চীনৰ হাইপাৰছ’নিক ক্ষেপণাস্ত্র
মহাকাশত মহাচীনে আৰম্ভ কৰিছে শক্তি পৰীক্ষা৷ মহাকাশ অভিযানত অংশগ্রহণ কৰাৰ ২১ বছৰ সম্পূর্ণ কৰিছে চীনে৷ ইতিমধ্যে কেইবাটাও গুৰুত্বপূর্ণ অভিযানত হাত দিয়া চীনে শেহতীয়াকৈ মহাকাশত হাইপাৰছ’নিক ক্ষেপণাস্ত্র পৰীক্ষা কৰা বুলি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ ‘দ্য ফাইনানচিয়েল টাইমছ’ নামৰ কাকতখনে এক প্রতিবেদনত শব্দতকৈ পাঁচগুণ অধিক গতিবেগসম্পন্ন হাইপাৰছ’নিক ক্ষেপণাস্ত্রৰ পৰীক্ষা চীনে চলোৱা বুলি উল্লেখ কৰাৰ পিছতে আমেৰিকাৰ চোৰাংচোৱা সংস্থাই গভীৰ উদ্বেগ প্রকাশ কৰিছে৷ আমেৰিকাৰ মতে চীনৰ এই মহাকাশত আগ্রাসী চৰিত্রই সমগ্র বিশ্বব্রহ্মণ্ডৰ প্রতি কঢ়িয়াই আনিব ভাবুকি৷ পৰমাণু শক্তিসম্পন্ন হাইপাৰছ’নিক ক্ষেপণাস্ত্র হৈছে বিশ্বৰ আটাইতকৈ গণবিধ্বংসী অস্ত্র৷ ৰাছিয়া, আমেৰিকা আৰু চীনে ইতিমধ্যে এই ক্ষেপণাস্ত্রৰ পৰীক্ষা চলোৱা বুলি বিশ্বৰ সমৰ বিশেষজ্ঞসকলে সন্দেহ প্রকাশ কৰি আহিছে যদিও কোনো এখন দেশেই এই সন্দর্ভত নিজৰ স্থিতি সদৰী কৰা নাই৷ শেহতীয়াকৈ চীনে এই অস্ত্রৰ পৰীক্ষা কৰা বুলি সংবাদ মাধ্যমে প্রকাশ কৰিছে যদিও বেইজিং প্রশাসনে তাক পোনছাটেই অগ্রাহ্য কৰিছে৷ কিন্তু চীনে অস্বীকাৰ কৰিলেও আমেৰিকাই বিষয়টোক লৈ আশংকা ঠিকেই ব্যক্ত কৰিছে৷ আমেৰিকাৰ মতে চীনৰ এই গণবিধ্বংসী অস্ত্র পৰীক্ষাই আন্তর্জাতিক অস্ত্র প্রতিযোগিতাক বিশেষভাৱে ইন্ধন যোগাব৷ বিভিন্ন দেশে এনে অস্ত্রৰ পৰীক্ষাৰ পিছতে নিজৰ সমৰ শক্তি বৃদ্ধি কৰাৰ চেষ্টা চলাব বুলিও মার্কিন প্রতিৰক্ষা দপ্তৰ পেণ্টাগনে আশংকা প্রকাশ কৰিছে৷ লক্ষণীয়ভাৱে চীনৰ হাইপাৰছ’নিক ক্ষেপণাস্ত্রৰ মোকাবিলা কৰিবলৈ ইতিমধ্যে পেণ্টাগনে ক্ষেপণাস্ত্র প্রতিৰোধী ব্যৱস্থাৰ আধুনিকীকৰণৰ কাম আৰম্ভ কৰা বুলি ঘোষণা কৰিছে৷ বিশ্বজুৰি বিয়পি থকা আমেৰিকাৰ ক্ষেপণাস্ত্র ঘাটিবোৰৰ সুৰক্ষাৰ বাবেই এনে পদক্ষেপ গ্রহণ কৰা বুলি ঘোষণা কৰিছে পেণ্টাগনে৷
গণবিধ্বংসী হাইপাৰছ’নিক ক্ষেপণাস্ত্রৰ গতিবেগ সকলোৰে বাবে আশংকাৰ বিষয়৷ মাইলৰ একক ধৰিলে প্রতি ছেকেণ্ডত এক মাইলতকৈও বেছি গতিৰে আগবাঢ়িব পাৰে এই ক্ষেপণাস্ত্র৷ হাইপাৰছ’নিক প্রযুক্তিৰ এনে দ্রুত গতিবেগসম্পন্ন ক্ষেপণাস্ত্রই মুহূর্ততে ধ্বংস কৰি দিব পাৰে লক্ষ্য বস্তু৷ আগষ্টত চীনে মহাকাশত এনে এক ক্ষেপণাস্ত্রৰ পৰীক্ষা কৰিছিল বুলি আমেৰিকাৰ এক সামৰিক নিৰীক্ষণ সংস্থাই দাবী কৰিছে৷ শেহতীয়াকৈ এই সংস্থাৰ দাবীৰ সত্যতা প্রতিফলিত হোৱা বুলি ঘোষণা কৰিছে ‘দ্য ফাইনানচিয়েল টাইমছ’–এ৷ মূল কথাটো হৈছে, হাইপাৰছ’নিক ক্ষেপণাস্ত্রৰ পৰীক্ষাত চীন সফল হৈছে নে নাই সেয়া গুৰুত্বপূর্ণ বিষয় নহয়৷ গুৰুত্বপূর্ণ বিষয়টো হৈছে হাইপাৰছ’নিক প্রযুক্তিৰ জৰিয়তে চীনে আমেৰিকাক প্রত্যাহ্বান জনাবলৈ সক্ষম হৈছে৷ ক্ষেপণাস্ত্র প্রযুক্তিত আমেৰিকাক প্রত্যাহ্বান মানে হোৱাইট হাউছ প্রশাসনৰ বাবে সেয়া দুঃচিন্তাৰ বিষয়৷ কাৰণ বিশ্বজুৰি যুদ্ধত আমেৰিকাৰ মূল হাথিয়াৰেই হৈছে ক্ষেপণাস্ত্র৷ পাৰস্য উপসাগৰৰ পৰা কোৰিয়া উপ–দ্বীপলৈকে সকলোতে এক দুর্জেয় শক্তি হিচাপে আমেৰিকা আজি থিয় হৈ থকাৰ মূলতেই আছে দেশখনৰ অত্যাধুনিক প্রযুক্তিৰ ক্ষেপণাস্ত্র৷ কিন্তু চীনে হাইপাৰছ’নিক পৰমাণু শক্তিসম্পন্ন ক্ষেপণাস্ত্রৰ পৰীক্ষা চলোৱা মানেই আমেৰিকাৰ বাবে সৃষ্টি হ’ব ভয়াৱহ প্রত্যাহ্বান৷ আমেৰিকাৰ সকলো ক্ষেপণাস্ত্র ভাণ্ডাৰ মুহূর্ততে ধ্বংস কৰি দিবলৈ সক্ষম চীনৰ এই হাইপাৰছ’নিক ক্ষেপণাস্ত্র৷ গতিকে চীনৰ ক্ষেপণাস্ত্র পৰীক্ষা এতিয়া আমেৰিকাৰ বাবে আশংকাৰ বিষয়৷ লক্ষণীয়ভাৱে বিশ্বজুৰি দুই সাম্রাজ্যবাদী শিবিৰ আমেৰিকাৰ আৰু চীনৰ প্রতিযোগিতাৰ বাবেই এতিয়া নামি আহিছে বিভিন্ন ক্ষেত্রত সংকট৷ দুয়োখন দেশত অঘোষিত বাণিজ্যিক যুদ্ধই সমগ্র পৃথিৱীজুৰি কঢ়িয়াই আনিছে সমস্যাৰ৷ চীনৰ উৎপাদিত সামগ্রীয়ে বিশ্বৰ বিভিন্ন স্থানত নিজা বজাৰ সৃষ্টি কৰাৰ লগে লগে প্রত্যাহ্বানৰ মুখত পৰিছে ইউৰোপ–আমেৰিকা৷ এতিয়া অস্ত্রৰ ক্ষেত্রত যদি চীনে অত্যাধুনিক প্রযুক্তিৰে বিশ্বৰ বিভিন্ন দেশৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়, তেন্তে আমেৰিকা আৰু ইউৰোপৰ বহু দেশৰ অস্ত্র বাণিজ্যলৈও আহি পৰিব প্রত্যাহ্বান৷ মূল কথাটো হৈছে, চীনে অত্যাধুনিক সমৰাস্ত্রৰ পৰীক্ষা চলোৱা মানে আমেৰিকা–ইউৰোপৰ বৃহৎ বাণিজ্যলৈ সংকট নামি অহাৰ আশংকা আছে৷ গতিকে চীনৰ হাইপাৰছ’নিক ক্ষেপণাস্ত্রৰ পৰীক্ষাক লৈ শংকিত হৈছে হোৱাইট হাউছ তথা ইউৰোপৰ বিভিন্ন দেশ৷