ধঁপাত সেৱনৰ বিৰুদ্ধে কঠোৰ হ’ব নিউজিলেণ্ড
নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰ: ধঁপাত সেৱনৰ ক্ষেত্রত কঠোৰ নিষেধাজ্ঞা প্রয়োগৰ সিদ্ধান্ত লৈছে নিউজিলেণ্ডে৷ ভৱিষ্যতে ধঁপাতমুক্ত হ’বলৈ সংকল্প লৈছে দেশখনৰ চৰকাৰে৷ ২০২৫ চনৰ ভিতৰত দেশখনত ধঁপাত সেৱনকাৰীৰ সংখ্যা ৫ শতাংশতকৈ কমলৈ হ্রাস কৰাৰ বাবে এক অভিনৱ আঁচনি গ্রহণ কৰাও হৈছে৷ এই আঁচনি অনুসৰি ১৪ বছৰ বা তাতকৈ তলৰ তৰুণ তথা কিশোৰসকলে যাতে ধঁপাত ক্রয় কৰিব নোৱাৰে সেইক্ষেত্রত অধিক গুৰুত্ব প্রদান কৰিব চৰকাৰে৷
লক্ষণীয়ভাৱে চৰকাৰে আগন্তুক বর্ষৰ আৰম্ভণিৰে পৰা নতুন আইন প্রণয়ন কৰিব দেশখনত৷ এই নতুন আইন অনুসৰি চিগাৰেট ক্রয়ৰ ক্ষেত্রত নূ্যনতম বয়স প্রতি বছৰে বৃদ্ধি কৰা হ’ব৷ লক্ষণীয়ভাৱে ধঁপাত সেৱনৰ বিষয়টোক লৈ উদ্বেগ প্রকাশ কৰি আহিছে দেশখনৰ নাগৰিক সমাজে৷