আমেৰিকা অভিমুখী বিশাল ধূলি ধুমুহা ‘গডজিলা’
নিয়মীয়া বাৰ্তা, ২৩ জুনঃ আফ্রিকাৰ ছাহাৰা মৰুভূমিৰ পৰা প্রায় ৫ হাজাৰ মাইল দূৰত্ব অতিক্রমী আমেৰিকা অভিমুখে আহি আছে এক বিশাল ধূলি ধুমুহা৷ প্রতি বছৰি গ্রীষ্মকালত আটলাণ্টিকৰ আকাশলৈ এনেদৰে আহে আফ্রিকাৰ ছাহাৰাৰ উপকণ্ঠীয় অঞ্চলৰ পৰা ধূলিৰ ধুমুহা৷
কিন্তু চলিত বছৰত হ’বলগীয়া এই ধূলি ধুমুহাই বিগত ৫০ বছৰৰ অভিলেখ ভংগ কৰিব বুলি আশংকা কৰা হৈছে৷ ইতিমধ্যে এই ধূলি ধুমুহা লাহে লাহে পুঞ্জীভূত হোৱাৰ উপগ্রহ চিত্র প্রকাশ পাইছে৷ আন্তর্জাতিক মহাকাশ কেন্দ্রৰ পৰা এই আলোকচিত্র প্রেৰণ কৰা হৈছে পৃথিৱীলৈ৷ মহাকাশচাৰী ড’গ হার্লিয়ে ছ’চিয়েল মিডিয়া টুইটাৰযোগে উল্লেখ কৰা অনুসৰি ইতিমধ্যে পশ্চিম–মধ্য আটলাণ্টিকক স্পর্শ কৰিছে এই ধূলি ধুমুহাই৷ এই ধূলি ধুমুহাই ভূস্পৃষ্ঠৰ পৰা ২০ হাজাৰ ফুট উচ্চতালৈ গতি কৰি আমেৰিকাৰ বিশাল অঞ্চলত বায়ু প্রদূষণৰ সৃষ্টি কৰাৰ আশংকাই দেখা দিছে৷
উল্লেখনীয় যে কেইবাখনো দেশৰ বতৰ বিজ্ঞানীয়ে এই ধূলি ধুমুহাৰ নাম থৈছে ‘গডজিলা ডাষ্ট ক্লাউড’৷