নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢাকাৰে বন্ধুত্বক অগ্রাধিকাৰ ভাৰতৰ

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ প্রতিৱেশী বাংলাদেশৰ স্বাধীনতাৰ স্বর্ণজয়ন্তী অনুষ্ঠানত যোগ দিয়া ভাৰতৰ ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে আজি কয় যে যৌৱন অৱস্থাতে বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমান নৈতিক সাহসৰ দ্বাৰা অনুপ্রাণিত হৈছিল৷ বাংলাদেশৰ সৈতে বন্ধুত্বক ভাৰতে সকলো সময়তে সর্বোচ্চ অগ্রাধিকাৰ দি অহা বুলি উল্লেখ কৰি ৰাষ্ট্রপতি কোৱিন্দে কয় যে বন্ধুত্বৰ পূর্ণ সম্ভাৱনাক বাস্তৱায়িত কৰিবলৈ ভাৰত সকলো ধৰণে প্রতিশ্রুতিবদ্ধ৷ কালি বাংলাদেশৰ ৰাষ্ট্রীয় সংসদত ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে এই কথা উল্লেখ কৰে৷ ৰাষ্ট্রীয় সংসদত অনুষ্ঠিত শ্বেখ মুজিবুৰ ৰহমানৰ জন্ম শতবার্ষিকী আৰু বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তী উৎসৱত দেশখনৰ ৰাষ্ট্রপতি মহম্মদ আব্দুল হামিদ, প্রধানমন্ত্রী শ্বেখ হাছিনা, সংসদৰ অধ্যক্ষ ড০ চিৰিন ছাৰমিন চৌধুৰী আৰু বংগবন্ধুৰ কনিষ্ঠ কন্যা শ্বেখ ৰেহানাও উপস্থিত থাকে৷ লক্ষণীয়ভাৱে বাংলাদেশবাসীক এই ঐতিহাসিক মুহূর্তত ৰাষ্ট্রপতি কোৱিন্দে ১৩০ কোটি ভাৰতীয়ৰ হৈ শুভেচ্ছাও জ্ঞাপন কৰে৷

You might also like