ক্ষুধাতুৰৰ বিক্ষোভত উত্তাল আফ্রিকা
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ আফ্রিকাজুৰি দ্রুত বিস্তাৰ ঘটিবলৈ লোৱাৰ সময়তে মহাদেশখনৰ বিভিন্ন ৰাষ্ট্রত সৃষ্টি হৈছে অস্থিৰতা৷ আনকি এই ভাইৰাছবিধৰ সংক্রমণত প্রতিৰোধ লগাবলৈ বিভিন্ন দেশৰ চৰকাৰে তলাবন্ধ ঘোষণা কৰাৰ লগে লগে ক্ষুধিত লোকে কেইবাখনো চহৰত সাব্যস্ত কৰিছে প্রতিবাদ৷ খাদ্যৰ নাটনিৰ বাবেই সৃষ্টি হৈছে সংঘর্ষ৷ এই সংঘর্ষৰ মোকাবিলা কৰিবলৈ কেইবাখনো দেশে সেনা আৰু আৰক্ষী মোতায়েন কৰিছে৷ আফ্রিকাৰ মুঠ ৫৪খন দেশৰ ভিতৰত ৫২খনতেই এই ভাইৰাছবিধৰ সংক্রমণ ঘটিছে৷ এতিয়ালৈকে মহাদেশখনত মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা সংক্রমিত হৈছে ২০ সহস্রাধিক লোক৷ ইফালে প্রাণ হেৰুৱাইছে সহস্রাধিকে৷ উল্লেখনীয় যে কালি দক্ষিণ আফ্রিকাৰ কেপটাউন, জোহান্সবার্গকে ধৰি কেইবাখনো চহৰত অনাহাৰী লোকৰ বিক্ষোভ নিয়ন্ত্রণ কৰিবলৈ সেনাই কঠোৰ ব্যৱস্থা গ্রহণ কৰে৷ নাইজেৰিয়াত প্রতিবাদী লোকৰ বিৰুদ্ধে কঠোৰ হৈছে প্রশাসন৷ সেইদৰে লেছ’থোত ক’ভিড–১৯ৰ সময়ত তলাবন্ধ উলংঘা কৰা লোকৰ বিৰুদ্ধে প্রধানমন্ত্রীয়ে সেনাক দায়িত্ব প্রদান কৰিছে৷ সমগ্র আফ্রিকাজুৰি এতিয়া এক অস্থিৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ক’ৰোনাক কেন্দ্র কৰি৷