নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফ্রিকাৰ ২৬ ৰাষ্ট্রত ভ্রমণ নিষেধাজ্ঞা

বিদেশী নাগৰিকৰ প্রৱেশত শংকিত বহু দেশ

নিয়মীয়া বাৰ্তা, ১৭ মার্চঃ ক’ৰোনা ভাইৰাছৰ দ্রুত বিস্তাৰৰ লগে লগে আফ্রিকান দেশসমূহে বিদেশী নাগৰিকৰ প্রৱেশত বাধা আৰোপ কৰিবলৈ লৈছে ৷ অর্থাৎ বিদেশী নাগৰিকৰ ওপৰত ভ্রমণ নিষেধাজ্ঞা আৰোপ কৰিছে আফ্রিকাৰ বহু দেশে ৷ শেহতীয়াকৈ ঘানাই বিদেশী নাগৰিকৰ দেশখনত প্রৱেশৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰিছে ৷ ইয়াৰ পূর্বে দক্ষিণ আফ্রিকাই দেশখনত ক’ৰোনাৰ সংক্রমণে ৰাষ্ট্রীয় বিপর্যয় কঢ়িয়াই অনা বুলি ঘোষণা কৰিছিল ৷ গতিকে ক’ৰোনাৰ পৰা পৰিত্রাণ পাবলৈ বিদেশৰ নাগৰিকৰ ভ্রমণত বাধা আৰোপ কৰিছে দক্ষিণ আফ্রিকাই ৷ আফ্রিকা মহাদেশৰ ২৬খন ৰাষ্ট্রলৈ ক’ৰোনাৰ বিস্তাৰ ঘটিছে৷ এই ২৬খন ৰাষ্ট্রই বিদেশী নাগৰিকৰ ভ্রমণত নিষেধাজ্ঞা আৰোপ কৰিছে৷ বিশেষকৈ চীন, ইৰান, ইটালী, স্পেইন, ব্রিটেইন আৰু আমেৰিকাৰ নাগৰিকসকলৰ ভ্রমণত আৰোপ কৰিছে নিষেধাজ্ঞা ৷

You might also like