দুবছৰৰ মূৰকত জাপান ভ্রমণৰ অনুমতি বিদেশী পর্যটকক
নিয়মীয়া বাৰ্তা, ২৯ মে’: ক’ভিড–১৯ৰ বাবে বিদেশী পর্যটকৰ জাপান ভ্রমণ নিষিদ্ধ কৰাৰ পিছত অৱশেষত দুবছৰৰ মূৰকত ১ জুনৰ পৰা জাপান ভ্রমণৰ বাবে বিদেশী পর্যটকক অনুমতি দিলে চৰকাৰখনে৷ ৯৮খন দেশ আৰু অঞ্চলৰ লোকৰ বাবে জাপানে সীমান্ত মুকলি কৰি দিছে৷ ক’ভিড–১৯ প্রৱেশ প্রতিবন্ধকতাৰ ক্ষেত্রত ৰেহাই দি জাপানে এই সিদ্ধান্ত গ্রহণ কৰিছে৷ বিদেশী পর্যটকৰ বাবে জাপান ভ্রমণৰ অনুমতি দিয়া হৈছে যদিও কিছু কিছু ক্ষেত্রত প্রতিবন্ধকতা এতিয়াও অব্যাহত থাকিব৷ ভ্রমণ গোটৰ অংশ দেশসমূহৰ নাগৰিকেহে জাপানত প্রৱেশ কৰিব পাৰিব৷ বিদেশী পর্যটকক অনুমতি দিয়াৰ পূর্বে মার্চ মাহত আন্তর্জাতিক শিক্ষার্থীক অনুমতি দিয়া হৈছিল৷