নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত নাহফুটুকীৰ আক্ৰমণত আহত এজন

নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ মহানগৰীত পুনৰ বাঘৰ আতংক। মালিগাঁওৰ মাধৱদেৱ নগৰৰ দাল বস্তিত নাহৰফুটুকীৰ আতংক। নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱ আহত এজন ব্যক্তি। আঘাত প্ৰাপ্ত লোকজনৰ নাম কুমাৰ ছেত্ৰী । উল্লেখ্য যে ছেত্ৰীয়ে পুৱাৰ ভাগত ঘৰৰ সমীপতে খৰি কাটি থাকোতে আক্ৰমণ কৰে এটা প্ৰকাণ্ড নাহৰফুটুকীয়ে। লোকজনে মুখমণ্ডলত যথেষ্ট পৰিমাণে আঘাত পাইছে। দিন দুপৰতে বাঘৰ আক্ৰমণৰ ঘটনাক লৈ আতংকিত হৈ পৰিছে অঞ্চলবাসী। মনকৰিব লগীয়া যে একাংশ লোকে বনাঞ্চল ধব্বংস কৰাৰ ফলতেই সাধাৰণতে এনে ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে। খাদ্য আৰু আশ্ৰয় বিচাৰি এনেদৰে প্ৰায়েই জনাঞ্চলৈ আহে বনৰজা।

You might also like