নাছাই লাভ কৰিছিল হিমবাহৰ ভাঙোনৰ ছবি
নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ উত্তৰাখণ্ডৰ চামলি জিলাত যোৱা ৭ ফেব্রুৱাৰীত সংঘটিত হিমবাহ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা তাৎক্ষণিক বানে দুই শতাধিক লোকৰ জীৱন কঢ়াৰ ঘটনা সন্দর্ভত ন ন তথ্য পোহৰলৈ আহিছে৷ ৭ ফেব্রুৱাৰীৰ এই ঘটনাৰ পূর্বে ৬০২৯ মিটাৰ উচ্চতাৰ ৰণ্টি পর্বতত হিমবাহৰ বৰফীয় স্তৰ ভঙাৰ ছবি আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছাৰ উপগ্রহই লাভ কৰিছিল৷ পর্বতৰ বৰফীয় স্তৰত হোৱা এই অস্বাভাৱিক ভাঙোনৰ ছবি প্রকাশ কৰিছে নাছাৰ আর্থ অবজাৰভেটৰীয়ে৷
এক প্রতিবেদনত নাছাই উল্লেখ কৰা অনুসৰি হিমবাহ বিস্ফোৰণৰ কেইবামাহো পূর্বৰে পৰা নাছাৰ উপগ্রহই অঞ্চলটোৰ বৰফীয় স্তৰৰ অস্বাভাৱিক ভাঙোনৰ দৃশ্য লাভ কৰিছিল৷ অৱশ্যে এই সন্দর্ভত মহাকাশ গৱেষণা সংস্থাটোৱে কোনো ধৰণৰ আগতীয়া সতর্কবাণী জাৰি কৰা নাছিল৷ স্মর্তব্য যে হিমবাহ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা মহাপ্রলয়ত উত্তৰাখণ্ডৰ চামলিত দুই শতাধিক লোকে প্রাণ হেৰুৱাইছে৷