কুকুৰে কামোৰাৰ বাবে হাউছিং ছ’চাইটীক ৪ লাখ টকা জৰিমনা
নিয়মীয়া বাৰ্তা, ২৩ মে’: দিল্লীৰ সমীপৱর্তী গুৰুগ্রামত এক গ্রাহক সুৰক্ষা সংস্থাই হাউছিং ছ’চাইটীক চাৰি লাখ টকা জৰিমনা বিহিছে ইয়াৰ বাসিন্দাক কুকুৰে কামোৰাৰ বাবে৷ উল্লেখনীয় যে নিৰাপত্তা ক্ষেত্রত হাউছিং ছ’চাইটীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ আনিছে উপভোক্তা আদালতে৷ দ্য মংগোলীয়া নামৰ হাউছিং ছ’চাইটীয়ে বাসিন্দাসকলক নিৰাপত্তা প্রদান নকৰা বুলি সঞ্জীৱ জিন্দালৰ উপভোক্তা আদালতে এই ৰায়দান কৰিছে৷
উল্লেখনীয় যে দুবছৰ পূর্বে এজনী কিশোৰীক কুকুৰে কামোৰাৰ পিছত কিশোৰীজনীৰ পৰিয়াল মানসিক আতিশয্যৰ সন্মুখীন হৈছিল৷ কিশোৰীজনীয়ে লিফটেৰে তললৈ নামি অহা অৱস্থাত অন্য এজন বাসিন্দাৰ কুকুৰে কামোৰাৰ লগে লগে বিষয়টোক লৈ সৃষ্টি হৈছিল প্রতিক্রিয়া৷