নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাপানত ১৯গৰাকী বিশেষভাৱে সক্ষম লোকৰ হত্যাকাৰীলৈ মৃত্যুদণ্ডৰ ৰায়

মানসিক বিকাৰগ্রস্তৰ জীয়াই থকাৰ অধিকাৰ নাই

নিয়মীয়া বাৰ্তা, ১৭ মার্চঃ ১৯গৰাকী বিশেষভাৱে সক্ষম লোকক এক সেৱা কেন্দ্রত নৃশংসভাৱে হত্যা কৰা জাপানৰ এজন লোকক মৃত্যুদণ্ডৰ ৰায় শুনোৱা হৈছে ৷ ছাট’ছি উৱেমাট্ছু নামৰ ৩০ বছৰীয়া যুৱকজনে বিশেষভাৱে সক্ষম লোকসকলে মানুহৰ সৈতে ভালদৰে যোগাযোগ স্থাপন কৰিব নোৱাৰাৰ বাবেই তেওঁলোকৰ জীয়াই থকাৰ অধিকাৰ নাই বুলি ঘোষণা কৰিছিল ৷ জাপানৰ সম্প্রচাৰ সংস্থা কিয়ড’ৱে সদৰী কৰিছে এই তথ্য ৷ টকিঅ’ৰ সমীপৱর্তী বিশেষভাৱে সক্ষম লোকৰ এক সেৱা কেন্দ্রত ৩০ বছৰীয়া উৱেমাট্ছুৱে সংঘটিত কৰিছিল এই নৃশংস হত্যাকাণ্ড ৷ জাপানৰ ইতিহাসত এই হত্যাকাণ্ড অতি নৃশংস হিচাপে চিহ্ণিত হৈছিল ৷ উল্লেখনীয় যে এছিয়াৰ দেশখনত বিশ্বৰ অন্য প্রান্তৰ তুলনাত সংঘর্ষজনিত অপৰাধৰ ঘটনা যথেষ্ট কম ৷ দেশখনৰ সংবাদ পত্র মেইনিচি ছিম্বুনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত উৱেমাট্ছুৱে উল্লেখ কৰিছিল যে মানসিক বিকাৰগ্রস্ত লোকসকলৰ সমাজত জীয়াই থকাৰ কোনোধৰণৰ অধিকাৰ নাই৷ গতিকে বিশেষভাৱে সক্ষম লোকসকলক তেওঁ হত্যা কৰিছিল৷ য়োক’হামা জিলা আদালতে আজি উৱেমাট্ছুৰ বিৰুদ্ধে ফাঁচিৰ ৰায় ঘোষণা কৰিছে৷ স্মর্তব্য যে আদালতত পূর্বেই উৱেমাট্ছুৱে যিকোনো শাস্তিৰ ৰায়ৰ বিৰুদ্ধে আবেদন নকৰে বুলি ঘোষণা কৰিছিল৷ চলিত বর্ষৰ আৰম্ভণিতে বিচাৰ প্রক্রিয়াত ১৯গৰাকী লোকক হত্যা কৰা বুলি স্বীকাৰ কৰিছিল যুৱকজনে৷ কিন্তু অধিবক্তাসকলে উৱেমাট্ছুৰ মাৰিজুৱানাৰ দ্বাৰা আসক্ত বুলি উল্লেখ কৰি শাস্তিৰ পৰা ৰেহাই দিবলৈ যুক্তি দর্শাইছিল ৷

You might also like