এক মিনিটত যন্ত্রণাহীন মৃত্যুঃ আত্মহত্যাৰ যন্ত্রক বৈধতা প্রদান ছুইজাৰলেণ্ডৰ
নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ দুখ–কষ্টহীন মৃত্যু৷ সেয়াও মাত্র এক মিনিটৰ ভিতৰতে৷ আত্মহত্যাৰ এনে এক যন্ত্রক আইনী স্বীকৃতি দিয়ে ছুইজাৰলেণ্ডে৷ যন্ত্রটোৰ সহায়ত শৰীৰত অক্সিজেনৰ মাত্রা কমাই দিয়া হ’ব৷ ফলত নিমিষৰ ভিতৰতে মৃত্যুৰ কোলাত ঢলি পৰিব এই যন্ত্র ব্যৱহাৰকাৰী৷ কেপছুল আকাৰৰ যন্ত্রটো দেখিবলৈ কফিনৰ নিচিনা৷ এই যন্ত্রটোক ছুইজাৰলেণ্ডে স্বীকৃতি দিয়াৰ লগে লগে বিশ্বজুৰি সৃষ্টি হৈছে আলোড়ন৷ ইউথেনছিয়া বা ইচ্ছামৃত্যুক পূর্বেই স্বীকৃতি দিছে ছুইজাৰলেণ্ড চৰকাৰে৷ যোৱা বছৰ এনেদৰে মৃত্যুৰ পথ বাছি লৈছে দেশখনত ১৩০০ লোকে৷ এইবাৰ যন্ত্রটোক স্বীকৃতি দি ইউথেনছিয়াক অধিক কার্যকৰী ৰূপ দিয়াৰ ক্ষেত্রত নিজৰ স্থিতি স্পষ্ট কৰিলে ছুইজাৰলেণ্ড চৰকাৰে৷