নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ পৰমাণু অস্ত্রৰ পৰীক্ষা চলাব উত্তৰ কোৰিয়াই

নৱবর্ষৰ প্রথমটো দিনতে আমেৰিকাৰ আশাত চেঁচাপানী ঢালিলে কিমে

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ নৱবর্ষৰ প্রথমটো দিনত উত্তৰ কোৰিয়াৰ ৰাষ্ট্রপতি কিম জং–উনে আলোচনাৰ পথ মুকলি কৰিব বুলি হোৱাইট হাউছ প্রশাসনে আশা কৰি আছিল যদিও এই আশাত চেঁচাপানী ঢালি দেশখনৰ শীর্ষ নেতাগৰাকীয়ে ঘোষণা কৰিছে পুনৰ পৰমাণু অস্ত্র আৰু দীর্ঘ দূৰত্বৰ ক্ষেপণাস্ত্রৰ পৰীক্ষা চলোৱা হ’ব ৷ পৰমাণু অস্ত্রৰ পৰীক্ষা নচলাই বুলি পূর্বে কিমে যি প্রতিশ্রুতি দিছিল, সেয়া উঠাই লৈছে ৰাষ্ট্রপতিগৰাকীয়ে ৷ অকল সেয়াই নহয়, শীঘ্রে দেশখনে অত্যাধুনিক এক কৌশলগত অস্ত্র নির্মাণ কৰিব বুলিও ঘোষণা কৰিছে কিম জং–উনে ৷ অৱশ্যে আমেৰিকাৰ সৈতে আলোচনাৰ দুৱাৰ মুকলি থাকিব বুলি কালি শীর্ষনেতাগৰাকীয়ে স্পষ্ট কৰি দিছে ৷ যিকোনো অস্ত্রৰ পৰীক্ষা আমেৰিকাৰ স্থিতিৰ ওপৰত নির্ভৰ কৰিব বুলিও মন্তব্য কৰিছে নেতাগৰাকীয়ে ৷ অর্থাৎ নৱবর্ষৰ প্রথমটো দিনতেই কোৰিয়া উপদ্বীপত যুদ্ধৰ আতংক সৃষ্টিৰ ইংগিত দিলে কিম জং–উনে ৷

You might also like