নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ ব্রিটেইনৰ প্রধানমন্ত্রী পদৰ প্রার্থী ঋষি ছুনাক

নিয়মীয়া বাৰ্তা,  ২৩ অক্টোবৰ: ৪৪ দিনতে গ্রেট ব্রিটেইনৰ প্রধানমন্ত্রী আৰু কনজাৰভেটিভ পার্টীৰ মুৰব্বীৰ পদ লিজ ট্রাছে এৰাৰ পিছত পুনৰ ভাৰতীয় বংশোদ্ভৱ ঋষি ছুনাকৰ নাম উক্ত পদবীৰ বাবে চর্চিত হৈছে৷ ঋষি ছুনাকক পৰাজিত কৰি ব্রিটেইন আৰু কনজাৰভেটিভ পার্টীৰ মুৰব্বী হিচাপে নির্বাচিত হোৱা ট্রাছে পদত্যাগ কৰাৰ পিছত পৰৱর্তী প্রধানমন্ত্রী হিচাপে ঋষি ছুনাকে প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিষয়ে সংবাদ মাধ্যমত চর্চা লাভ কৰিছিল৷ আনুষ্ঠানিকভাৱে ঋষি ছুনাকে এতিয়ালৈকে ঘোষণা কৰা নাই যদিও ছুনাকে প্রার্থী হোৱাৰ সম্ভাৱনা প্রবল৷ কনজাৰভেটিভ পার্টীৰ নেতা তথা ব্রিটেইনৰ প্রধানমন্ত্রী পদৰ প্রার্থী হ’বলৈ ঋষি ছুনাকক দলটোৰ ১০০ সদস্যৰ সমর্থনৰ প্রয়োজন আছে৷ মন কৰিবলগীয়া যে লিজ ট্রাছে পদত্যাগ কৰাৰ পিছত প্রাক্তন প্রধানমন্ত্রী বৰিছ জনছনৰ নামো চর্চাৰ মাজলৈ আহিছে৷ এতিয়ালৈকে প্রধানমন্ত্রী পদৰ প্রার্থীৰ বাবে বৰিছ জনছন আৰু ঋষি ছুনাকে আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা নাই যদিও কমনছৰ নেতা পেনি মৰডান্তে আনুষ্ঠানিকভাৱে প্রার্থী হিচাপে নাম ঘোষণা কৰিছে৷

You might also like