নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বত ক’ভিডত প্রাণ হেৰুওৱা লোকৰ সংখ্যাই অতিক্রম কৰিলে ২৫ লাখ

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ বিশ্বজুৰি ক’ভিড–১৯ত প্রাণ হেৰুওৱা লোকৰ সংখ্যাই ২৫ লাখ অতিক্রম কৰিছে৷ জনছ হ’পকিনছ বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ ছিষ্টেমছ ছায়েঞ্চ এণ্ড ইঞ্জিনীয়াৰিঙৰ তৰফৰ পৰা আজি সদৰী কৰা হৈছে এই তথ্য৷ সংবাদ সংস্থা ঝিনহুৱাৰ প্রতিবেদন অনুসৰি আমেৰিকাৰ স্থানীয় সময় অনুসৰি ১২.২৪ বজাত বিশ্বত ক’ভিড–১৯ মহামাৰীত প্রাণ হেৰুওৱা লোকৰ সংখ্যা হৈছে ২৫,০১,৬২৬জন৷ আমেৰিকাত এই মহামাৰীত প্রাণ হেৰুৱাইছে ৫,০৬,৫০০ লোকে৷ আমেৰিকাৰ পিছতে ব্রাজিলত প্রাণ হেৰুৱাইছে ২,৪৯,৯৫৭গৰাকীয়ে৷

লক্ষণীয়ভাৱে এই তালিকাত ভাৰতক অতিক্রম কৰি তৃতীয় স্থানত উপনীত হৈছে মেক্সিকো৷ মেক্সিকোত ক’ভিড–১৯ত এতিয়ালৈকে প্রাণ হেৰুৱাইছে ১,৮২,৮১৫গৰাকী লোকে৷ ৮০ হাজাৰতকৈ অধিক লোকে প্রাণ হেৰুওৱা দেশকেইখনৰ ভিতৰত আছে ভাৰত, ব্রিটেইন, ইটালী, ফ্রান্স আৰু ৰাছিয়া৷ যোৱা ২৮ ছেপ্ঢেম্বৰত বিশ্বত ক’ভিড–১৯ত প্রাণ হেৰুওৱা লোকৰ সংখ্যাই ১০ লাখ অতিক্রম কৰিছিল৷ ১৫ জানুৱাৰীত এই সংখ্যা দুগুণলৈ বৃদ্ধি হয়৷ ১৫ জানুৱাৰীৰ পৰা ফেব্রুৱাৰীৰ ২৬ তাৰিখলৈকে ৫ লক্ষাধিক লোকে প্রাণ হেৰুৱাইছে৷ অর্থাৎ বিশ্বৰ বিভিন্ন দেশত ক’ভিড মহামাৰীৰ সংহাৰ এতিয়াও অপৰিৱর্তিত অৱস্থাতে আছে৷ অৱশ্যে কেইখনমান দেশত পূর্বৰ তুলনাত সংক্রমণৰ হাৰ হ্রাস পাইছে৷

You might also like