নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলবায়ু পৰিৱর্তনৰ বাবে জগৰীয়া সমৃদ্ধিশালী লোক

লীডছ বিশ্ববিদ্যালয়ৰ গৱেষণাত চাঞ্চল্যকৰ তথ্য

নিয়মীয়া বাৰ্তা, ১৮ মার্চঃ বিশ্বজুৰি জলবায়ু পৰিৱর্তনৰ বাবে জগৰীয়া সমৃদ্ধিশালী লোকসকল ৷ আর্থিকভাৱে স্বচ্ছল লোকসকলৰ বাবেই পৃথিৱীত জলবায়ু পৰিৱর্তনে ইন্ধন লাভ কৰিছে বুলি লীডছ বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত প্রকাশ পাইছে ৷ ব্রিটেইনৰ এই বিশ্ববিদ্যালয়খনে ৮৬খন দেশক লৈ চলোৱা এক সমীক্ষাত উল্লেখ পাইছে যে অতি ধনী ১০গৰাকী লোকে দৰিদ্র ১০গৰাকী লোকতকৈ ২০ গুণ বেছি শক্তি গ্রহণ কৰে৷ অর্থাৎ গাড়ী চালনাৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্রত গ্রীন হাউছ গেছ নির্গমনত এই ধনী লোকসকলৰ অৰিহণা বেছি ৷ দৰিদ্র তথা দুখীয়া লোকসকলে গাড়ী ক্রয় কৰিব নোৱাৰে ৷ নাইবা বিভিন্ন বাহনত যাতায়াত তেওঁলোকৰ বাবে সম্ভৱ নহয়৷ গতিকে দুখীয়া লোকসকলৰ জৰিয়তে জলবায়ু পৰিৱর্তন হোৱা নাই৷ জলবায়ু পৰিৱর্তন অর্থাৎ গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্রত ধনী লোকসকলৰ অৰিহণা থকা বুলি ৮৬খন দেশৰ লোকে মন্তব্য কৰিছে৷ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে অধ্যয়নত লাভ কৰা তথ্য অনুসৰি আর্থিকভাৱে সমৃদ্ধিশালী লোকসকলে অধিক শক্তিৰ অপচয় কৰি আহিছে৷ এই শক্তিৰ অপচয়ে পর্যাপ্তভাৱে পৃথিৱী গ্রহত নির্গমন ঘটাইছে গ্রীন হাউছ গেছৰ৷ ইয়াৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি প্রতিৰোধৰ ক্ষেত্রত আহি পৰিছে প্রত্যাহ্বান৷ স্মর্তব্য যে সমৃদ্ধিশালী দেশ তথা ধনী লোকসকলেই এতিয়া পৃথিৱীগ্রহত জীৱকুলৰ বাবে বিপর্যয় কঢ়িয়াই আনিছে৷ লীডছ বিশ্ববিদ্যালয়ৰ এই অধ্যয়নৰ প্রতিবেদন প্রকাশ পোৱাৰ পিছতে বিশ্বজুৰি বিষয়টোক লৈ চলিছে চর্চা ৷

You might also like