নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশত মৌলানাৰ জানাজাত তলাবন্ধ উলংঘন

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীৰ সংক্রমণত প্রতিৰোধ লগোৱাৰ বাবে বাংলাদেশত তলাবন্ধ ঘোষণা কৰা হৈছে যদিও দেশখনৰ বিভিন্ন চহৰত এই তলাবন্ধ উলংঘা কৰিছে কট্টৰ ইছলামপন্থী লোকসকলে৷ যোৱা শুকুৰবাৰে তলাবন্ধ অব্যাহত থকাৰ সময়তে ৰাজপথলৈ ওলাই আহে কেইবাহাজাৰো ইছলামপন্থী লোক৷ দেশখনৰ ব্রাহ্মণবাৰিয়াত সংঘটিত হৈছে এই ঘটনা৷ বাংলাদেশ খিলাফৎ মজলিছৰ ‘নায়েব–এ–আমীৰ’ মৌলানা জুবায়েৰ আহমাদ আনছাৰিৰ জানাজাত অংশগ্রহণ কৰিবলৈ এইদৰে কেইবাহাজাৰো লোক ওলাই অহা ঘটনাক কেন্দ্র কৰি সৃষ্টি হয় তীব্র প্রতিক্রিয়া৷

উল্লেখনীয় যে ব্রাহ্মণবাৰিয়াৰ বাৰটোলা গাঁৱৰ এখন মাদ্রাছাত এনেদৰে মৌলানাগৰাকীৰ শেষকৃত্যত আহি উপস্থিত হয় ইছলামপন্থী লোকস কল৷ মৌলানা জুবায়েৰৰ শেষকৃত্য প্রত্যক্ষ কৰাৰ বাবে আনকি মাদ্রাছাটোৰ মূধচত গৈ ভিৰ কৰিবলৈ লয় উপস্থিত লোকসকলে৷ মৌলানাগৰাকীৰ শেষকৃত্যত উপস্থিত হোৱা লোকসকলে চৰকাৰৰ সামাজিক দূৰত্ব ৰক্ষাৰ নির্দেশ উলংঘা কৰাৰ উপৰি গৰিষ্ঠসংখ্যকেই মাস্ক পৰিধান কৰাৰ পৰাও বিৰত থাকে৷ লক্ষণীয়ভাৱে মৌলানাৰ জানাজাত পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ মোতায়েন কৰা সীমিত সংখ্যক আৰক্ষীয়ে অসহায়ভাৱে হাজাৰ হাজাৰ লোকৰ এই সমাৱেশ প্রত্যক্ষ কৰিবলগীয়া হয়৷

You might also like