ক’ৰোনা প্রতিৰোধৰ ক্ষেত্রত কঠোৰ পদক্ষেপ জার্মানীৰ
নিয়মীয়া বাৰ্তা, ২৩ মার্চঃ ক’ৰোনাৰ দ্রুত বিস্তাৰত প্রতিৰোধ লগোৱাৰ ক্ষেত্রত জার্মানীয়ে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে ৷ দেশখনত ২০ মার্চলৈ ৬৭জন লোকৰ ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱাৰ উপৰি প্রায় ২০ হাজাৰক চিকিৎসা প্রদান কৰি থকা হৈছে ৷ কিন্তু ইটালীত ৪৭ হাজাৰতকৈ অধিক লোক ক’ৰোনাত আক্রান্ত হোৱাৰ উপৰি দেশখনত প্রায় ৫ হাজাৰ লোকে প্রাণ হেৰুৱাইছে ৷ গতিকে ইটালীতকৈ জার্মানীৰ পৰিস্থিতি যথেষ্ট সুস্থিৰ বুলি বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰিছে৷ অৱশ্যে ক’ৰোনা ভাইৰাছ বা ক’ভিড–১৯ সংক্রমিত দেশৰ তালিকাত জার্মানী আছিল চতুর্থ স্থানত৷ কিন্তু মৃত্যুৰ হাৰ হ্রাস কৰাৰ ক্ষেত্রত জার্মানী সফল হৈছে৷ বিজ্ঞানীসকলৰ মতে প্রাথমিকভাৱে জার্মানীয়ে ক’ৰোনাক প্রতিৰোধৰ বাবে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷ জার্মানীৰ এই পদক্ষেপৰ বাবেই দেশখনত ক’ৰোনাত সংক্রমিত লোকৰ হাৰ অন্য দেশৰ তুলনাত কম৷ দ্রুত হাৰত দেশখনত ক’ৰোনাৰ সংক্রমণ ঘটা নাই ৷ উল্লেখ্য যে বিশ্ব স্বাস্থ্য সংস্থাই ক’ৰোনাৰ প্রতিৰোধৰ বাবে চিকিৎসা পৰীক্ষা একমাত্র উপায় বুলি ঘোষণা কৰিছে ৷ জার্মানীয়ে প্রতি সপ্তাহত এক লাখ ৬০ হাজাৰকৈ লোকৰ স্বাস্থ্য পৰীক্ষা কৰাইছে ৷