নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফ্রান্সৰ ৰাষ্ট্রপতি নির্বাচনৰ কট্টৰ সোঁপন্থী প্রার্থী জেমুৰক মঞ্চতে আক্রমণ

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ ফ্রান্সৰ আগন্তুক ৰাষ্ট্রপতি নির্বাচনৰ বাবে আজি প্রথমটো গণ সমাৱেশ সম্বোধন কৰি আক্রমণৰ সন্মুখীন হ’বলগীয়া হৈছে কট্টৰ সোঁপন্থী প্রার্থী এৰিক জেমুৰ৷ ৬৩ বছৰীয়া প্রার্থীগৰাকীয়ে মঞ্চত উঠি জনসাধাৰণক সম্বোধন কৰিবলৈ লোৱাৰ সময়তে এজন লোকে আহি ডিঙিত চেপি ধৰে৷ এই ঘটনাত গুৰুতৰভাৱে আহত জেমুৰক নিৰাপত্তা বাহিনীয়েহে ৰক্ষা কৰিবলগীয়া হয়৷ উল্লেখনীয় যে চিকিৎসকে ৯ দিনৰ বাবে জিৰণি ল’বলৈ পৰামর্শ আগবঢ়াইছে প্রার্থীগৰাকীক৷ প্রাক্তন সাংবাদিক জেমুৰে প্রব্রজনকাৰী আৰু দ্বিতীয় বিশ্বযুদ্ধ সন্দর্ভত সঘনে বিতর্কিত মন্তব্য আগবঢ়াই আহিছে৷ অতি কট্টৰপন্থী জেমুৰে মধ্যপ্রাচ্যৰ পৰা অহা প্রব্রজনকাৰী সন্দর্ভত কঠোৰ মন্তব্য আগবঢ়াই আহিছে৷ হিটলাৰৰ আদর্শৰ অনুগামী বুলিও জেমুৰক বিভিন্ন মহলে অভিহিত কৰিছে৷

You might also like