নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধ্বংসী যুদ্ধবিমান নির্মাণ কৰিছে ৰাছিয়াই

নিয়মীয়া বার্তা, ২৭মেঃ মাৰাত্মক ক’ৰোনা ভাইৰাছ মহামাৰী বা ক’ভিড–১৯ৰ সংক্রমণে ৰাছিয়াত ভয়াৱহ ৰূপ ধাৰণ কৰিছে যদিও দেশখনে ইয়াৰ অস্ত্র নির্মাণ কার্যসূচী অব্যাহত ৰাখিছে৷ শেহতীয়াকৈ পৰমাণু অস্ত্র পৰিবাহী অত্যাধুনিক বোমাৰু বিমান নির্মাণ কার্যসূচী হাতত লৈছে ৰাছিয়াই৷ দ্রুতবেগী এই কৌশলপূর্ণ শত্রুৰ চকুত ধূলি দিব পৰা যুদ্ধবিমান ৰাছিয়াই নির্মাণ কৰি আছে পার্ছপেক্টিভ এভিয়েচন কমপ্লেক্স ফৰ লং ৰেঞ্জ এভিয়েছন (পিএকে ডিএ) কার্যসূচীৰ অধীনত৷ উল্লেখনীয় যে ছুখয় এছইউ–৫৭ ছুপাৰছ’নিক যুদ্ধবিমানৰ পাছত এয়া হ’ব ৰাছিয়াৰ বাবে অত্যাধুনিক যুদ্ধবিমান৷ এই বিমান ব্যৱহাৰ কৰা হ’ব ৰাছিয়াৰ টিইউ–২২, টিইউ–৯৫ আৰু টিইউ–১৬০ যুদ্ধবিমানৰ স্থানত৷ লক্ষণীয়ভাৱে অতি জটিল পৰিস্থিতিৰ মাজতো ৰাছিয়াই ইয়াৰ সামৰিক আধুনিকীকৰণৰ বিষয়টোক বিশেষ গুৰুত্ব প্রদান কৰি আহিছে৷ শত্রুৰ চকুত ধূলি দিব পৰা এই যুদ্ধবিমান মুহূর্তৰ ভিতৰতে দ্রুত গতিৰে পৰমাণু অস্ত্র লক্ষ্য স্থানত নিক্ষেপ কৰি উভতি আহিবলৈ সক্ষম হ’ব বুলি ৰুছ সংবাদ সংস্থা ‘টাছ’এ এক প্রতিবেদনত প্রকাশ কৰিছে৷ দেশখনৰ সামৰিক উদ্যোগৰ এক জ্যেষ্ঠ বিষয়াৰ বক্তব্যৰ উদ্ধৃতি দি টাছে উল্লেখ কৰা অনুসৰি অত্যাধুনিক এই যুদ্ধ বিমানৰ নির্মাণ দুটা বছৰৰ ভিতৰতে সম্পূর্ণ কৰিব ৰাছিয়াই৷

You might also like