নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনত শিশুৰ জন্মৰ হাৰ হাজাৰত ১০.৪৮ শতাংশলৈ অৱনমিত

দেশৰ বিশেষজ্ঞৰ উদ্বেগ প্রকাশ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ সাতটা দশকৰ ভিতৰত প্রথমবাৰলৈ চীনত শিশুৰ জন্মৰ হাৰ অভাৱনীয়ভাৱে হ্রাস পাইছে ৷ ৭০ বছৰ পূর্বে গঠন হৈছিল সমাজতান্ত্রিক চীন ৷ দেশখনত কমিউনিষ্ট পার্টী ক্ষমতালৈ অহাৰ পিছতে জন্ম নিয়ন্ত্রণৰ বিষয়টোত অধিক গুৰুত্ব আৰোপ কৰা হৈছিল ৷ কিন্তু পৰৱর্তী সময়ত চীনে এক শিশুৰ নীতি সলনি কৰে৷ তথাপি ২০১৯ বর্ষটোত প্রতিহাজাৰৰ বিপৰীতে শিশুৰ জন্মৰ হাৰ আছিল মাত্র ১০.৪৮ শতাংশ৷ ১৯৪৯ চনৰ পিছত আটাইতকৈ কম হিচাপে এই হাৰ চিহ্ণিত হৈছে৷ দেশখনৰ ৰাষ্ট্রীয় পৰিসংখ্যা ব্যুৰ’ৰ তথ্য অনুসৰি, ১৪.৬৫ নিযুত লোকৰ বিপৰীতে শিশুৰ জন্ম ৫ লাখ ৮০ হাজাৰলৈ হ্রাস পাইছে৷ লক্ষণীয়ভাৱে বিশ্বৰ দ্বিতীয় বৃহত্তম অর্থনীতি চীনত শিশুৰ জন্মৰ হাৰ সাতটা দশকৰ ভিতৰত সর্বনিম্নলৈ অৱনমিত হোৱা ঘটনাক বিশেষজ্ঞ মহলে ভৱিষ্যতে উদ্বেগৰ বিষয় হ’ব বুলি আখ্যা দিছে৷ অৱশ্যে শিশুৰ জন্মৰ হাৰ অৱনমিত হৈছে যদিও বর্ষটোত সমগ্র দেশখনত জনসংখ্যা ১৩৯ কোটিলৈ বৃদ্ধি পাইছে৷ বিশ্বৰ ভিতৰতে আটাইতকৈ জনবহুল দেশ চীনৰ পিছতে দ্বিতীয় স্থানত আছে ভাৰত ৷ আগন্তুক কেইটামান বছৰৰ ভিতৰতে জনসংখ্যাৰ দিশৰ পৰা ভাৰতে চীনক অতিক্রম কৰিব বুলি বিভিন্ন সমীক্ষাত প্রকাশ পাইছে ৷

You might also like