নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব স্বাস্থ্য সংস্থাৰ নির্দেশনাঃ ৰমজানত ধর্মীয় সমাৱেশৰ পৰা আঁতৰি থাকক

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ বিশ্বজুৰি ক’ৰোনা ভাইৰাছ মহামাৰীৰ সংক্রমণে বিভীষিকাৰ সৃষ্টি কৰাৰ সময়তে বিশ্ব স্বাস্থ্য সংস্থাই আগন্তুক ৰমজান মাহত ইছলামধর্মী লোকসকলৰ বাবে এলানি নির্দেশনা জাৰি কৰিছে৷ আগন্তুক ২৪ এপ্রিলৰ পৰা আৰম্ভ হ’ব ইছলামধর্মী লোকসকলৰ পৱিত্র মাহ ৰমজান৷ ৰমজান মাহত মুছলমান লোকসকলক ক’ৰোনা মহামাৰীৰ পৰা পৰিত্রাণ পাবলৈ এলানি পদক্ষেপ গ্রহণ কৰাৰ আহ্বান জনাইছে৷ গোলকীয় স্বাস্থ্য সংস্থাটোৱে ইছলামধর্মী লোকসকলক সামাজিক তথা ধর্মীয় সমাৱেশৰ পৰা আঁতৰি থাকিবলৈ নির্দেশ দিছে৷ ক’ৰোনা ভাইৰাছ মহামাৰীৰ সংক্রমণৰ পৰা পৰিত্রাণ পাবলৈ হ’লে সামাজিক দূৰত্ব ৰক্ষা কৰি চলিব লাগিব বুলিও ঘোষণা কৰিছে ৰাষ্ট্রসংঘৰ সংস্থাটোৱে৷ স্মর্তব্য যে মাৰাত্মক ক’ৰোনা ভাইৰাছত বিশ্বজুৰি ২৩ লক্ষাধিক লোক আক্রান্ত হোৱাৰ উপৰি ১ লাখ ৬০ হাজাৰৰো অধিকে প্রাণ হেৰুৱাইছে৷ পবিত্র ৰমজান মাহত ইছলামধর্মী লোকসকলক মছজিদৰ নামাজৰ পৰাও আঁতৰি থাকিবলৈ অনুৰোধ জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই৷

You might also like