ধর্মীয় সংখ্যালঘুৰ স্বাধীনতা নাই ভাৰততঃ আমেৰিকান সংস্থাৰ প্রতিবেদন অগ্রাহ্য নতুন দিল্লীৰ
নিয়মীয়া বাৰ্তা, ৩০ এপ্রিলঃ আন্তর্জাতিক ধর্মীয় স্বাধীনতাৰ বিষয় নিৰীক্ষণৰ বাবে থকা আমেৰিকাৰ আয়োগ (ইউএছচিআইআৰএফ)ৰ প্রতিবেদনত ভাৰতত ধর্মীয় সংখ্যালঘুসকলৰ ওপৰত আক্রমণ বৃদ্ধি কৰা বুলি অভিযোগ অনা হৈছে ৷ আনকি ইউএছচিআইআৰএফে আমেৰিকাৰ বিদেশ দপ্তৰক ভাৰতকে ধৰি ১৪খন ৰাষ্ট্রৰ বিৰুদ্ধে এইক্ষেত্রত কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈও আহ্বান জনাইছে৷ কালি মার্কিন সংস্থাটোৰ এই প্রতিবেদন প্রকাশ পোৱাৰ পাছতে ভাৰতে তীব্র ক্ষোভ উজাৰিছে৷ ভাৰতৰ বিদেশ মন্ত্রালয়ৰ মুখপাত্র অনুৰাগ শ্রীবাস্তৱে এক বিবৃতিযোগে ইউএছচিআইআৰএফৰ পর্যালোচনাক অগ্রাহ্য কৰা বুলি ঘোষণা কৰিছে ৷ ভাৰতৰ বিৰুদ্ধে এয়া এক পক্ষপাতদুষ্ট মন্তব্য বুলিও ইউএছচিআইআৰএফৰ প্রতিবেদন কেতিয়াও মানি লোৱা নহ’ব বুলি ঘোষণা কৰিছে শ্রীবাস্তৱে ৷