পৰমাণু–ৰাসায়নিক যুদ্ধৰ অনুশীলন চীনৰ
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ ভাৰতৰ সৈতে সীমান্তত সংঘাত চলি থকাৰ মাজতে তিব্বতত পাৰমাণৱিক, জৈৱিক আৰু ৰাসায়নিক যুদ্ধৰ আখৰা চলাইছে চীনে৷ ইয়াৰ ফলত ভৱিষ্যতে চীনৰ পিপল্ছ লিবাৰেচন আর্মী (পিএলএ) অধিক আগ্রাসী হৈ পৰিব পাৰে বুলি আশংকা কৰিছে ভাৰতৰ প্রতিৰক্ষা বিশ্লেষকসকলে৷ কালি ৰঙা চীনৰ সেনাৰ এটা নিউজ প’র্টেলে উল্লেখ কৰা অনুসৰি নৱেম্বৰ মাহৰ শেষৰ ভাগত তিব্বতত এই অনুশীলন চলোৱা হয়৷ প’র্টেলটোৱে প্রকাশ কৰা অনুসৰি তিব্বত সামৰিক অঞ্চলত এই অনুশীলন চলোৱা হয়৷ পিএলএ তথা চীনা সেনাৰ ৱেষ্টার্ন থিয়েটাৰ কমাণ্ডৰ তত্ত্বাৱধানত এই অনুশীলন চলোৱা হয় বুলিও প’র্টেলটোৱে সদৰী কৰিছে৷ উল্লেখনীয় যে চীনৰ পাঁচটা থিয়েটাৰ কমাণ্ডৰ ভিতৰত ভাৰতৰ সৈতে থকা সীমান্তৰ দায়িত্বত আছে ৱেষ্টার্ন থিয়েটাৰ কমাণ্ড৷
লাডাখৰ পৰা অৰুণাচল প্রদেশ পর্যন্ত প্রায় ৩,৫০০ কিলোমিটাৰ সীমান্ত ভাগ হৈছে ভাৰত আৰু চীনৰ মাজত৷ গতিকে তিব্বতত এই যুদ্ধৰ অনুশীলন নতুন দিল্লীৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিছে৷ লক্ষণীয়ভাৱে এই অনুশীলনত অংশগ্রহণ কৰে পিএলএৰ কেইবাহাজাৰো সৈনিকে৷ কাল্পনিক শত্রুৰ বিৰুদ্ধে এই অনুশীলনত ৰকেট আক্রমণ চলায় চীনা বাহিনীয়ে৷ শত্রু শিবিৰ ধ্বংস কৰাৰ বাবে অত্যাধুনিক সামৰিক বাহনৰো অনুশীলন চলোৱা হয়৷ ইয়াৰ উপৰি গেছ মাস্ক আৰু বিশেষ পোছাক পৰিধান কৰি পাৰমাণৱিক তথা ৰাসায়নিক আক্রমণ ব্যর্থ কৰাৰ অনুশীলনো চলায় জোৱানসকলে৷