নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিউয়র্ক চহৰত বন্ধ ঘোষণা বিদ্যালয়–ৰেষ্টুৰেণ্ট

নিয়মীয়া বাৰ্তা, ১৭ মার্চঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ দ্রুত বিস্তাৰত প্রতিৰোধ লগাবলৈ নিউয়র্ক  চহৰত কঠোৰ ব্যৱস্থা গ্রহণ কৰা হৈছে ৷ ক’ৰোনাৰ সংক্রমণক প্রতিৰোধ লগোৱাৰ উদ্দেশ্যে সোমবাৰে নিউয়র্কত বন্ধ ঘোষণা কৰা হৈছে শিক্ষানুষ্ঠান, ৰেষ্টুৰেণ্ট, বাৰ তথা অন্যান্য ৰাজহুৱা প্রতিষ্ঠানবোৰ ৷ চহৰখনৰ মেয়ৰ বিল ডে ব্লাছি’ৱে উল্লেখ কৰা অনুসৰি বাসিন্দাসকলে ক’ৰোনা ভাইৰাছৰ ভাবুকিৰ সন্মুখীন হৈছে ৷ এই ভাবুকিক অভূতপূর্ব আখ্যা দিছে মেয়ৰগৰাকীয়ে ৷ গতিকে ইয়াৰ মোকাবিলা কৰিবলৈ যুদ্ধকালীন তৎপৰতা গ্রহণ কৰা বুলি ঘোষণা কৰিছে মেয়ৰ ব্লাছি’ৱে ৷ লক্ষণীয়ভাৱে ক’ৰোনাৰ এই দ্রুত বিস্তাৰৰ লগে লগে আমেৰিকাই ইউৰোপ ভ্রমণৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰিছে ৷ শেহতীয়াকৈ গ্রেট ব্রিটেইন আৰু আয়াৰলেণ্ডৰ  সৈতেও এই ভ্রমণ নিষেধাজ্ঞা বলৱৎ হৈছে ৷ নিউয়র্ক চহৰত এই নজিৰবিহীন তৎপৰতা গ্রহণ কৰাৰ উপৰি হোৱাইট হাউছ প্রশাসনে সমগ্র আমেৰিকাতেই জাৰি কৰিছে সতর্কবাণী ৷

You might also like