নিৰাপত্তা পৰিষদত অন্ত পৰিব পাৰে মতানৈক্য
নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ প্রায় এমাহ ধৰি ক’ৰোনা ভাইৰাছ সন্দর্ভত ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত আমেৰিকা, চীন আৰু ৰাছিয়াৰ মতানৈক্যৰ বাবে বিশ্বৰ সর্বোচ্চ সংস্থাটোৱে কোনো ধৰণৰ প্রস্তাৱ গ্রহণ কৰিবলৈ সক্ষম হোৱা নাছিল যদিও শেহতীয়াকৈ তিনিওখন দেশৰ মাজত মতানৈক্যৰ অৱসান ঘটাৰ ইংগিত পোৱা গৈছে৷ চলিত সপ্তাহতে ক’ৰোনা ভাইৰাছ মহামাৰী সন্দর্ভত নিৰাপত্তা পৰিষদে প্রথমটো প্রস্তাৱ গ্রহণ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্রকাশ কৰিছে৷
উল্লেখনীয় যে ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্টনি’ গুটেৰেছে সঘনে ক’ৰোনা ভাইৰাছ মহামাৰীৰ মোকাবিলা কৰিবলৈ আন্তর্জাতিক সহযোগিতাৰ পোষকতা কৰি আহিছে৷ কিন্তু চীনৰ য়ুহানৰ পৰা এই মাৰাত্মক ভাইৰাছবিধৰ বিশ্বজুৰি বিস্তাৰ ঘটা বাবেই আমেৰিকাই চীনবিৰোধী অৱস্থান গ্রহণ কৰি আহিছে৷ আনকি ৰাষ্ট্রসংঘ পৰিচালিত বিশ্ব স্বাস্থ্য সংস্থাই ক’ৰোনাৰ ভাইৰাছ প্রতিৰোধৰ ক্ষেত্রত চীনৰ পক্ষপাতী হোৱা বুলি অভিযোগ কৰি আমেৰিকাই সংস্থাটোলৈ সাহায্য পুঁজি বন্ধ কৰিছে৷ কিন্তু শেহতীয়াকৈ নিৰাপত্তা পৰিষদৰ এগৰাকী কূটনীতিকে উল্লেখ কৰিছে যে চলিত সপ্তাহত মতানৈক্যৰ অৱসান ঘটিব সংস্থাটোত৷ আশা কৰা ধৰণেই ক’ৰোনা ভাইৰাছ সন্দর্ভত ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদে প্রথমটো প্রস্তাৱ গ্রহণ কৰিব৷
কেইবাগৰাকীও কূটনীতিকৰ বক্তব্যৰ উদ্ধৃতি দি অনুৰূপ প্রতিবেদন প্রকাশ কৰিছে সংবাদ সংস্থা এএফপিয়ে৷ অৱশ্যে নিৰাপত্তা পৰিষদত ক’ৰোনাক প্রতিৰোধৰ বাবে প্রস্তাৱ গ্রহণ কৰাৰ আশা অর্থহীন বুলি কেইবাগৰাকীও বিশেষজ্ঞই মন্তব্য আগবঢ়াইছে৷ নিৰাপত্তা পৰিষদত এই গোলকীয় সংকটৰ সময়ত প্রস্তাৱ গ্রহণ নকৰিলে ক’ৰোনা ভাইৰাছে মহামাৰীৰ পৰা পৰিত্রাণৰ কোনো নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা কম৷