ছ’চিয়েল মিডিয়াক নাকী লগাব ট্রাম্পে
নিয়মীয়া বাৰ্তা,৩০ মেঃ ছ’চিয়েল মিডিয়াৰ অধিকাৰ খর্ব কৰাৰ চিন্তা–চর্চা চলাইছে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ ৰাষ্ট্রপতি ট্রাম্পে শেহতীয়াকৈ উল্লেখ কৰিছে যে ইণ্টাৰনেট কোম্পানীবোৰক সুৰক্ষা প্রদান কৰা আইনক দুর্বল কৰিবলৈ এক নতুন বিধেয়ক অনা হ’ব৷ টুইটাৰ, ফেচবুক তথা অন্যান্য ছ’চিয়েল মিডিয়াক নাকী লগাবলৈ ট্রাম্পে এই নতুন বিধেয়ক উত্থাপন কৰা হ’ব বুলি ঘোষণা কৰিছে৷ শেহতীয়াকৈ টুইটাৰৰ সৈতে তীব্র মতানৈক্য চলি থকা বাবেই ট্রাম্পে এনে চিন্তা–চর্চা চলোৱা বুলি বিষয়টোক লৈ ইতিমধ্যে প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ স্মর্তব্য যে বিভিন্ন সময়ত বিতর্কিত মন্তব্যৰে আমেৰিকাৰ ৰাজনীতি উত্তাল কৰি অহা ড’নাল্ড ট্রাম্পে টুইটাৰৰ সৈতে এতিয়া তীব্র বাক্যুদ্ধত অৱতীর্ণ হৈছে৷ গতিকে প্রতিহিংসাপৰায়ণ মনৰ পৰিচয় দি ট্রাম্পে এই নতুন বিধেয়কৰ কথা উল্লেখ কৰিছে।