দিয়া হয়, তাক লৈ সাধাৰণ লোকে মূৰ ঘমোৱা নাছিল৷ কিন্তু ইছলামিক সন্ত্রাসবাদ আৰু জেহাদীৰ সৈতে একাংশ মাদ্রাছাৰ সম্পর্ক উন্মোচিত হোৱাৰ পিছৰে পৰা মাদ্রাছাৰ শিক্ষাক লৈ মানুহৰ মাজত আগ্রহ আৰু কৌতূহল বাঢ়িবলৈ ধৰে৷ চৰকাৰী পুঁজিৰে চলি থকা মাদ্রাছা বন্ধ কৰাৰ পদক্ষেপো কোনোবাখিনিত এই অশুভ মিত্রতাই আনি দিয়া চিন্তাৰ ফচল৷
শেহতীয়াকৈ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অজয় ভনোটে এটা গোচৰৰ বিপৰীতে উত্তৰ প্রদেশ চৰকাৰক কেইটামান গুৰুত্বপূর্ণ প্রশ্ণ কৰে৷ ন্যায়াধীশগৰাকীয়ে প্রথমেই প্রশ্ণ কৰে– ধর্মনিৰপেক্ষ ৰাজ্য এখনে ধর্মীয় শিক্ষা দিয়া মাদ্রাছাক চৰকাৰী পুঁজি দিব পাৰেনে? সংবিধানৰ ২৫ৰ পৰা ৩০ অনুচ্ছেদলৈকে থকা মৌলিক অধিকাৰৰ অধীনত সকলো ধর্মৰ বিশ্বাসক মাদ্রাছাই সংৰক্ষণ দিয়েনে? সংবিধানৰ ২৮নং অনুচ্ছেদ অনুসৰি মাদ্রাছাই ধর্মীয় শিক্ষাৰ বার্তা আৰু আৰাধনা পদ্ধতিৰ শিক্ষা দিব পাৰেনে? ন্যায়াধীশগৰাকীয়ে কৰা আনকেইটামান প্রশ্ণ হ’ল, শিক্ষাৰ অধিকাৰ আইনৰ ২১ আৰু ২১ (এ)নং অনুসৰি খেলপথাৰৰ বাধ্যতামূলক সুবিধা মাদ্রাছাই দিছেনে? অন্যান্য ধর্মীয় সংখ্যালঘুৰ ধর্মীয় শিক্ষানুষ্ঠানলৈ চৰকাৰে পুঁজি দিয়েনে? মাদ্রাছাত মহিলাৰ প্রৱেশ নিষিদ্ধ নেকি? যদি নিষিদ্ধ তেন্তে সেয়া জানো মহিলাৰ প্রতি বৈষম্য নহয় জানো? ন্যায়াধীশগৰাকীয়ে পাঠ্যক্রম, চর্ত, স্বীকৃতিৰ মাপকাঠী, খেলপথাৰৰ বাধ্যতামূলক ব্যৱস্থা মাদ্রাছাসমূহে পালন কৰিছেনে, সেয়াও জানিব বিচাৰে৷ এলাহাবাদ উচ্চ ন্যায়ালয়ে অসম চৰকাৰে উত্থাপন কৰা মূল প্রশ্ণটোকে উত্থাপন কৰিছে৷ অসম চৰকাৰেও ধর্মীয় শিক্ষানুষ্ঠানক ৰাজকোষৰ পৰা ধন আদায় দিয়া কথাটোকে প্রশ্ণৰ মজিয়ালৈ টানি আনিছিল৷ এলাহাবাদ উচ্চ ন্যায়ালয়ে ধর্মনিৰপেক্ষতাৰ দোহাই দি প্রশ্ণটো উত্থাপন কৰিছে৷ অসম চৰকাৰেও ইয়াক অন্য ধৰণে অর্থাৎ আন ধর্মৰ শিক্ষানুষ্ঠানে অনুৰূপ দাবী উত্থাপন কৰিব পাৰে বুলি প্রশ্ণ কৰিছিল৷ তদুপৰি মাদ্রাছা শিক্ষাৰ সৈতে লিংগবৈষম্যৰ প্রশ্ণটো উত্থাপন কৰি মাদ্রাছা শিক্ষাৰ ক্ষেত্রত এটা নতুন দিশ উন্মোচিত কৰিছে৷ সাধাৰণতে এই বিষয়টোক এৰাই চলা হয়৷ যিয়েই নহওক, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ প্রশ্ণকেইটাৰ সঠিক উত্তৰে ভাৰতবর্ষত মাদ্রাছা শিক্ষাৰ এটা নতুন দিশ উন্মোচিত কৰিব৷